যেতিয়া সকলো উন্নত আধুনিক কৌশল বিফল হৈছিল, তাৰ পিছতে এক অবৈধ কৌশল আৰু কেইগৰাকীমান সাধাৰণ শ্ৰমিকৰ অভিজ্ঞতা আৰু প্ৰচেষ্টাই জীৱন ৰক্ষা কৰে ৪১ জন শ্ৰমিকৰ। উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিল্ক্যাৰা সুৰংগত ১৭ দিন ধৰি আৱদ্ধ হৈ থকা শ্ৰমিক সকলৰ উদ্ধাৰৰ পিছত যিদৰে সমগ্ৰ দেশেই শলাগিছে তেওঁলোকৰ সাহস আৰু ধৈৰ্য্যক, সেইদৰেই এতিয়া চৰ্চিত হৈ পৰিছে এই উদ্ধাৰ অভিযানত নিয়োজিত হৈ থাকি তাক সফল কৰি তোলা প্ৰকৃত নায়কসকলো।

১২ নৱেম্বৰত সংঘটিত হৈছিল সেই ভয়াবহ দুৰ্ঘটনা। যিটো দিনত সমগ্ৰ দেশে উদযাপন কৰিছিল পোহৰৰ উত্সৱ দিপাৱলী, সেই দিনাই উত্তৰকাশীত নিৰ্মীয়মান সুৰংগ খহি ভিতৰত আৱদ্ধ হৈ পৰছিল ৪১ জনকৈ শ্ৰমিক। তাৰ পিছত ১৩ নৱেম্বৰৰ দিনা প্ৰথমবাৰৰ বাবে যোগাযোগ সম্ভৱ হৈছিল শ্ৰমিকসকলৰ সৈতে। সুৰংগৰ ভিতৰত জীৱন-মৃত্যুৰ দুৱাৰদলিত থিয় দি শংকিত হৈ পৰিছিল শ্ৰমিকসকল, আনফালে বাহিৰত তেওঁলোকৰ উদ্ধাৰৰ বাবে পূৰ্ণগতিত চলিছিল অভিযান। সমগ্ৰ দেশৰ লগতে বিদেশৰো সুৰংগ বিশেষজ্ঞ উপস্থিত হৈছিল উত্তৰকাশীত। সকলোৰে উদ্দেশ্য আছিল একেটাই—েনেকৈয়ে নহওক শ্ৰমিকসকলক উদ্ধাৰ কৰা।

অত্যাধুনিক প্ৰযুক্তিৰে উত্তৰকাশীত চলে শ্ৰমিকৰ উদ্ধাৰ অভিযান। আমেৰিকাৰ অগাৰ মেছিনেৰে পাহাৰ খনন কৰি শ্ৰমিকসকলৰ ওচৰ পোৱাৰ প্ৰচেষ্টা চলোৱা হয়। কিন্তু শেষ মুহূৰ্তত সেই অগাৰ মেছিনো বিকল হৈ পৰাত অৱশেষত গ্ৰহণ কৰিবলগীয়া হয় মেঘালয়ৰ কয়লা খনিত ব্যৱহাৰ কৰা আৰু ৰাষ্ট্ৰীয় সেউজ ন্য়ায়াধীকৰণে অবৈধ ঘোষণা কৰা এক কৌশল। সেয়াই আছিল ৰেট হোল মাইনিং।

২৬ নৱেম্বৰত পূৰ্ণ গতিত খনন কাৰ্য চলাই থকা অগাৰ মেছিনটো আকস্মিকভাৱে বিকল হৈ পৰাত অনিচ্ছাসত্বেও বন্ধ কৰিবলগীয়া হৈছিল উদ্ধাৰ অভিযান। সমান্তৰালভাৱে প্ৰশ্ন উত্থাপন হৈছিল ৪১ শ্ৰমিকৰ জীৱন-মৃত্যুক লৈও। কিন্তু আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ বদ্ধপৰিকৰ হৈ থকা উদ্ধাৰকাৰী বাহিনীয়ে থমকি ৰ’ব বিচৰা নাছিল। তাৰ বাবেই ২৭ নৱেম্বৰত ৰেট হোল মাইনিং কৌশল ব্যৱহাৰ কৰি হাতেৰে খনন কাৰ্য পুনৰ আৰম্ভ কৰা হয়।

