কৃষক পিতৃয়ে বহু আশা কৰি চহৰলৈ পঠিয়াইছিল বিজয় ৰাজক (নাম সলনি কৰা হৈছে)। পৰিয়ালটোৰ সপোন আছিল বিজয়ক এগৰাকী সফল চিকিত্সকৰূপে গঢ়ি তোলাৰ। ইয়াৰ বাবে এটকা এটকাকৈ সাঁচি পিতৃয়ে ৰাজস্থানৰ কোটাৰ এটা ব্যয়বহুল NEETৰ কোচিং চেণ্টাৰত বিজয় ৰাজক নামভৰ্তি কৰাই দিছিল।

কিন্তু এই বছৰৰ জানুৱাৰী মানৰ পৰাই এক তীব্ৰ মানসিক চাপ আৰু উদ্বেগত ভুগিবলৈ আৰম্ভ কৰিছিল ২১ বৰ্ষীয় বিজয় ৰাজ। ইতিমধ্যে দুবাৰকৈ NEET পৰীক্ষাত ব্যৰ্থ হোৱাৰ পিছত মে’ মাহত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাটোত পুনৰবাৰ সফলতা লাভ নকৰাৰ আশংকাত ভিতৰি ভিতৰি তীব্ৰ অস্বস্তিত ভুগিবলৈ আৰম্ভ কৰিছিল বিজয়। ইয়াৰ উপৰিও প্ৰশিক্ষক প্ৰতিষ্ঠানৰ আভ্যন্তৰীণ পৰীক্ষাতো দুৰ্বল প্ৰদৰ্শনৰ বাবে বিজয়ে যেন আত্মবিশ্বাস সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছিল।

কিন্তু গাঁৱত তেওঁৰ কথা বুকু ফিন্দাই কৈ ফুৰা পিতৃ বা পৰিয়ালৰ আন সদস্যসকলৰ আগত এই মানসিক অৱস্থাৰ কথা বিজয়ে কয়েই বা কেনেকৈ? বহু সমস্যাৰ পৰা মনোযোগ আঁতৰাবলৈ বিজয়ে প্ৰায়ে মোবাইলত ৰীল ভিডিঅ’, চিনেমা আদি চাবলৈ আৰম্ভ কৰিছিল। এইবোৰে তেওঁৰ মনটো কিছু সময়ৰ বাবে পাতলাবলৈ সক্ষম হ’লেও যথেষ্ট সময় অবাবতে নষ্ট কৰি পেলাইছিল।

কোটাত কেইবা বছৰ ধৰি অধ্যয়ন কৰি থকা বিজয়ে নিজৰ মানসিক অৱস্থাৰ বিষয়ে কয়, “পৰিয়ালক কথাবোৰ ক’ব পৰা নাছিলো। মোক লৈ তেওঁলোকৰ বহু আশা আছিল, সেই আশা ভংগ কৰাৰ সাহস মোৰ নাছিল। মানসিক সমস্যাৰ বাবে মই আত্মহত্যাৰ সিদ্ধান্ত পৰ্যন্ত লৈ পেলাইছিলো। মোৰ এনে লাগিছিল যেন মই মা-দেউতাৰ কষ্টৰ ধন এনেয়ে খৰছ কৰি তেওঁলোকৰ সন্মান লাঘৱহে কৰি আছো।”

বিজয়ে কেৱল আত্মহত্যাৰ কথা ভবাই নহয়, বৰং আত্মহত্যাৰ চেষ্টাও চলাইছিল। কিন্তু সৌভাগ্যক্ৰমে বিজয়ৰ জীৱন ৰক্ষা পৰে। 

এনে বহু বিজয় আৰু তেওঁলোকৰ গোপন কাহিনীৰে ভৰি আছে বৰ বৰ মহানগৰীসমূহ। বিজয় কাল্পনিক চৰিত্ৰ নহয়, তেওঁৰ কাহিনীও কাল্পনিক নহয়। কেৱল পৰিচয় ৰাজহুৱা কৰিব নোৱাৰাৰ বাবেই ২১ বৰ্ষীয় যুৱকজনৰ নামটো সলনি কৰি উল্লেখ কৰা হৈছে।

