ডিজিটেল ডেস্কঃ শুকুৰবাৰৰপৰা ধৰি ১৫০ খনৰো অধিক দেশত ৱান্না ক্ৰাই ৰেনচামৱেৰ ভাইৰাছেৰে চাইবাৰ আক্ৰমণ চলোৱা হেকাৰে এইবাৰ লক্ষ্য কৰি লৈছে নেকি দৈনন্দিন জীৱনৰ অপৰিহাৰ্য এটিএম চিষ্টেম।

আগৰবাৰ কম্পিউটাৰক লক্ষ্য কৰি লোৱা চাইবাৰ আক্ৰমণত ডেৰশৰো অধিক দেশৰ হস্পিতাল, বেংক আদিৰ কম্পিউটাৰ চিষ্টেম হেক কৰি বিকল কৰি পেলোৱাৰ পিছতে এইবাৰ এটিএমক লক্ষ্য কৰি লোৱাৰ অনুমান কৰিছে চাইবাৰ ছিকিউৰিটি এজেন্সীবোৰে।

বেংকিং খণ্ডৰ চাইবাৰ সুৰক্ষা বিভাগবোৰৰ চকুৰ টোপনি হৰণ কৰা এই সাম্ভাৱ্য আক্ৰমণক লৈ বিভিন্ন গুণাগঁথা চলিছে। বেংকিঙৰ সমগ্ৰ ডাটা চিষ্টেমক কেনেদৰে সুৰক্ষিত কৰি ৰাখিবপৰা যাব তাকে লৈ এজেন্সীবোৰে সতৰ্ক হৈ আছে।

উইণ্ড’জ এক্সপিত চলা এটিএমবোৰে সাধাৰণতে এক বিশেষ ফাৰ্মৱেৰ পদ্ধতি অনুসৰণ কৰে। এই পদ্ধতিত কেৱল হোৱাইটলিষ্টিং কৰা সেৱাবোৰহে ব্যৱহৃত হয়। তাৰ বাদে অইন সেৱা তাতে অনুমতি দিয়া নহয় আৰু এই ব্যৱস্থাত খুৱ সীমিত পৰিমাণৰ কাৰ্যকলাপহে কৰিব পৰা যায়।

সেইগতিকে এনে কোনোধৰণৰ ভয় খাবলগীয়া কথা নাই বুলি লুচীডাচ নামৰ আইটি ছিকিউৰিটি মূল্যায়নকাৰী কোম্পানীটোৰ কাৰ্যবাহী বিষয়াজনে কৈছে।