এই ৰেট হোল মাইনিঙৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ ১২ গৰাকী অভিজ্ঞ লোকক লৈ অনা হয় উত্তৰকাশীলৈ। এতিয়া তেওঁলোকৰ ওপৰতে উদ্ধাৰৰ সমস্ত দায়িত্ব পৰে। পাহাৰৰ ধ্বংসাৱশেষ হাতেৰে চাফা কৰি কৰি লাহে লাহে ৰেট হোল মাইনাৰ্ছসকলে আৱদ্ধ শ্ৰমিকসকলৰ ওচৰ চাপিবলৈ আৰম্ভ কৰে। আৰু তাৰ পিচতে মঙলবাৰে সন্ধিয়া তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হয়। ৰেট হোল মাইনাৰ্ছ সকলে খান্দি মুকলি কৰা সৰু সুৰংগটোৰে ভিতৰত প্ৰৱেশ কৰি এছডিআৰএফৰ অভিজ্ঞ জোৱানে এজন এজনকৈ বাহিৰলৈ উলিয়াই আনে আৱদ্ধ শ্ৰমিকসকলক। আৰু তাৰ পিছতেই স্বস্তিৰ নিশ্বাস এৰে সমগ্ৰ দেশে।

‘তেওঁলোকে মোক সাৱটি ধৰিছিল’

মুন্না কুৰেশ্বী এজন সাধাৰণ ৰেট হোল মাইনাৰ্ছ। মঙলবাৰৰ সন্ধিয়ালৈকে অখ্যাত এইগাৰাকী সাধাৰণ শ্ৰমিকক আজি প্ৰশংসাৰে উপচাই পেলাইছে সমগ্ৰ দেশে। তেওঁ আৰু তেওঁৰ ১২জনীয়া দলটোৰ কঠোৰ পৰিশ্ৰম আৰু শ্ৰমিকসকলক উদ্ধাৰৰ বাবে লোৱা পণেই আজি আটাইকেইজন শ্ৰমিকক বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হৈছে। এই সফল অভিযানৰ পিছতে প্ৰকৃত নায়ক হিচাপে অভিহিত কৰা হৈছে মুন্না কুৰেশ্বীক। সংবাদ মাধ্যমতো বৰ বৰ হৰফেৰে প্ৰকাশ পাইছে তেওঁৰ নামৰ বাতৰি।

সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলৰ কাষত উপস্থিত হোৱা প্ৰথমগৰাকী ব্যক্তিয়েই আছিল মুন্না কুৰেশ্বী। শেষৰ শিলটো আঁতৰাই যেতিয়া তেওঁ শ্ৰমিকসকলৰ কাষত উপস্থিত হৈছিল, তেওঁক দেখি সকলোৱে হাঁহিছিল, হাত চাপৰি বজাই ধন্যবাদ জনাইছিল আৰু দুহাত মেলি তেওঁক আলিংগন কৰিছিল। মুন্না কুৰেশ্বীয়ে কয়, “মই যেতিয়া শেষৰ শিলটো আঁতৰালো, তেতিয়াও তেওঁলোকক দেখা পালো। মোক দেখি তেওঁলোকৰ মুখত সকাহ আৰু সুখ ফুটি উঠিছিল। তেওঁলোকে মোক সাৱটি ধৰিছিল আৰু হাত চাপৰি বজাই ধন্যবাদ জনাইছিল। মোৰ জীৱনৰ সেয়া আছিল এটা সন্মানৰ দিন।''

ফটোঃ মুন্না কুৰেশ্বী

দিল্লীৰ ট্ৰেঞ্চলেছ ইঞ্জিনিয়াৰিং চাৰ্ভিচেছ কোম্পানী পানীৰ পাইপ আৰু নলা পৰিস্কাৰৰ কাম কৰে ৩৩ বৰ্ষীয় মুন্না কুৰেশ্বীয়ে। এটি দহ বছৰীয়া সন্তানৰ পিতৃ মুন্না আৰু তেওঁৰ সহকৰ্মীসকলক উত্তৰকাশীলৈ অনা হৈছিল সোমবাৰে। অগাৰ মেছিনটো বিকল হৈ পৰাৰ পিছত বাকী থকা ১২ মিটাৰ খননৰ বাবে তেওঁলোকক বিশেষভাৱে অনা হৈছিল। সেই দিনাই সন্ধিয়া তেওঁলোকে হাতুৰী আৰু চেলেৰে হাতেৰে খনন কাৰ্য আৰম্ভ কৰে আৰু ২৪ ঘণ্টাৰ ভিতৰতে খনন সম্পূৰ্ণ কৰি এই উদ্ধাৰ অভিযান সাৰ্থক কৰি তোলে।   

