লিডুঃ অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলাত বিদ্ৰোহীয়ে কেইবাটাওঁ অঘটন সংঘটিত কৰাৰ পিছৰে পৰা সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে৷ সেনা-আৰক্ষীয়ে হত্যা, অপহৰণ, ডকাইতি, ধনদাবী কাণ্ডৰ সৈতে জড়িত লোকসকলক জালত পেলাবলৈ অভিযান অব্যাহত ৰাখিছে৷

বৃহস্পতিবাৰে নিশা লিডুৰ পাহাৰত অভিযান চলাই লিডু আৰক্ষী আৰু ১৪নং অসম ৰাইফলছে চাৰিজনকৈ অস্ত্ৰধাৰীক আটক কৰাৰ পিছতেই পুনৰ শুকুৰবাৰে অভিযান চলাই বিস্ফোৰক উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীয়ে৷ এইবাৰ নিৰাপত্তাৰক্ষীয়ে তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত কথা গাঁৱত সেনা আৰক্ষীৰ অভিযান চলাই বিস্ফোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

উদ্ধাৰহোৱা বিস্ফোৰক খিনি আলফাৰ বুলি সন্দেহ কৰা হৈছে৷ শুকুৰবাৰে নিশা লেখাপানীস্থিত সেনা আৰু আৰক্ষীৰ এটি দলে উগ্ৰপন্থী বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে বনাঞ্চৰত এটা পলিথিনত বান্ধি থোৱা অৱস্থাত ১ কেজি ৮ গ্ৰামৰ বিস্ফোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইফালে সেনাই ঘটনাৰ সৈতে জডিত থকাৰ অভিযোগত ৰিদিপ দত্ত নামৰ এজন লোকক আটক কৰি লেখাপানী আৰক্ষীৰ হাতত গতাই দিয়ে যদিওঁ আৰক্ষীৰ তদন্ত কৰি লোকজনক এৰি দিয়ে৷