কোকৰাঝাৰঃ চাহ শ্ৰমিকৰ নুন্যতম মজুৰি ৩৫০ টকা ধাৰ্য কৰাৰ দাবীত মঙলবাৰে কোকৰাঝাৰত কেইবাশতাধিক চাহ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ অখিল ভাৰতীয় চাহ মজদুৰ সংঘ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু সদৌ অসম আদিৱাসী মহিলা সমিতিয়ে কোকৰাঝাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷

বৃহৎ বিশাল সমদল উলিয়াই কোকৰাঝাৰৰ আকাশ-বতাহ কপাই তোলে সংগঠন তিনিটাই৷ কোকৰাঝাৰ চহৰৰ শিশু উদ্যানৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ ফেষ্টুন, প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে কোকৰাঝাৰ সদৰ চহৰৰ মুখ্য পথ উত্তাল কৰি তোলে।

প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি আছাৰ সভাপতি ষ্টিফেন লাক্ৰাই চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি মন্ত্ৰী পল্লৱ লোচন দাসক সৰ্বকালৰ ব্যৰ্থ মন্ত্ৰী বুলি অভিহিত কৰি বিজেপিৰ প্ৰতিশ্ৰুতি ভূৱা বুলিও মত পোষণ কৰে। চাহ শ্ৰমিকসকলে কাৰো পৰা অনুকম্পা বিচৰা নাই বৰং শ্ৰমৰ বিনিময়ত প্ৰাপ্য মজুৰি হে দাবী কৰিছে বুলি উল্লেখ কৰি লাক্ৰাই বৰ্তমানৰ ১৩৭ টকা মজুৰিৰ সলনি চাহ শ্ৰমিকৰ মজুৰি নুন্যতম ৩৫০ টকা ধাৰ্য কৰিবলৈ দাবী জনায়। আনহাতে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে৷