ব’ৰ্ড পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শনৰ পিছত কোনো সুখ্যাত অভিযান্ত্ৰিক বা চিকিত্সা মহাবিদ্যালয়ত নিজৰ সন্তানৰ নামভৰ্তি কৰাব পৰাতো আজিও আধুনিক সমাজৰ পৰিয়ালৰ বাবে এক গৌৰৱৰ বিষয়। সেই প্ৰতিষ্ঠানত সন্তানে সফলতা লাভ কৰিব নোৱৰাতো পৰিয়ালৰ বাবে লজ্জাজনক বুলিয়েই ধাৰণা কৰা হয়।

অসমৰো বেছিভাগ পৰিয়ালেই নিজৰ সন্তানক ডাক্তৰ-ইঞ্জিনীয়াৰ কৰাৰ সপোন দেখে। ইয়াৰ বাবে লাখ লাখ টকা খৰছ কৰি হ’লেও ভালৰো ভাল প্ৰতিষ্ঠানত নিজৰ ল’ৰা-ছোৱালীক পঢ়ুৱাব বিচাৰে। বহু অভিভাৱকৰ নিজৰ সন্তানৰ বাবে প্ৰথম পছন্দ ৰাজস্থানৰ কোটা চহৰ। দেশৰ ভিতৰতে সৰ্বাধিক কোচিং ইনষ্টিটিউট থকা কোটাত IIT-JEE, NEET-UG, KVPY, NTSE আদি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বছৰি ২ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগম ঘটে।  

শিক্ষাৰ্থীৰ বাবে সকলো সা-সুবিধাসম্পন্ন কোটাৰ শিক্ষাৰ মানে বছৰ বছৰ ধৰি আকৰ্ষণ কৰি আহিছে দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ। অসমৰো বহু অভিভাৱক আৰু শিক্ষাৰ্থীয়ে এনে ধৰণৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰথমেই বাছনি কৰে কোটাক। এক কথাত ক’বলৈ গ’লে কোটা শিক্ষাৰ্থীৰ বাবে সপোনৰ চহৰ।

সপোনৰ চহৰৰ গোপন কাহিনী

কোটাই যিদৰে শিক্ষাৰ্থী আৰু অভিভাৱকক সপোন দেখুৱায়, সেইদৰে হীনমন্যতাতো ভোগায়। দেশৰ ভিন্ন প্ৰান্তৰ পৰা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ আহি অৱশেষত এই চহৰৰ বুকুতেই বিলীন হৈ যায় বহু জীৱন। মানসিক চাপ, তীব্ৰ উদ্বেগ, হতাশা আদিৰ কবলত পৰি কোটা চহৰতে বহু ছাত্ৰ-ছাত্ৰীয়ে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে। 

আৰক্ষীৰ এক তথ্য অনুসৰি, বিগত ১০ বছৰত ৰাজস্থানৰ কোটাত অধ্যয়ন কৰিবলৈ অহা দেশৰ ভিন্ন প্ৰান্তৰ ১০০ গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে পথ বাছি লৈছে। কেৱল চলিত বৰ্ষৰ এতিয়ালৈকেই ২৫ জন ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ চহৰখনত আত্মহত্যা কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, বিগত বছৰটোত কোটাত আত্মহত্যা কৰা শিক্ষাৰ্থীৰ সংখ্যা আছিল ১৫ জন। 

