তেজপুৰঃ তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাসে বৃহস্পতিবাৰে তেজপুৰৰ তিনিখন ঐতিহ্যমণ্ডিত থানত সেৱা লৈ নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ কৰে৷ এই কাৰ্যসূচীত সহযোগ কৰে প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজেন বৰঠাকুৰ আৰু গাভৰু মণ্ডলৰ সভাপতি প্ৰমোদ বৰঠাকুৰৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ বিজেপি কাৰ্যকৰ্তাই।

দিনৰ ১ বজাত খোলাকটি বুঢ়া ডাঙৰীয়া থান, বিয়লি ২ বজাত নলেশ্বৰ থান বেচেৰীয়া আৰু ৩ বজাত গটংগাস্থিত কেন্দুগুৰি বুঢ়াডাঙৰীয়া থানত প্ৰাৰ্থীজন উপস্থিত থাকে৷