মিউনিখঃ বিশ্বৰ কোনো এটা চুকত আইছিছৰ সন্ত্ৰাসবাদী ঘাটিৰ কম্পিউটাৰ স্ক্ৰীণৰপৰাই সৃষ্টি হ’ব পাৰে মহামাৰীৰ বীজ। জেনেটিক ইঞ্জিনিয়াৰিঙৰ যোগেদি নিৰ্মিত সংশ্লেষিত ভাইৰাছৰ সংস্কৰণে সন্ত্ৰাস কঢ়িয়াব পাৰে বিশ্ববাসীলৈ।

এনেকুৱাই এক অপ্ৰত্যাশিত সন্ত্ৰাসে জোকাৰি যাব পাৰে বিশ্ববাসীক। দুৰাৰোগ্য এই ভাইৰাছে এবছৰৰ ভিতৰতে প্ৰাণ কাঢ়িব ৩ কোটি লোকৰ। কিন্তু ঘুণাক্ষৰেও কোনোৱে গম নাপাব যে সেয়া এক পৰিকল্পিত হত্যাকাণ্ড। আনকি সেয়া মোকাবিলা কৰাৰ বাবে কোনোধৰণৰ প্ৰস্তুতি নাই কোনো এখন দেশৰে। শনিবাৰে মিউনিখ সুৰক্ষা সন্মিলনত এই আশংকা ব্যক্ত কৰিছে মাইক্ৰ’চফট কৰ্প’ৰেশ্যনৰ সহপ্ৰতিষ্ঠাতা বিল গেটচে। 

বিগত দুটা দশকজুৰি বিশ্বব্যাপি স্বাস্থ্য ব্যৱস্থাৰ উন্নতি সাধনৰ কামত লাগি থকা মাইক্ৰছফটৰ অভিজ্ঞতা ব্যক্ত কৰি গেটচে কয় যে স্বাস্থ্য নিৰাপত্তা আৰু বিশ্বৰ সুৰক্ষাৰ মাজত থকা যোগসূত্ৰ আমি উলাই কৰি আহিছো। এই আওকণীয়া দৃষ্টিভংগীৰে সুযোগ লৈ যিকোনো মুহূৰ্ততে মহামাৰী বিয়পোৱাৰ বাবে খাপ পিটি ৰৈ আছে আইছিছৰ দৰে সন্ত্ৰাসবাদী সংগঠন। 

জেনেটিক ইঞ্জিনিয়াৰিঙৰ সহায়ত নিৰ্মিত সংশ্লেষিত ভাইৰাছে কম্পিউটাৰৰ যোগেদি এটামাত্ৰ ক্লিকতে সমগ্ৰ বিশ্বতে বিয়পাব পাৰে জৈৱ-সন্ত্ৰাস। পোনপটীয়াকৈ ইছলাম ধৰ্মালম্বী দেশসমুহে হাত উজান দিয়া এই ভয়াবহ পৰিকল্পনা চিৰিয়া আৰু ইৰাকত চলি থকা বুলিও গেটচে মন্তব্য কৰে। বিগত ৫ বছৰত আণবিক জৈৱবিজ্ঞানৰ ক্ষেত্ৰখনত হোৱা অভূতপূৰ্ব পৰিৱৰ্তনৰ বাবে এনে হোৱাৰ বাবে বাট সুচল হৈ পৰিছে বুলিও গেটচে কয়।