Printer-friendly version

ডিজিটেল ডেস্কঃ পৃথিৱীৰ আটাইতকৈ জ্যেষ্ঠ মকৰাটোৰ মৃত্যু ঘটিছে৷ পশ্চিম অষ্ট্ৰেলিয়াত ৪৩ বছৰ বয়সত এই বৃদ্ধ মকৰাটোক অন্য কীটে কামোৰাৰ ফলত মৃত্যু হোৱা বুলি অষ্ট্ৰলিয়াৰ গৱেষক দল এটাই জানিবলৈ দিছে৷ ১৬ নম্বৰ নামেৰে নামাকৰণ কৰা মকৰাটো ১৯৭৪ চনৰ পৰাই বিজ্ঞানী দল এটাই পৰ্যবেক্ষণত ৰাখিছিল৷ 

ইয়াৰ পূৰ্বে দীৰ্ঘতম জীৱন অতিবাহিত কৰাৰ অভিলেখ গঢ়িছিল মেক্সিকোৰ এটা পেহনীয়া মকৰাই। কিন্তু ১৬ নম্বৰ নামৰ মকৰাটোৱে পূৰ্বৰ অভিলেখ ভংগ কৰি পৃথিৱীৰ দীৰ্ঘতম সময়ৰ বাবে জীয়াই থকা মকৰা হিচাপে পৰিগণিত হয়৷

বৈজ্ঞানিক মহলে চলোৱা গৱেষণা অনুসৰি একেটা পৰিস্থিতিতন্ত্ৰৰ কোনো ধৰণৰ সাল-সলনি নোহোৱাকৈ ৰখাৰ বাবে মকৰাটোৱে দীৰ্ঘায়ু লাভ কৰিছিল৷ মকৰাটোৰ ওপৰত চলোৱা গৱেষণাৰ প্ৰতিবেদন স্পে’চিফিক কনজাৰ্ভেছন বায়’লজি নামৰ গৱেষণা পত্ৰিকাখনত প্ৰকাশ পাইছে৷