তেজপুৰঃ হিমন্ত বিশ্ব শৰ্মা বিজেপিত কোনো ফেক্টৰ নহয়। ২০১৪ চনৰ লোকসভা নিৰ্বাচন বিজেপিত হিমন্ত বিশ্ব শৰ্মা নাছিল, তেতিয়াই বিজেপিয়ে ৭খন আসনত জয়ী হৈছিল।

এই মন্তব্য কৰিছে তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই। মঙলবাৰে তেজপুৰত সাংবাদিকৰে হোৱা কথা-বতৰাত ৰাম প্ৰসাদ শৰ্মাই মন্ত্ৰী শৰ্মাক চানক্যৰ লগত তুলনা কৰি কয় যে হিমন্ত বিশ্ব যেতিয়া কংগ্ৰেছৰ আছিল তেতিয়া আমি বিজেপিক দোপতদোপে আগবঢ়াই নিছিলোঁ। তেতিয়াও বিজেপিয়ে যথেষ্ট আসন লাভ কৰিছিল।