বিহাৰৰ নিৱাসী ১৮ বৰ্ষীয় আদৰ্শয়ো চিকিত্সক হোৱাৰ সপোন বুকুত বান্ধি কোটালৈ NEET পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ আহিছিল। কিন্তু হঠাৎ এদিন নিজৰ হোষ্টেলতে আত্মহত্যা কৰে যুৱকজনে। আদৰ্শৰ মৃত্যুৰ খবৰ লাভ কৰি স্তম্ভিত হৈ পৰা তেওঁৰ ককাক হৰিশংকৰ প্ৰসাদ সিঙে কয়, “আদৰ্শই কিছুদিনৰ পৰা প্ৰশিক্ষণ পৰীক্ষাত কম নম্বৰ লাভ কৰি আছিল। যাৰ বাবে সি মানসিক হতাশাত ভুগি আত্মহত্যা কৰা বুলি আমি ধাৰণা কৰিছো। তাৰ স্বভাৱ তেনেকুৱা নাছিল। কিন্তু ভাল মানুহেও কেতিয়াবা নিজৰ পথৰ পৰা বিচ্যুত হয়।’’

শিক্ষাৰ্থীৰ ওপৰত মানসিক হেঁচা, পৰিণাম ভয়াৱহ!

এক বিশ্লেষণ অনুসৰি কোটাত অধ্যয়ন কৰিবলৈ আহি আত্মহত্যাৰ দৰে চৰম পথ বাছি লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাংশই NEETৰ বাবে প্ৰস্তুতি চলাই আছিল। বহু ছাত্ৰ-ছাত্ৰী আছিল কোটাৰ পৰা কেইবাশ কিলোমিটাৰ নিলগৰ পৰা অহা দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান।

পৰিসংখ্যা অনুসৰি কোটাৰ বেছিভাগ ছাত্ৰ-ছাত্ৰীৰ বয়স ১৫ৰ পৰা ১৭ বছৰৰ ভিতৰত। পৰিয়ালৰ আশা পূৰণ কৰি প্ৰতিদিনে ১৩-১৪ ঘণ্টা অধ্যয়ন কৰা, দেশৰ আটাইতকৈ কঠিন পৰীক্ষাবোৰৰ বাবে প্ৰতিযোগিতাৰ সন্মুখীন হোৱাৰ হেঁচাত অধিকাংশ ছাত্ৰ-ছাত্ৰীৰ বাবে চহৰখনত অকলে থকাটো কঠিন হৈ পৰে। অধ্যয়নৰ কঠোৰ প্ৰস্তুতিৰ মাজত নিসংগতাই তেওঁলোকক ক্ৰমান্বয়ে মানসিকভাৱে দুৰ্বল কৰি তোলে।ইয়াৰ পৰিণামস্বৰূপে অৱশেষত নল’বলগীয়া পদক্ষেপ গ্ৰহণ কৰি পেলায়।

বিহাৰৰ নিৱাসী আদৰ্শৰ ককাকৰ মতে, কোটাত তেওঁ আগতে কেতিয়াও আত্মহত্যাৰ কথা শুনা নাছিল। আদৰ্শকো তেওঁ কেতিয়াও কোনো ধৰণৰ হেঁচা দিয়া নাছিল। কিন্তু পৰিয়ালৰ পৰা হেঁচা নিদিলেও প্ৰতিযোগিতামূলক পৰীক্ষাই নিজে নিজে তেওঁলোকক ভাৰাক্ৰান্ত কৰি তোলাটোও সম্ভৱ।


আদৰ্শৰ কোঠাত লিখি থোৱা আদৰ্শৰ নামটো, ফটোঃ বিবিচি

চৰকাৰী তথ্য অনুসৰি ২০২১ চনত ভাৰতত প্ৰায় ১৩ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছিল। এই পৰিসংখ্যা ২০২০ চনৰ পৰিসংখ্যাতকৈ ৪.৫ শতাংশ বেছি। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰতি বছৰে ভাৰতত প্ৰায় সাত লাখ লোকে আত্মহত্যা কৰে আৰু ইয়াৰে ভিতৰত অধিকাংশ লোকেই ১৫-২৯ বছৰ ভিতৰত।

আত্মহত্যাৰ বাবে জগৰীয়া নেকি ক’ভিড মহামাৰী?

