newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ থাইলেণ্ডত বাঢ়নী পানীৰ পৰিপূৰ্ণ এটা গুহাত ১৫ দিন ধৰি আবদ্ধ ১২ কিশোৰ আৰু তেওঁলোকৰ ফুটবল প্ৰশিক্ষকক উদ্ধাৰৰ অভিযানত উদ্ধাৰকাৰীয়ে ৪ জন সদস্যক গুহাৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয়৷

অভিযানৰ নেতৃত্বই কয় যে আশা কৰাতকৈ অভিযান কাৰ্যসূচী অধিক ফলপ্ৰসূতাৰে চলি আছে৷ ১১ বছৰীয়াৰ পৰা ১৬ বছৰৰ ভিতৰৰ ফুটবল খেলুৱৈ আৰু তেওঁলোকৰ প্ৰশিক্ষকক পানীৰ মাজৰে উদ্ধাৰকাৰীৰ দলে গুহাৰ বাহিৰলৈ উলিয়াই অনাৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে৷

অভিযানত অন্তৰ্ভূক্ত থাইলেণ্ডৰ নৌসেনা বাহিনীৰ এগৰাকী বিষয়াই তেওঁৰ ফেচবুক পেজত কয় যে, আবদ্ধ ফুটবল দলটোৰ ৪ গৰাকী সদস্যক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে৷ চিয়াং ৰায়ৰ কাৰ্যবাহী ৰাজ্যপাল আৰু অভিযানৰ নেতৃত্ব প্ৰদান কৰা নাৰোংগচাক ওচাটাকোৰ্ণে কয় যে উদ্ধাৰৰ পিছত ৪ কিশোৰক চিকিৎসালয় ভৰ্তি কৰা হৈছে৷ আনহাতে, সংবাদ প্ৰতিষ্ঠান এএনআইৰ বাতৰি মতে উদ্ধাৰকাৰীৰ দলে ৬ সদস্যক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছে৷

সেনাৰ মেজৰ জেনেৰেল চালোংগচায় চায়কমে কয় যে গুহাত আবদ্ধ মুঠ ১৩ গৰাকী ফুটবলাৰক উদ্ধাৰ পৰা আৰু ২ৰ পৰা ৪ দিন সময় লাগিব পাৰে৷ বতৰ ভাল হ’লে আৰু গুহাৰ ভিতৰৰ পানী সোনকালে শুকুৱালে কম সময়ৰ ভিতৰত আটাইকেইজন সদস্যক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে থাই প্ৰশাসনে৷