মুন্নাই কয়, “খনন চলাই থকাৰ সময়ত বহুবাৰ বাধা আহিছিল। কেতিয়াবা শিল, কেতিয়াবা লোহৰ ৰড বাধা হৈ সন্মুখলৈ আহিছিল। কিন্তু সেই সকলো প্ৰত্যাহ্বান নেওচি আমি আমাৰ লক্ষ্যৰ দিশে আগবাঢ়িছিলো। যেতিয়াই ভাগৰুৱা অনুভৱ হৈছিল তেতিয়াই মোৰ দহ বছৰীয়া পুত্ৰ ফৈজৰ কথা মনত পৰিছিল। সি কৈছিল- মানুহখিনিও উলিয়াই ননাকৈ ঘৰলৈ উভতি নাহিবা।''

গৃহহীন শ্ৰমিকেই জীৱন বচালে ৪১ শ্ৰমিকৰ!

উত্তৰকাশীৰ ছিল্ক্যাৰা সুৰংগত হাতেৰে খনন কৰি ৪১ গৰাকী শ্ৰমিকৰ জীৱন ৰক্ষা কৰা ১২ গৰাকী সাধাৰণ ৰেট হোল মাইনাৰ্ছৰ ভিতৰত এজন হৈছে পশ্চিম উত্তৰ প্ৰদেশৰ বাঘপটৰ বাসিন্দা মহম্মদ ৰছিদ। কেৱল সপ্তম শ্ৰেণীলৈকে অধ্যয়ন কৰা ৩৫ বৰ্ষীয় ৰছিদে বহু বছৰ পূৰ্বেই পেটৰ তাড়নাত ৰেট হোল মাইনাৰ্ছ হিচাপে কাম আৰম্ভ কৰিছিল। আজি তেওঁ ৪১ শ্ৰমিকৰ জীৱন উদ্ধাৰ অভিযানৰ অংশ হ’বলৈ পাই অতি আনন্দিত হৈ পৰিছে। তেওঁ কয়, “আজি শ্ৰমিক ভাতৃয়েই শ্ৰমিকৰ জীৱন ৰক্ষা কৰিলে।''

উল্লেখ্য যে, উত্তৰকাশীত শ্ৰমিকৰ জীৱন ৰক্ষা কৰা ৰেট হোল মাইনাৰ্ছ সকলৰ অধিকাংশই হৈছে দলিত আৰ মুছলমান সম্প্ৰদায়ৰ। তেওঁলোকৰ জীৱনো সমানেই দুঃসহ। কেইটামান টকাৰ বাবেই জীৱনক হাতৰ মুঠিত লৈ অহৰহ কাম কৰে তেওঁলোকে। বহু শ্ৰমিকৰ আনকি নিজাকৈ ঘৰ এখন সজাৰো সামৰ্থ নাই। কিন্তু তাৰ পিছতো এইসকল অসাধাৰণ ৰেট হোল মাইনাৰ্ছে উত্তৰাখণ্ডত শ্ৰমিক ভাতৃক উদ্ধাৰৰ কামৰ বাবদ এটকাও গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। তেওঁলোকে কয়- মানুহে মানুহৰ কথা ভাৱিলেহে জীয়াই থাকিব মানৱীয়তা। অৱশ্যে তেওঁলোকে অস্বীকাৰ কৰাৰ পিছতো উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে প্ৰতিগৰাকী ৰেট হোল মাইনাৰ্ছক ৫০ হাজাৰ টকাকৈ পুৰস্কাৰ প্ৰদানৰ ঘোষণা কৰিছে।

মাইনাৰ্ছৰ দলটোৰ সদস্য ৪৫ বছৰীয়া মহম্মদ ইৰছাদে কয়, “মই মাত্ৰ বিচাৰো যে প্ৰতিজন ব্যক্তিক মানুহ বুলি গণ্য কৰা হওক আৰু দেশত প্ৰেম থাকিব লাগে।” মূলতঃ মীৰাটৰ নিৱাসী ইৰছাদে ২০০১ চনৰ পৰাই ৰেট হোল মাইনাৰ্ছ হিচাপে কাম কৰি আহিছে।  কেইবছৰমান পূৰ্বে তেওঁ দিল্লীত নিগাজীকৈ থাকিবলৈ লয়। বৰ্তমান তেওঁৰ দিল্লীৰে এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত। অৱশ্যে আজিও এখন ঘৰ সাজিব পৰা নাই ইৰছাদে। বহল অন্তৰৰ ইৰছাদে কয় যে তেওঁ বিচাৰে যে তেওঁৰ সন্তানসকলে ভাল শিক্ষা লাভ কৰক যাতে তেওঁলোকে ভাল চাকৰি এটা পাব পাৰে আৰু তেওঁৰ দৰে এনে বিপদজনক কাম কৰিব নালাগে।

