নতুন দিল্লীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনত বৃহৎ জয়ৰ পাছত আজি দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোডীয়ে। মোডীৰ লগতে এনডিএৰ কেবিনেট মন্ত্ৰীসকলেও বৃহস্পতিবাৰে শপতগ্ৰহণ কৰিব। 

ৰাষ্ট্ৰপতিৰ ভৱনত সন্ধিয়া ৭ বজাৰপৰা এই শপতগ্ৰহণ অনুষ্ঠান আয়োজন কৰা হৈছে। ইতিমধ্যে ৰাষ্ট্ৰপতিৰ ভৱনৰ প্ৰাংগণ সম্পূৰ্ণৰূপে সজাই তোলা হৈছে। আজি এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰায় ৬০০০ হাজাৰ অতিথি উপস্থিত থাকিব। তাৰ ভিতৰত এশ প্ৰবাসী ভাৰতীয়, সাত ৰাষ্ট্ৰ প্ৰধান থাকিব বুলি জানিব পৰা গৈছে৷ 

ইফালে, দ্বিতীয়তো কাৰ্যকালৰ শপত গ্ৰহণৰ পূৰ্বে নৰেন্দ্ৰ মোডীয়ে আজি পুৱাই দর্শন কৰা জাতি পিতা মহাত্মা গান্ধী আৰু অটল বিহাৰী বাজপেয়ী স্মৃতিস্থলী। দিল্লীৰ ৰাজঘাটত পুৱাই গৈ মহাত্মা গান্ধীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনায় মোদীয়ে। তাৰ পাছতেই আটল বিহাৰী বাজপেয়ীৰ স্মৃতিস্থলীত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

ইয়াৰ উপৰিও তেওঁ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হৈ বীৰ শ্বহীদ সকললৈ সেৱা জনায়। আনহাতে এই কাৰ্যক্ৰমত মোদীৰ সৈতে উপস্থিত থাকে বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমৃত শ্বাহ।