কোটাৰ চাৰে তিনি হাজাৰ হোষ্টেল আৰু হাজাৰ হাজাৰ ঘৰত দেশৰ ভিন্ন প্ৰান্তৰ প্ৰায় ২ লাখ ছাত্ৰ-ছাত্ৰীয়ে বাস কৰি বিভিন্ন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আহিছে। কিন্তু ২০১৯ত বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা ক’ভিড মহামাৰীৰ সময়তে কোটাতো বহু লোকৰ জীৱন একপ্ৰকাৰ স্তব্ধ হৈ পৰিছিল। বহুতে দাবী কৰা মতে, ক’ভিডৰ পিছত বহু লোক দুখী হৈ পৰিছে আৰু পৰিণতিত পূৰ্বৰ তুলনাত এই বছৰ আত্মহত্যাৰ সংখ্যা বৃদ্ধি পাইছে।

একাংশ মনোৰোগ বিশেষজ্ঞই দাবী কৰা মতে, ক’ভিড মহামাৰীৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ যথেষ্ট ক্ষতি হৈছিল আৰু তাৰ বাবে কোটালৈ আহি বিভিন্ন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত তেওঁলোক কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়ে তেওঁলোকৰ মানসিক চাপ বৃদ্ধি কৰিছিল। শেহতীয়াকৈ প্ৰকাশিত এক বিশ্লেষণ অনুসৰি, ক’ভিডৰ সময়ত স্কুললৈ যোৱা শিশুৰ শিক্ষণ প্ৰক্ৰিয়া “উল্লেখযোগ্যভাৱে” লেহেমীয়া হৈছিল।

শিক্ষাবিদ উৰ্মিলা বক্সীয়ে কয়, “ক’ভিডৰ পিছত যেতিয়া শিক্ষাৰ্থীসকলে স্কুললৈ উভতি আহিছিল, তেতিয়া তেওঁলোকৰ লিখাৰ ক্ষমতা নাইকিয়া হৈ গৈছিল। ল’ৰা-ছোৱালীবোৰৰ যোগাযোগৰ ক্ষমতা নোহোৱা হৈ গৈছিল। আমি আৰম্ভণিৰে পৰাই ল'ৰা-ছোৱালীক ইজনে সিজনৰ লগত কেনেকৈ যোগাযোগ কৰিব লাগে, শিক্ষকৰ সৈতে কেনেকৈ যোগাযোগ কৰিব লাগে শিকাবলগীয়া হৈছিল।"

কোটাৰ আগশাৰীৰ কোচিং ইনষ্টিটিউট মোচন এডুকেশ্যনৰ পৰিচালন সঞ্চালক নীতিন বিজয়ে কয়, "ক’ভিডৰ পিছত যিসকল ছাত্ৰ-ছাত্ৰী আহিছে, তেওঁলোকৰ মানসিক চাপ সহ্য কৰাৰ ক্ষমতা অলপ কম যদিও সময়ৰ লগে লগে তেওঁলোকৰ উন্নতি হ'ব।"

উল্লেখ্য যে, ক’ভিডৰ সময়ত সকলো শিক্ষা অনলাইন হৈ পৰিছিল। ল’ৰা-ছোৱালীক আছুতীয়াকৈ ৰাখি পিতৃ-মাতৃয়ে সন্তানৰ হাতত স্মাৰ্টফোন তুলি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। যাৰ পৰিণতিত ছাত্ৰ-ছাত্ৰীৰ মনোযোগ শিক্ষাৰ পৰা আঁতৰি গৈছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া তেওঁলোকৰ পুনৰ অধ্যয়নৰ মাজলৈ ঘূৰি আহিছিল তেতিয়া অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হৈছিল বুলি মনোৰোগ বিশেষজ্ঞসকলে মন্তব্য কৰে।

কি কয় মনোৰোগ বিশেষজ্ঞসকলে?

