তেজপুৰঃ মোক সকলোৱে ভাল পায়। মোৰ লগত মিডিয়াৰ ভাল। মোৰ পদত্যাগৰ বাতৰি দেশৰ সকলো সংবাদ মাধ্যমত প্ৰচাৰ হৈছে মোক সকলোৱে ভাল পায়। এই মন্তব্য তেজপুৰৰ সাংসদ আৰ পি শৰ্মাৰ।

সাংবাদিকৰে হোবা কথা বতৰাত সাংসদজনে লগতে কয় যে মই সকলোৰে সৈতে মিলি থাকোঁ, হাঁহি-ফূৰ্তি কৰোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মাই মোক অন্যায় কৰিলে। তেওঁ ভাবিলে আৰ পি শৰ্মা কুকুৰ পোৱালিক এক লাঠ মাৰি উৰুৱাই দিব কিন্তু আৰ পি শৰ্মা উৰি যোৱা মানুহ নহয়। মোক সোধা হ’লে মই স্বইচ্ছাই বাট এৰি দিলোঁহেতেন। কিন্ত ছিটিং এমপি এজনৰ নাম নোযোৱাটো 'সংবিধান’তো নাই। 

হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, ৰণজিৎ কুমাৰ দাসে সংবিধান পঢ়া নাই নেকি! কি দল চলাইছে তেওঁলোকে? এই বুলি প্ৰশ্নৰ অৱতাৰণ কৰি অগপ দলকো সমলোচনা কৰি তেওঁ কয় যে ৮৫৫ শ্বহীদ, হাজাৰজন পংগু আৰু অত্যাচাৰৰ লগতে অশেষ ত্যাগৰ বিনিময়ত জন্ম হোৱা অগপ দলটো ক্ষমতাৰ বাবেই তিনিবাৰ ভাগ হ’ল। ৰাইজে এই দলক বিশ্বাস নকৰে।

অগপৰ লগত এতিয়া ৰাইজ নাই।বৰ্তমান অগপ দলতোটো নাইয়েই, অগপ দলৰ শিপাও নাই। জনতা যিহেতু লগত নাই, শিপা ক’ত থাকিব! ৰাইজৰ মতামত নোলোৱাকৈ কাম কৰিলেতো পতন হ’বই বুলি সাংসদ ৰাম প্ৰসাদ শৰ্মাই মন্তব্য কৰে।