উল্লেখ্য যে, ভাৰতত বিপজ্জনক আৰু অবৈজ্ঞানিক কৌশল হিচাপে ৰেট হোল মাইনিং নিষিদ্ধ কৰা হৈছে যদিও কয়লা খনন অঞ্চলত এতিয়াও ই প্ৰচলিত হৈ আছে আৰু বহু লোকৰ একমাত্ৰ কৰ্মসংস্থাপনৰ উৎস এই কৌশল। এতিয়া ছিল্ক্যাৰা সুৰংগ উদ্ধাৰ অভিযানত ৰেল হোল মাইনাৰ্ছৰ কৰ্মদক্ষতায়েই আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে।

News Next One হৈছে 'Crowdfunding’ৰ জৰিয়তে পৰিচালিত নিউজ ৱেবছাইট। প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!


২৪ বছৰীয়া যতীন কাশ্যপ আৰু তেওঁৰ ভাতৃ ২১ বছৰীয়া সৌৰভ এই দলৰ আটাইতকৈ কম বয়সীয়া সদস্য। ১৩-১৪ বছৰ বয়সৰ পৰাই তেওঁলোক দুয়োজনে ৰেট হোল মাইনিঙৰ কাম কৰি আহিছে।  উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰৰ এখন সৰু গাঁৱৰ এই ভাতৃদ্বয়ে কয় যে এই উদ্ধাৰ অভিযানৰ অংশ হ’বলৈ পাই তেওঁলোক অতিশয় গৌৰৱাম্বিত। এখন বাতৰি কাকতৰ সাংবাদিকৰ সন্মুখত কনিষ্ঠ ভাতৃ সৌৰভে প্ৰশ্ন কৰে, “প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আমি এটা স্থায়ী ঘৰ পাব পাৰোনে?” কিন্তু কনিষ্ঠ ভাতৃয়ে চৰকাৰৰ পৰা এনেদৰে সহায় বিচৰাৰ বাবে সুখী হোৱা নাছিল জ্যেষ্ঠ ভাতৃ। সেয়ে সৌৰভৰ কথা শেষ হোৱাৰ আগতেই তেওঁৰ পিঠিত থপৰিয়াই সতৰ্ক দিছিল যতীনে।

বুলন্দশ্বহৰৰ বাসিন্দা ২৫ বছৰীয়া অংকুৰে আৱদ্ধ শ্ৰমিকসকলক খাবলৈ প্ৰেৰণ কৰা চকলেট আৰু শুকান ফলবোৰ ছিল্ক্যাৰাৰ পৰা স্মৃতি হিচাপে লগত লৈ আহিছে। অহাৰ সময়ত তেওঁ শ্রমিকসকলক উপযুক্ত দৰমহা আৰু জীৱন বীমা প্ৰদান কৰিবলৈও চৰকাৰক দাবী জনাইছে৷ ইফালে ২৯ বছৰীয়া মনু কুমাৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ওচৰত আবেদন জনাই কয়, ‘মোৰ গাঁৱৰ পৰিস্থিতি বেয়া। ইয়াত চৰকাৰে এটা পথ নিৰ্মাণ কৰিলে ভাল হ’ব।”