মনোৰোগ বিশেষজ্ঞ ডাঃ এম এল আগৰৱালে কয়, "স্মাৰ্ট ফোন সকলোৰে হাতত আহিছিল। কিছুমান ল'ৰা-ছোৱালীয়ে ইয়াৰ অপব্যৱহাৰ কৰিছিল। তাৰ বাবেই ল'ৰা-ছোৱালীৰ মাজত ইণ্টাৰনেটৰ আসক্তি বৃদ্ধি পাইছিল। তাৰ বাবেই ল'ৰা-ছোৱালীয়ে ক্লাছ ক্ষতি কৰিবলৈ আৰম্ভ কৰে। কিন্তু ইয়াত প্ৰশিক্ষণ অতি দ্ৰুতগতিত হয়। যদি আপুনি এদিন বা দুই-চাৰি দিনৰ বাবে ক্লাছ ক্ষতি কৰে, তেন্তে আপুনি সময়ৰ সৈতে খাপ খাব নোৱাৰি পিছ পৰি থাকিবলগীয়া হয়। "

তেওঁ লগতে কয় যে, ২০০-৩০০ ছাত্ৰ-ছাত্ৰীৰে ভৰা ক্লাছত এবাৰ পিছ পৰি ৰ’লে পাঠ্যক্ৰমৰ লগত খাপ খুৱাই লোৱাতো সহজ নহয় আৰু তাৰ পিছত মানসিক চাপ বাঢ়ি যায়। ইয়াৰ প্ৰভাৱ পৰীক্ষাত দেখা যায় যিয়ে মানসিক চাপ আৰু অধিক বৃদ্ধি কৰে।

এজন বিশেষজ্ঞৰ মতে, কোটাৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীৰ বয়স ১৫-১৭ বছৰ। এইটো তেওঁলোকৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সময় যদিও বাস্তৱত তেওঁলোক এতিয়াও শিশু। ডাঃ এম এল আগৰৱালেও কয়, "যেতিয়া তেওঁলোক ইয়ালৈ আহে, তেতিয়া তেওঁলোকৰ শাৰীৰিক বিকাশ, মানসিক বিকাশ, হৰম'নৰ পৰিৱৰ্তনৰ বয়স হয়।"

হেল্পলাইন আৰু কাউন্সেলিং

এটা বাণিজ্যিক সংস্থাৰ মতে, কোটাৰ অৰ্থনীতিৰ মূল্য পাঁচ হাজাৰ কোটিতকৈও অধিক আৰু এই অৰ্থনীতি নিৰ্ভৰ কৰে চহৰখনলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ ওপৰত। কোটা হোষ্টেল এছ’চিয়েশ্যনৰ মুৰব্বী নবীন মিট্টালৰ মতে, চহৰত আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱাৰ পাছতো ব্যৱসায়ত কোনো ধৰণৰ প্ৰভাৱ পৰা নাই আৰু ছাত্ৰ-ছাত্ৰীয়ে কোটালৈ পঢ়িবলৈ আহিয়েই আছে।

কোটাত শিক্ষাৰ্থীসকল কঠিন প্ৰতিযোগিতা আৰু পৰিয়ালৰ সপোনৰ মাজত বান্ধ খাই পৰে। বহু ছাত্ৰ-ছাত্ৰীয়ে এই বন্ধনৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰি অৱশেষত জীৱনৰ মোহ ত্যাগ কৰে। এনে কাৰণতে চহৰখনত চৰকাৰ, বিভিন্ন সংস্থাৰ দ্বাৰা আত্মহত্যা ৰোধৰ বাবে কাৰ্যসূচীৰ আয়োজন কৰা হৈছে, মানসিক স্বাস্থ্যৰ বিষয়ে মানুহক সজাগ কৰাৰ বাবে আলোচনা কৰা হৈছে। কিন্তু তাৰ পিছতো আত্মহত্যাৰ ঘটনা অব্যাহত আছে। মহানগৰীত বহু দুৰ্দশাগ্ৰস্ত ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ বাবে মুকলি কৰা 'হোপ হেল্পলাইন’লৈ ফোন কৰি সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰে।

