ডিজিটেল ডেস্কঃ পুনৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ বলি হ’ল লণ্ডন৷ এইবাৰ মুছলমান সম্প্ৰদায় লোক অধ্যূষিত এলেকা বাচি ল’লে সন্ত্ৰাসবাদীয়ে। সোমবাৰে মাজৰাতি সন্ত্ৰাসবাদীৰ আক্ৰমণে কঁপালে চহৰখনৰ উত্তৰ অংশ৷

এটা মছজিদৰ ওচৰত সন্ত্ৰাসবাদীয়ে গাড়ীৰে পদচাৰীক মহতিয়াই নিয়ে সন্ত্ৰাসবাদীয়ে৷ পথেৰে গৈ থকা পথচাৰীক গাড়ীৰে মহতিয়াই থৈ যোৱাৰ ফলত ১৮ জনৰো অধিক লোক আহত হয়৷ উক্ত ঘটনাত মৃত্যু হৈ এজন ব্যক্তিৰ৷ চহৰখনৰ চেভেন চিষ্টাৰ্ছ পথত সংঘটিত হয় এই ঘটনা৷ আক্ৰমণৰ লগত জড়িত এগৰাকী ব্যাক্তিক আটক কৰা হৈছে৷

আটক হোৱা লোকজন গাড়ীখনৰ চালক আছিল বুলি আৰক্ষীৰ দাবী। তদুপৰি ব্যাক্তিগৰাকীয়েনৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ বলি হ’ল লণ্ডন আক্ৰমণৰ পুৰ্বে সকলো মুছলিমক হত্যা কৰিম বুলি আস্ফালন কৰিছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰিছ৷ ।

উল্লেখযোগ্য যে উক্ত অঞ্চলত বহুকেইটা মছজিদ অৱস্থিত৷ তদুপৰি ৰমজান মাহ চলি থকাৰ বাবে উক্ত অঞ্চলত বেছি ভিৰ পৰিলক্ষিত হৈছিল৷ উল্লেখযোগ্য যে লণ্ডনত বৃদ্ধি হৈছে সন্ত্ৰাসবাদীৰ আক্ৰমণ৷ তদুপৰি ৰমজান মাহৰ আগে আগে পশ্চিমীয়া দেশসমুহ তেজেৰে ৰাঙলী কৰিব বুলি ভাবুকি দিছিল আইছিছে৷৷