বৰপেটাঃ মানৱ সম্পদ গঢ়াৰ খনিকৰ বুলি কোৱা শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰিলে শিক্ষকৰ বিৰুদ্ধে৷ একাংশ শিক্ষকে শিক্ষাদানৰ পৰিবৰ্তে ক্ষমতাক লৈ ব্যস্ত হৈ পৰাৰ সময়তে গৌৰৱোজ্বল ৭৫ বছৰ অতিক্ৰম কৰা পূব বৰপেটাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ বিৰুদ্ধে শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

বিদ্যালয়খনৰ গৰিমাত কালিমা সনাৰ চলােৱাৰ অভিযোগ উত্থাপন হৈছে৷ বিদ্যালয়খনৰ দুই শিক্ষকৰ ব্যক্তিগত কাজিয়াৰ ফলস্বৰূপে কুফল ভূগিব লগা হৈছে স্থানীয় ৰাইজ, ছাত্ৰ ছাত্ৰীসকল। শিক্ষকে প্ৰতিবাদ কৰাৰ ফলত ৰাইজ উদ্বিগ্ন হৈ পৰাৰ লগতে দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উচ্চতৰ মাধ্যমিকৰ ইংৰাজী বিষয়ৰ শিক্ষক আৰু পদাৰ্থ বিজ্ঞানৰ শিক্ষকৰ মাজত কিছুদিন পূৰ্বে বিদ্যালয়খনৰ অধ্যক্ষৰ কোঠাত মাৰপিট সংঘটিত হৈছিল।

উক্ত বিষয়ক লৈ বিদ্যালয়খনৰ অধ্যক্ষ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, আৰু ইংৰাজী বিষয়ৰ শিক্ষক গুণজিৎ তালুকদাৰৰ বিৰুদ্ধে বৰপেটা সদৰ আৰক্ষী থানাত ২০৭৬/১৭ গোচৰ ৰুজু কৰিছিল যদিও গোচৰ সন্দৰ্ভত আজিলৈকে কোনো ধৰণৰ তদন্ত নোহোৱাৰ অভিযোগ উত্থাপন কৰি মঙলবাৰে বিদ্যালয়ৰ গেটৰ সন্মুখত আমৰণ অনশনত বহিল শিক্ষকে। বিষয় শিক্ষকজনে জিলা প্ৰশাসন, বৰপেটা সদৰ আৰক্ষীৰ বিৰুদ্ধে নিৰ্লিপ্ত ভুমিকাৰ অভিযোগ তুলি পুৱা প্ৰায় ১০ বজাৰ পৰা বহিল অনশনত।

প্ৰথমে বৰপেটা সদৰ আৰক্ষীৰ উপ পৰিদৰ্শক হাছিম আহমেদে এটি আৰক্ষীৰ দল লৈ প্ৰতিবাদ ভংগ কৰাৰ বাবে আহ্বান জনাই বিফল হোৱাৰ পিছত পুনৰ বৰপেটা সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনয় কলিতাই প্ৰতিবাদস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লৈ অনশনত বহা শিক্ষকজনক পুনৰ অনশন ভংগ কৰিবলৈ আহ্বান জনোৱাত পিছত অনশন ভংগ কৰে আৰু আৰক্ষীয়ে তেওঁক বৰপেটা সদৰ আৰক্ষী থানালৈ লৈ যায়। ইপিনে যোৱা ২৪ জানুৱাৰীত বৰপেটা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক জে আৰ বৰ্মনে শিক্ষক দীপক বসাকলৈ সতৰ্কতামূলক, সাৱধানমূলক আৱেদন প্ৰেৰণ কৰে।

শিক্ষক বসাকে বিভিন্ন ধৰণৰ অশোভনীয় কাৰ্যৰে বিদ্যালয়খনৰ ভিতৰতচৰাত অসুবিধা সৃষ্টি কৰি শৈক্ষিক পৰিৱেশ বজাই ৰখাত জটিলতা সৃষ্টি কৰিছে। পত্ৰ খনত উল্লেখ থকা মতে তেওঁ বিদ্যালয়খনৰ অনুশাসন মানি নচলাৰ লগতে শৈক্ষিক পৰিৱেশ বজাই ৰখাত কোনো ধৰণৰ সহযোগীতা দেখুওৱা নাই। উক্ত আৱেদনেও শিক্ষক বসাকক হতাশাত ভোগাইছে।

এই প্ৰতিবেদকৰ আগত তেওঁ কয় যে সেয়া পক্ষপাতিত্বমূলক পদক্ষেপ। উচিত তদন্তৰ অবিহনে তেনে পদক্ষেপ লোৱা কাৰ্যক তেওঁ মানি লবলৈ ইচ্ছাবোধ নকৰে। ছাত্ৰ-ছাত্ৰীক উপযুক্ত শিক্ষাৰ দি সু-নাগৰিক হিচাপে গঢ়ি তোলাত এইসকল শিক্ষক ছাত্ৰ ছাত্ৰীৰ প্ৰতি কিমান দ্বায়বদ্ধ? এই প্ৰশ্ন উত্থাপন কৰি বিদ্যালয়খনৰ শিক্ষকৰ তেনে ধৰণৰ কৰ্মই ছাত্ৰ-ছাত্ৰীৰ মাজতো ব্যাপক চৰ্চা লাভ কৰিছে।  বিদ্যালয় পৰিচালনা সমিতি, অধ্যক্ষৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ বিদ্যালয়খনৰ কেইগৰাকীমান শিক্ষকে যি মন যায় তাকে কৰিছে বুলি অভিযোগ উঠিছে।