হেল্পলাইন কাউন্সেলাৰ প্ৰমিলা সখলাৰ মতে, "ফোনত কথা পাতি থকাৰ সময়তে বহু দুৰ্দশাগ্ৰস্ত ছাত্ৰ-ছাত্ৰীয়ে কান্দিবলৈও আৰম্ভ কৰে। সিহঁতক দেখি বৰ দুখ লাগে। তাৰ পিছত সিহঁতৰ মাক-দেউতাকৰ লগত কথা পতা হয়। আমি তেওঁলোকক বুজাই দিওঁ যে তেওঁলোকে কিয় ল’ৰা-ছোৱালীবোৰৰ ওপৰত ইমান হেঁচা প্ৰয়োগ কৰিছে। তেওঁলোকে তেওঁলোকৰ সন্তান কেৱল ডাক্তৰ-ইঞ্জিনীয়াৰ হোৱাতোহে বিচাৰে নেকি? আপোনাৰ সন্তান যদি এই পৃথিৱীত আৰু নাথাকে তেন্তে কি কৰিব?"

শিক্ষাৰ্থীৰ মানসিক অৱস্থাত শিক্ষাৰ বাণিজ্যিকীকৰণৰ ভূমিকা

শিক্ষাবিদ উৰ্মিল বক্সীয়ে কোটাৰ ক্ৰমাৎ বৃদ্ধি পোৱা শিক্ষাৰ "বাণিজ্যিকীকৰণ"ক শিক্ষাৰ্থীৰ সমস্যাৰ বাবে জগৰীয়া বুলি গণ্য কৰে। তেওঁ কয়, "কোচিং ক্লাছত ল'ৰা-ছোৱালীৰ সংখ্যা বহুত বেছি। শিক্ষকে ল'ৰা-ছোৱালীৰ নামো নাজানে। এটা ক্লাছত ৩০০ বা তাতোকৈ অধিক ল'ৰা-ছোৱালী বহি থাকে। নাম জানেনে? কাৰো নাম কোনেও নাজানে। ছাত্ৰ-ছাত্ৰীসকলে আনৰ লগত বন্ধুত্ব গঢ়ি তুলিব নোৱাৰে। তেওঁলোকক অকলে এৰি দিয়া হয়। এয়া বৰ দুৰ্ভাগ্যজনক।"

তেওঁ লগতে কয়, "চাৰিওফালে মাত্ৰ টকাৰ খেল চলে। কিমান টকা লাগে? আমাক ইমান টকাৰ প্ৰয়োজন নাই যে আমি ল'ৰা-ছোৱালীক হেৰুৱাবলগীয়া হয়। আমি ল'ৰা-ছোৱালীক হেৰুৱাব নিবিচাৰো। আমি ল'ৰা-ছোৱালীক যদি ভাল মানুহ ৰূপ গঢ়ি তুলিব নোৱাৰো, তেন্তে এই টকা মূল্যহীন।"

উল্লেখ্যে যে, কোটাত ছাত্ৰ-ছাত্ৰীৰ ভিন্ন পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ১ লাখৰ পৰা ১.৫ লাখ টকা পৰ্যন্ত প্ৰতিষ্ঠানৰ মাচুল প্ৰতি বছৰে ভৰিবলগীয়া হয় অভিভাৱকে।

মোচন এডুকেচন কোচিঙৰ এম ডি নীতিন বিজয়ে কয় যে ভাল শিক্ষকৰ পাৰিশ্ৰমিক অধিক হোৱাৰ বাবেই প্ৰশিক্ষণ মাচুল অধিক হয়। প্ৰতিগৰাকী ভাল শিক্ষকৰে ছাত্ৰ-ছাত্ৰীৰ মাজত ফেন ফ’ল’ৱিং থাকে বুলি মন্তব্য কৰে নীতিন বিজয়ে।

