বোকাজানঃ অসমত এতিয়ালৈ কৰ’না ভাইৰাছত কোনো লোক আক্ৰান্ত নহ’লেও সম্ভৱপৰ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সৰিয়হজান ছাই ক্ৰীড়া খেলপথাৰতো স্থাপন কৰা হ'ব কোৱাৰেণ্টাইন কেন্দ্ৰ। সেই উদ্দেশ্যে বোকাজান মহকুমাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত দিলীপ টেৰাঙে সৰিয়হজান ছাই ক্ৰীড়া খেলপথাৰখন পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত তেখেতে তাত দুটা হোষ্টেল বিল্ডিঙ প্ৰত্যক্ষ কৰে। প্ৰতিটো বিল্ডিঙতে ১১তাকৈ কোঠা, ৫ তাকৈ লেটিন আৰু ৫ তাকৈ বাথৰুম আছে। বিল্ডিঙ দুটাৰ কাৰেণ্টৰ ব্যৱস্থাৰ লগতে পানীৰ ব্যৱস্থাও সম্পূৰ্ণ হৈ থকা প্ৰত্যক্ষ কৰে। সকলো সুবিধাৰে পৰিপূৰ্ণ হৈ থকা ছাই ক্ৰীড়া খেলপথাৰৰ এই বিল্ডিঙ দুটাক বোকাজান মহকুমাত কোৱাৰেণ্টাইন কেন্দ্ৰ ৰূপে অধিগ্ৰহণ কৰিবলৈ সহকাৰী আয়ুক্তগৰাকীয়ে আজি জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াক এক পত্ৰ যোগে বিল্ডিঙ দুটাৰ সবিশেষ জনায়।

উক্ত পত্ৰ লাভ কৰাৰ পাছতেই জিলা উপায়ুক্তগৰাকীয়ে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ অধীনত ৰেফাৰেন্স নম্বৰ  KA/DDMA/01/2020/157 আৰু KA/DDMA/01/2020/167 যোগেদি  বোকাজান মহকুমাৰ অন্তৰ্গত সৰিয়হজান ছাই ক্ৰীড়া খেলপথাৰ হোষ্টেলৰ দুটা বিল্ডিঙ, নামবৰ নদী চাহ বাগিছা চিকিৎসালয়, দেওপানী পৰ্যটন ভৱনৰ লগতে হাওৰাঘাট মহকুমাৰ অন্তৰ্গত বকলীয়াৰ বাহনী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছোৱালী হোষ্টেল বিল্ডিঙটো পৰৱৰ্তী নিৰ্দেশনা নহালৈকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ তথা সকলো প্ৰয়োজনীয় সুবিধাৰ ব্যৱস্থা কৰি অধিগ্ৰহণ কৰিবলৈ বোকাজান আৰু হাওৰাঘাট মহকুমা প্ৰশাসনক এক নিৰ্দেশনা জাৰি কৰে।

উল্লেখ্য যে কৰ’নাত আক্ৰান্ত লোকসকলক পৃথকভাৱে ৰাখি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ প্ৰতিখন ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছিল কেন্দ্ৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে। ইয়াৰ পিছতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ লগতে কাৰ্বি আংলং জিলা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে।