file photo
file photo

newsnextone.com | মৰিয়নীঃ পুনৰ উত্তজনাই বিৰাজ কৰিছে অসম-নাগালেণ্ড সীমান্তত। নাগালেণ্ডত অসমৰ শ্ৰমিকক আবদ্ধ কৰি প্ৰহাৰ কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।

জানিব পাৰ মতে, অসমৰ সীমান্তৱৰ্তী নাগালেণ্ডৰ চাৰিংবস্তিত অসমৰ শ্ৰমিকে চিঞৰ-বাখৰ কৰাৰ মিছা অভিযোগত নগা দুৰ্বৃত্তই প্ৰহাৰ কৰি আবদ্ধ কৰে। নাগালেণ্ডত কৰ্মৰত অসমৰ শ্ৰমিকক আবদ্ধ কৰি নগা দুৰ্বৃত্তৰ প্ৰহাৰ কৰাৰ এই ঘটনাৰ কথা প্ৰচাৰ হোৱাৰ পিছতে সীমান্তই উত্তেজনাই বিৰাজ কৰে।

নগালেণ্ডৰ চাৰিং বস্তিত কাম কৰি উভতি অহা শ্ৰমিকক বন্দুক দেখুৱাই প্ৰহাৰ কৰে। দুৰ্বৃত্তৰ আক্ৰমণত গুৰতৰভাবে আহত হয় অসমৰ শ্ৰমিক কৰণ নায়ক, বচন কৰ্মকাৰ, নোমল নায়ক, শিবু ভূমিজ নামৰ শ্ৰমিককেইজন। শ্ৰমিককেইজনৰ ঘৰ যোৰহাট জিলাৰ মৰিয়নীৰ নাগিনীজান চাহ বাগিচাত। সম্প্ৰতি নগাৰ কৱলৰ পৰা কোনোমতে পলাই আহি দেবেৰাপৰা আৰক্ষী চকীত উপস্থিত হয় আহত শ্ৰমিককেইজন।

দেবেৰাপৰা আঞ্চলিক চাহ জনজাতি ছাত্ৰ সন্থাৰ সহযোগত যুৱক কেইজনে দেবেৰাপাৰ আৰক্ষী চকীত উপস্থিত হয় আৰু এজাহাৰ দাখিল কৰে৷ দেবেৰাপাৰ আৰক্ষীয়ে আহত শ্ৰমিককেইজনক চিকিৎসাৰ ব্যৱস্থা কৰে।