নগাঁও বৰষুণ লাগে, এজাক দোপালপিটা বৰষুণ, যি জাক বৰষুণে জীপাল কৰিব সেউজীয়াবোৰ৷  বৰষুণৰ পৰশত প্ৰাণ পায় উঠিব বিৰিখৰ কুঁহিপাত মেলা সপোন৷ যি জাক বৰষুণে ধুই নিকা কৰিব ৰুক্ষ সেউজীয়াবোৰ৷ তেনে এজাক বৰষুণৰ অপেক্ষাত ৰৈ আছে এতিয়া ধৰাৰ জীৱকূল৷

বহুদিনেই হ’ল বৰষুণ নিদিয়া৷ প্ৰখৰ ৰ’দৰ উত্তাপত ব্যাহত হৈ পৰিছে মানুহৰ স্বাভাৱিক জীৱন-যাত্ৰা৷ দিনে দিনে বাঢ়ি অহা উষ্ণতা তথা বৃষ্টিহীন শুকান পৰিৱেশে বিপৰ্যস্ত কৰি তুলিছে জনজীৱন৷ এতিয়া সকলোকে এজাক বৰষুণ লাগে৷ মুষলধাৰে নামি অহা বৰষুণ৷ 

দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাৰ সৰ্বস্তৰৰ লোকৰ মাজতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বহু আশাৰে বাট চাই থকাৰ পিছতো ধৰালৈ এজাক বৰষুণ নামি নহাত চৌপাশ ধূলিৰে ধূসৰিত হৈ পৰিছে৷ ফলত শিশুৰ পৰা যুৱক-যুৱতী কিম্বা বৃদ্ধ সকলোৰে শৰীৰ নানা প্ৰকাৰৰ বেমাৰ-আজাৰে আগুৰি ধৰাৰ বিপৰীতে বৰষুণৰ অভাবে মানৱ সমাজলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷

তদুপৰি ভূতৰ ওপৰত দানহ পৰাদি গঞাৰাইজৰ পোহনীয়া গৰু, ছাগলী, ম’হ, হাঁহ, মূৰ্গী আদিকো নানান বেমাৰে আক্ৰমণ কৰাত কৃষিজীৱি লোকসকল চৰম দুশ্চিন্তাত পৰিছে৷ এক কথাত এজাক মুষলধাৰ বৰষুণ নোহোৱাৰ বাবেই জীৱকুল যেন দিশহাৰা হৈ পৰিছে৷ ইফালে, কৃষি পথাৰত নতুনকৈ ঘাঁহ-বন গজি নুঠাৰ বিপৰীতে থকাবোৰো বৰষুণৰ অভাৱত শুকাই যাবলৈ ধৰাত পোহনীয়া জীৱ-জন্তুবোৰ একপ্ৰকাৰে তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হ’বলগীয়াত পৰিছে৷

বিগত বৰ্ষতো প্ৰতিকূল বতৰে অধিকাংশ নগঞা জনতাক সুকলমে কৃষি-কৰ্ম সম্পাদন কৰাত বাধা জন্মোৱাৰ পিছত বৰ্তমান সেই কথা মনৰ পৰা আঁতৰাই বড়ো ধানৰ খেতিৰ লগতে বিভিন্ন প্ৰকাৰৰ শাক-পাচলিৰ খেতিত মনোনিবেশ কৰিছে যদিও পৰ্যাপ্ত বৰষুণৰ অভাবে এইবোৰ ঠন ধৰি উঠাত হেঙাৰ হৈ ঠিয় দিছে৷

আনকি বহু উদ্যমী যুৱকে বেংকৰ পৰা কে চি চি বা আন উপায়েৰে বিভিন্ন উৎসৰ পৰা ঋণ লৈ কৰা এই খেতিবোৰ পানীৰ অভাবত নষ্ট হোৱাৰ উপক্ৰম ঘটাত মূৰে কপালে হাত দিছে দৰিদ্ৰ কৃষকসকলে৷ তদুপৰি মৎসজীৱি লোকসকলো বৰষুণৰ প্ৰতীক্ষাত চিন্তাম্বিত হৈ পৰি দবা-পিতা এজাক বৰষুণ অহাৰ বাবে বৰুণ দেৱতাৰ ওচৰত কাতৰে যেন সেৱা জনাইছে ৷ মুঠতে ধৰাক জীপাল কৰি তুলিবলৈ এতিয়া এজাক বৰষুণৰ অতীৱ প্ৰয়োজন৷