নীতিন বিজয়ে কয়, "সংবাদ মাধ্যমে কোটাত শিক্ষাৰ নামত মাফিয়াৰাজ চলি থকা বুলি দেখুৱাই আহিছে। কিন্তু আপুনিয়েই কওক যদি কোটাত মাফিয়াই চলি থাকিলহেঁতেন, তেন্তে কোটি কোটি টকাৰ লোকচান কৰি বিগত ১০ বছৰত ২৫টা কোচিং চেণ্টাৰ বন্ধ হৈ গ’লহেঁতেননে? "

কিমান কঠিন শিক্ষাৰ্থীৰ জীৱন?

সপোনৰ নগৰী কোটাত ব্যস্ততাৰ অন্ত নাই। মানুহৰ কথা মানুহৰ শুনিবলৈ সময় নাই, সকলো ব্যস্ত নিজৰ সপোনত দুপাখি গুঁঠাত। এই চহৰত দেশৰ প্ৰায় প্ৰতিটো প্ৰান্তৰ পৰাই ল’ৰা-ছোৱালীয়ে পঢ়িবলৈ আহে। তেওঁলোকৰ কিছুমান দুখীয়া, কিছু সংখ্যক মধ্যবিত্ত আৰু ধনী। সকলোৰে জীৱন ধাৰণৰ মানো ভিন্ন। এই চহৰত এনে ভাড়া ঘৰো আছে, যাৰ মাহিলি ভাড়া ২০-২৫ হাজাৰ টকা পৰ্যন্ত। এনেবোৰ ভাড়াঘৰত ধনবল থকা সকলৰ ল’ৰা-ছোৱালীয়ে থাকি প্ৰস্তুতি চলায়। চহৰৰ চুকে চুকে ৩-৪ হাজাৰ টকাতে পোৱা ভাড়াঘৰো আছে। কিন্তু সেইবোৰ জৰাজীৰ্ণ, তৰ্জাৰ বেৰৰ। পিছে তাতো শিক্ষাৰ্থী থাকে।




অৰ্ণৱ অনুৰাগৰ কোঠাটো, ফটোঃ বিবিচি

চহৰৰ বিদ্বান নগৰৰ ঠেক গলি কেইটামান পাৰ হোৱাৰ পাছত আন্ধাৰ কৰিডৰে শিঁয়ৰাই তুলিব পৰা এটা পুৰণি অট্টালিকাৰ দ্বিতীয় মহলাতে থাকে বিহাৰৰ পৰা আহি কোটাত চিকিত্সক হোৱাৰ প্ৰস্তুতি চলাই থকা অৰ্ণৱ অনুৰাগ। সৰু কোঠাটোৰ বাবে প্ৰতিমাহে তেওঁ দিব লাগে ৮৫০০ টকা ভাড়া। অৰ্ণৱৰ পিতৃ পেছাত এগৰাকী শিক্ষক।

অৰ্ণৱে জানিবলৈ দিয়া মতে, তেওঁৰ বাৰ্ষিক প্ৰশিক্ষণ মাচুল হৈছে ১ লাখ ২০ হাজাৰ টকা। ইয়াৰোপৰিও এই চহৰত থকা-খোৱাৰ বাবদ প্ৰতিমাহে খৰছ কৰিবলগীয়া হয় ১২-১৩ হাজাৰ টকা।

অৰ্ণৱৰ সৰু কোঠাটোৰ মাজতে এতিয়া তেওঁ তাত তেওঁৰ প্ৰয়োজনীয় সকলোবোৰ সামৰি ৰাখিবলৈ সক্ষম হৈছে। অকলশৰীয়া ৰুমটোত এখন টেবুলতে আছে তেওঁৰ পঢ়া কিতাপ, লেপটপ, নিমখৰ টেমা, ইণ্ডাকশ্যন, হিটাৰ সকলোবোৰ। বিচনাৰ ওপৰতো কিতাপৰ মেলা। বিচনাখনৰ কাষতে সৰু আলনা এখন আছে। কোঠাটোত বহিবলৈ মাত্ৰ এখনেই চকী, য’ত অৰ্ণৱে বহি পঢ়া-শুনা কৰে। 