দহটা নিদ্ৰাহীন ৰাতি! উত্তৰকাশীৰ সফল উদ্ধাৰ অভিযানৰ আঁৰৰ মানুহজন

উত্তৰাখণ্ডৰ উদ্ধাৰ অভিযানৰ সফলতাই আজি দখল কৰিছে দেশৰ লগতে বিশ্বৰ শিৰোনাম। বহুতেই এই অভিযানৰ সফলতা চমত্কাৰ বুলি অভিহিত কৰিছে। কিন্তু সেই চমত্কাৰৰ আঁৰতো আছে উদ্ধাৰকাৰী দলৰ একাংশ নিৰ্বাচিত সাহসী ব্যক্তিৰ কঠোৰ পৰিশ্ৰম আৰু শ্ৰমিকসকলক উদ্ধাৰৰ বাবে গ্ৰহণ কৰা প্ৰতিশ্ৰুতি। উত্তৰকাশীৰ সেই উদ্ধাৰ অভিযানত শেষ মুহূৰ্তত ৰেট হোল মাইনাৰ্ছে হাতেৰে খনন কৰিবলগীয়া হ’লেও সমগ্ৰ অভিযানত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল অগাৰ মেছিনে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত একেৰাহে ১০ দিন অগাৰ মেছিন চলাই উদ্ধাৰ অভিযানটোক বাস্তৱ ৰূপ দিয়াৰ প্ৰয়াস কৰিছিল নৌছাদ আলীয়েও। নাছিল টোপনি, নাছিল ভোক-পিয়াহ। কেৱল শ্ৰমিকসকলক উদ্ধাৰৰ চিন্তাই অনবৰতে কাম কৰিবলৈ সাহস দিছিল নৌছাদ আলীক। আৰু তাৰ পৰিণামস্বৰূপেই আজি সুকলমে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছে ৪১ শ্ৰমিক। 


Click কৰি পঢ়িব পাৰে  মৰণত শৰণ দি ১৭ দিন ধৰি বন্ধ সুৰংগৰ ভিতৰত কেনেকৈ আছিল ৪১ শ্ৰমিক?


 

১ বছৰীয়া নৌছাদ আলীয়ে কয়, "মই ইয়ালৈ অনা আমেৰিকান অগাৰ মেচিনটো চলাইছো। মই ১০ দিন ধৰি ২৪ ঘণ্টাই অবিৰতভাৱে অগাৰ মেচিনটো চলাইছিলো। যিকোনো প্ৰকাৰে এই অভিযানটো সফল কৰিবলৈ মোৰ ওপৰত এক ধৰণৰ হেঁচা পৰিছিল। কিন্তু আমাৰ সমগ্ৰ দলটোৱে মোক উৎসাহিত কৰিছিল।" তেওঁ কয় যে সুৰংগটোত কাম কৰাৰ পিছত তেওঁৰ ভাগৰ লাগিছে, কিন্তু শ্ৰমিকসকল নিৰাপদে ওলাই অহাৰ পিছত সেই ভাগৰ এতিয়া নাইকিয়া হৈছে।

ফটোঃ নৌছাদ আলী

নৌছাদ আলীয়ে কয়, "সুৰংগত কাম কৰি থাকোঁতে টোপনিও নাছিল, ভোকও নাছিল। কেতিয়াবা ড্ৰিলিং কৰাৰ সময়ত মাজত বহু বাধা আহিছিল। কেতিয়াবা কামবোৰ সুকলমে চলিছিল আৰু কেতিয়াবা হঠাতে ধ্বংসাৱশেষত শেষ হৈছিল। লোহাৰ জাল এখন সোমাই আহিছিল, যাৰ ফলত সমস্যাৰ সৃষ্টি হৈছিল। ড্ৰিলিং কৰি থাকোঁতে আমি ৫বাৰ লোহাৰ জালৰ সন্মুখীন হৈছিলো। তাৰ পিছত আমি জাল কাটি পুনৰ কাম আৰম্ভ কৰিবলগীয়া হৈছিল।"

উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ মৌছুৰীৰ নিৱাসী নৌছাদে বিগত ২৩ বছৰ ধৰি কৰি আহিছে অনুভূমিক দিশ খননৰ কাম। নৌছাদে কয়, “ট্ৰেঞ্চলেছ ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডৰ সৈতে কাম কৰা মোৰ ৬ বছৰ হ’ল।” তেওঁ কয় যে আমেৰিকান অগাৰ মেছিন চলোৱাৰ আগতে তেওঁ ভাৰ্মিৰ মেচিন চলাইছিল আৰু এতিয়া তেওঁ আমেৰিকান অগাৰ আৰু এইচ কে হিৰিকানেক্ট দুয়োটা মেচিন চলাই আছে।

নৌছাদে কয়, "সুৰংগটোত চলাবলগীয়া আগৰ মেচিনটোৰ ওজন আছিল ৬০০ টন। কোম্পানীয়ে অনুভৱ কৰিছিল যে এই অভিযানত কেৱল মইহে সৰ্বোত্তম প্ৰদৰ্শন দিব পাৰিম। মই সুখী যে অভিযানটো সফল হ'ল। এয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ অভিযান আছিল"