গুৱাহাটীঃ সকলো জল্পনা-কল্পনা অন্ত পেলাই অৱশেষত কংগ্ৰেছ দলে ঘোষণা কৰিলে সন্মানীয় গুৱাহাটীৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম। সেই অনুসৰি কংগ্ৰেছ দলৰ গুৱাহাটীৰ লোকসভাৰ সমষ্টিৰ প্ৰাৰ্থী হ’ব ববিতা শৰ্মা। ববিতা শৰ্মা নাম ঘোষণা কৰাৰ লগে লগে অধিক আকৰ্ষিত হৈ পৰিছে গুৱাহাটীৰ লোকসভাৰ সমষ্টিটোৰ যুঁজখন। ইতিমধ্যে বিজেপিয়ে এই সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কুইন ওজাক। ফলত এতিয়া গুৱাহাটীৰ লোকসভাৰ সমষ্টিৰ দুয়োটা দলৰ প্ৰাৰ্থী হ’ব মহিলা।

আনহাতে গুৱাহাটীৰ লোকসভাৰ সমষ্টিত এইবাৰ নিৰ্দলীয়া প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দুগৰাকীকৈ জ্যেষ্ঠ অধিবক্তাই। এগৰাকীৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ মুখ্য আহ্বায়ক উপমণ্যু হাজৰিকা আৰু অন্যগৰাকীৰ হৈছে উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা চলচ্চিত্ৰ পৰিচালক জোনমণি দেৱী খাউণ্ড। 

গুৱাহাটী সমষ্টিত এইবাৰ যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব সেই সকলৰ কোনো এগৰাকী প্ৰাৰ্থীয়ে পূৰ্বতে সংসদীয় নিৰ্বাচনত অৱৰ্তীণ হোৱা নাই। আনহাতে বিজেপি প্ৰাৰ্থী কুইন ওজা পূৰ্বতে গুৱাহাটী পৌৰনিগমৰ মেয়ৰ আছিল যদিও বাকীসকল প্ৰাৰ্থী ৰাজনৈতিক পথাৰখনত সম্পূৰ্ণ নতুন।

ঠিক একেদৰে কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীদুগৰাকী সমষ্টিবাসী ৰাইজৰ মাজত যিমান জনপ্ৰিয়, তাৰ তুলনাত কোনো প্ৰকাৰে কম নহয় নিৰ্দলীয়া প্ৰাৰ্থী দুগৰাকীও।