ডিজিটেল ডেস্কঃ জেৰুজালেমত আৰক্ষীৰ ওপৰত আক্ৰমণ আততায়ীৰ৷চহৰখনৰ ধৰ্মীয় স্থানত শুকুৰবাৰে আৰক্ষীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে আততায়ীয়ে৷ পুৱা প্ৰায় ৭বজাত সংঘটিত হয়এই ঘটনা৷

এই আক্ৰমণত কেইবাজনো সাধৰণ লোক আহত হোৱা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ আনহাতে এই আক্ৰমণৰ উচিত প্ৰতুত্যৰ দিয়ে আৰক্ষীয়ে৷  সুৰক্ষা বাহিনীক প্ৰতুত্যৰত  নিহত হয় ৩আততায়ী৷

অৱেশ্যে এই সংঘৰ্ষত প্ৰাণ দিবলগীয়া হয় ২জন সুৰক্ষা কৰ্মী৷ সমগ্ৰ অঞ্চলত নিশ্চিদ্ৰ কৰা হৈছে নিৰাপত্তা৷

তদুপৰি উক্ত অঞ্চলটোত থকা মছজিদটোও আজিৰ বাবে বন্ধ কৰি দিয়া হৈছে যাৰ বাবে ইছলামধৰ্মী লোকসকল শুকুৰবাৰৰ নামাজৰ পৰা বঞ্চিত হয়৷