newsnextone.com | চতিয়াঃ শিক্ষাই যিমানে অনগ্ৰসৰতাক পিছ পেলাই আধুনিকতাৰ সতে খোজ মিলাবলৈ মানুহক সক্ষম কৰি তুলিছে, সিমানে যেন বৃদ্ধিও পাইছে অসামাজিক কাৰ্যকলাপ৷ হত্যা-ধৰ্ষণ-লুন্ঠন আদি ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনামা দখল কৰি আহিছে৷ তদুপৰি মদ-ভাং আদি নিচাযুক্ত মাদক দ্ৰব্যইও মানুহক লাহে লাহে বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈছে৷

গাঁৱে ভূঞে আজিকালি সহজলক্ষ্য হৈ পৰা নিচাযুক্ত সামগ্ৰীৰ অবাধ বেহাই যুৱ প্ৰজন্মৰ মনৰ পৰা কৰ্মস্পৃহা নহোৱা কৰি অসামজিক কাৰ্যত লিপ্ত হ’বলৈ উদগনি জগাইছে৷ যাৰ ফলত দিনৰ দিনটো মদ-ভাঙৰ নিচাত ডুবি থাকি যুৱ প্ৰজন্মৰ বহু যুৱকে নিজকে বিপথে পৰিচালিত কৰিছে৷

ইফালে গ্ৰামাঞ্চল সমূহত দেখা দিয়া এটা নতুন ৰোগ হৈছে তীৰ খেল৷ সহজতে ধনী হোৱাৰ উপায় অৱলম্বন দেখুৱাই ৰাজ্যৰ বিভিন্ন অঞ্চলত তীৰ খেলে বৃহৎ বজাৰ অধিকাৰ কৰা পৰিলক্ষিত হৈছে৷ যুৱ প্ৰজন্মৰ লগতে গৃহিনী, বৃদ্ধ, কিশোৰ সকলোকে এই খেলৰ প্ৰতি আকৃষ্ট কৰি একাংশই তীৰ খেলৰ ৰমৰমীয়া বেহা চলাই নিয়া দেখিবলৈ পোৱা গৈছে৷ ইফালে তীৰ খেলত মাটি-ভেটি পৰ্যন্ত উচন কৰি সৰ্বশ্ৰান্ত হৈছে সাধাৰণ লোক সকল৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চতিয়াৰো প্ৰান্তে প্ৰান্তে তীৰ খেলৰ অবাধ ৰমৰমীয়া বেহা গঢ় লৈ উঠা পৰিলক্ষিত হৈছে৷ যাৰ ফলত অঞ্চলটোৰ পৰিৱেশ দূষিত হৈ পৰাৰ লগতে যুৱ প্ৰজন্ম বিপথে পৰিচালিত হোৱা দেখিবলৈ পোৱা গৈছে৷ মূলত মহানগৰীৰ খানাপাৰাৰা পৰা নিয়ন্ত্ৰিত এই তীৰ খেল চতিয়াত জনৈক সেন উপাধিৰ এজন লোকে চলাই আছে বুলি ৰাইজে অভিোগ উত্থাপন কৰিছে৷

এই সমাজ ধ্বসংকাৰী তীৰখেল সমূহ বন্ধ কৰি এক সুস্থ আৰু সুশৃংখল পৰিৱেশ গঢ় দিবলৈ চতিয়াবাসী ৰাইজে প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