অৰ্ণৱে কয়, "ৰুমটোত শ্বাসৰুদ্ধকৰ অনুভৱ হয়, কিন্তু ইয়াত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এই শ্বাসৰুদ্ধ হোৱাৰ পিছত যেতিয়া ফলাফল আহিব, যদি মই নিৰ্বাচিত হও তেন্তে এই ৰুমটোৰ বাবেও গৰ্ব কৰিব পাৰিম। এই ৰুমটো দেখুৱাই মই ক’ব পাৰিম যে মই কিমান কষ্টেৰে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিলো।"

শিক্ষাৰ্থীৰ মানসিক স্থিতি বুজিবলৈ পৰামৰ্শ

অলপতে কোটাত পুনৰ আত্মহত্যা কৰে আন এগৰাকী মেধাৱী ছাত্ৰীয়ে। হোষ্টেলৰ কোঠাত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে শোকস্তব্ধ হৈ পৰে তেওঁৰ বন্ধু-বান্ধৱী, পৰিয়াল সকলো। হোষ্টেলৰ কেয়াৰটেকাৰগৰাকীয়ে কয়, "তাই আমাৰ ছোৱালীৰ দৰেই আছিল।"

ছাত্ৰীগৰাকীৰ পিতৃয়ে শোকত ভাগি পৰি কয়, "ছোৱালীজনীয়ে কোটাত হোৱা আত্মহত্যাৰ কথা কৈছিল। আমি তেনেবোৰ কথাত গুৰুত্ব নিদিবলৈ তাইক বুজাইছিলো। কিন্তু তাই এনেকৈ এৰি যাব বুলি আমি সপোনতো ভৱা নাছিলো।"

ৰাজস্থান আৰক্ষীৰ কোটা ষ্টুডেন্ট চেলৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰশ্বীলে কয় যে আত্মহত্যা ৰোধ কৰিবলৈ তেওঁৰ দলটোৱে অহৰহ হোষ্টেল আদিলৈ গৈ কোনো ছাত্ৰৰ আচৰণত কোনো পাৰ্থক্য বা পৰিৱৰ্তন হৈছে নেকি সেই বিষয়ে জানিবলৈ চেষ্টা কৰে। হোষ্টেলৰ ৱাৰ্ডেন আৰু ৰন্ধা-বঢ়া কৰা মানুহবোৰৰ লগত কথা পাতে। বহু সন্তানৰ মাতৃয়ে ইয়াত ছাত্ৰ-ছাত্ৰীৰ সৈতে তেওঁলোকৰ নিসংগতা আঁতৰাই ঘৰতে ৰন্ধা খাদ্য আৰু পৰিৱেশৰ ব্যৱস্থা কৰিবলৈ বাস কৰে।

বিশেষজ্ঞসকলৰ মতে পিতৃ-মাতৃয়ে সন্তানৰ মনোজগতখনৰ বিষয়ে জানিবলৈ তেওঁলোকৰ সৈতে বহু সময় কটাব লাগে। তেতিয়া স্বপ্নৰ আকাশলৈ চাই চাই প্ৰতিযোগিতামূলক জগতখনত ভৰি থোৱা শিশুসকলৰ মনত কি চলি আছে সেই কথা মুকলিকৈ বুজাতো পিতৃ-মাতৃ বা অভিভাৱকসকলৰ পক্ষে বহুত সহজ হৈ পৰে।


বিবিচিৰ বিশেষ প্ৰতিবেদন 'कोटा में छात्रों की आत्महत्याएँ: कौन ज़िम्मेदार, माँ-बाप, कोचिंग सेंटर या कुछ और?’ৰ সহায় লৈ যুগুত কৰা হৈছে এই প্ৰতিবেদন।