newsnextone.com | ডিজিটেল ডেস্কঃ থাইলেণ্ডত প্ৰায় ২ সপ্তাহ ধৰি গুহাৰ ভিতৰত আবদ্ধ হৈ থকা ফুটবল দলটোক উদ্ধাৰৰ চেষ্টা দ্ৰতু হৈ পৰা পৰিলক্ষিত হৈছে৷ থাই প্ৰশাসনিক বিষয়াই ৰবিবাৰে সংবাদ মাধ্যমক গুহাৰ সমীপত স্থাপিত শিৱিৰৰ ঠাই খালী কৰি দিয়াৰ বাবে আহ্বান জনায়৷ 

প্ৰশাসনিক বিষয়াই সংবাদ কৰ্মীসকলক ভুক্তভোগীসকলৰ সুবিধাৰ্থে ঠাইটুকুৰা খালী কৰিবলৈ কয়৷ আনহাতে থাই প্ৰশাসনৰ এই সিদ্ধান্তৰ পিছতে আবদ্ধ ফুটবল দলটোক উদ্ধাৰৰ বাবে প্ৰশাসনৰ সেয়া অন্তিম প্ৰয়াস বুলি অনুমান কৰা হৈছে৷ 

উল্লেখ্য যে, ‘ৱাইল্ড বোৰ্স’ নামৰ ফেুটবল টীমৰ প্ৰশিক্ষক সহ ১৩ গৰাকী সদস্যই ২৩ জুনত গুহাৰ ভিতৰলৈ যোৱাৰ পৰা ধাৰাসাৰ বৰষুণ আৰু বতৰ পৰিবৰ্তনৰ বাবে আবদ্ধ হৈ পৰে৷

এই দুৰ্ভাগ্যজনক ঘটনাৰ পিছত থাইলেণ্ডৰ লগতে সমগ্ৰ বিশ্বৰ ধ্যান লুৱাং নামৰ গুহাটোত আবদ্ধ হৈ পৰা ফুটবল দলটোৰ ওপৰত নিৱিদ্ধ হয়৷ গুহাৰ বাহিৰৰ এখন পৰ্বতৰ সমতল ভূমিত বিশ্বৰ হাজাৰোধিক সংবাদকৰ্মীয়ে বাতৰি ঘটনাৰ বাতৰি বিলাবলৈ উপস্থিত হয়৷

প্ৰশাসনে দেওবাৰে পুৱা ঘোষণা কৰি কয়, ‘যিসকল লোক অভিযানৰ সৈতে জড়িত নহয়, তেওঁলোকে এই এলেকাৰ পৰা যাতে অতি সোনকালে বাহিৰলৈ ওলাই যায়৷ আমি পৰিস্থিতি অনুধাৱন কৰি আৰু আবদ্ধ লোকসকলৰ সহায়ৰ কথা চিন্তা কৰি এই আহ্বান জনাইছোঁ৷