মাহোবাঃ বৃহস্পতিবাৰে লাইনচ্যুত হৈ দুৰ্ঘটনাগ্ৰস্ত হয় জবলবুৰ-নিজামুদ্দিন মহাকৌশল এক্সপ্ৰেছ৷ ৰেলখনৰ ৮ টা দবা লাইনচ্যুত হয়৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি দুৰ্ঘটনাত ৫২ জন যাত্ৰী আহত হয়৷ ইয়াৰে ১০ জনৰ অৱস্থা সংকতজনক৷

বুধবাৰে জবলপুৰৰ পৰা দিল্লীলৈ ৰাওনা হৈছিল ৰেলখন৷ ৰাতি প্ৰায় ২ বজাত ৰাজ্যখনৰ মাহোবা জিলাত সংঘটিত হয় এই দুৰ্ঘটনা৷ আৰক্ষী সঞ্চালক অসীম অৰুণ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ এই দুৰ্ঘটনাক আৰত সন্ত্ৰাসবাদী সংগঠনৰ জৰিত থাকিব পাৰে বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে৷  

এই সম্পৰ্কে আৰক্ষীয়ে  তদন্ত আৰম্ভ কৰিছে৷  ৰেল ৰাজ্যমন্ত্ৰী মনোজ সিনহা দুৰ্ঘটনাৰ উপযুক্ত তদন্তৰ নিৰ্দেশ দিছে৷ পুৰ্বতেও কানপুৰত ইন্দোৰ পাটনা এক্সপ্ৰেছত হোৱা এক ৰেল দুৰ্ঘটনাত শতাধিক যাত্ৰীৰ মৃত্যু হৈছিল৷ পৰৱৰ্তী সময়ত উক্ত দুৰ্ঘটনাৰ আৰত আতংকবাদী সংগঠন জৰিত থকাৰ কথা পোহৰলৈ আহিছিল৷