newsnextone.com | ডিব্ৰুগড়ঃ জনসাধাৰণে দীৰ্ঘ সময়ে ধৰি উত্থাপন কৰি অহা দাবী পূৰণ কৰিলে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি তথা উজনিৰ অন্যতম বাণিজ্যিক ঠাই চাবুৱাত এটা কোষাগাৰ নথকাত ৰাইজে সমস্যাত পৰি আহিছিল। দীৰ্ঘ দিনেই দাবী উত্থাপন কৰি অহা হৈছিল যদিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি আহিছিল ৰাইজে। পূৰ্বৰ চৰকাৰে পূৰণ কৰিব পৰা নাছিল ৰাইজৰ দাবী। বৰ্তমানৰ চৰকাৰে চাবুৱাৰ ৰাইজৰ এই দাবী পূৰণ কৰিলে।

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ৰাইজৰ কোষাগাৰৰ অভাৱ পূৰণ কৰিলে বিধায়ক বিনোদ হাজৰিকাই। ডিব্ৰুগড় জিলাৰৰ সদৰৰ কোষাগাৰলৈ কামৰ বাবে যাব লগা হৈছিল যদিও চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ প্ৰচেষ্টাত কোষাগাৰ স্থাপন হয় চাবুৱাত।

কেইবাগৰাকী চৰকাৰী উচ্চপদস্থ বিষয়াৰ উপস্থিতত স্থানীয় বিধায়ক বিনোদ হাজৰিকাই মঙলবাৰে মুকলি কৰে কোষাগাৰ ৷ এক অাড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিনোদ হাজৰিকাই কয় ৰাজ্য চৰকাৰৰ বিগত বাজেট অধিবেশনতে ৰাজ্যত ভালেকেইটা কোষাগাৰ স্থাপনৰ কথা ঘোষণা কৰিছিল। জিলা খনৰ উপায়ুক্তগৰাকী অাৰু সমূহ সংশ্লিষ্ট বিষয়াবৰ্গৰ তৎপৰতাত সোনকালেই চাবুৱাত কোষাগাৰ মুকলি কৰিব পৰা হ'ল বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে বিধায়কে।

চাবুৱা ৰাজহ চক্ৰ বিষয়া মানস জ্যোতি নাথৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত অতিৰিক্ত উপায়ুক্ত অংকুৰ ভৰালী, চাবুৱা খণ্ড উন্নয়ন বিষয়া বিদ্যুৎ ঘৰফলীয়া, চাবুৱা নগৰ সমিতিৰ সভানেত্রী অনিতা শৰ্মা, জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষা ৰুণো সোণোৱাল, বিজেপি সদস্য নৰেণ দিহিঙ্গীয়া, বিজেপিৰ জ্যেষ্ঠ নেতা মৃদুল ৰাজখোৱা উপস্থিত থাকে।

অৰুণ বৰপাত্র গোহাঁই অাঁতধৰা অনুষ্ঠানত যথেষ্ট সংখ্যক লোক উপস্থিত থাকে যদিও চাবুৱাৰ সাংবাদিকে কোষাগাৰ মুকলি অনুষ্ঠান বৰ্জন কৰে। জিলা জনসংযোগ বিভাগৰ কাৰ্যত চাবুৱাৰ সাংবাদিকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেইবাদিনৰ পৰা কোষাগাৰ মুকলি কৰাৰ বাবে প্ৰশাসন সাজু হৈছিল যদিও কোষাগাৰটো মুকলি কৰাৰ কিছু সময়ৰ পূৰ্বে এগৰাকী বিজেপিৰ নেতাইহে কাৰ্যসূচীত উপস্থিত থাকিবৰ বাবে সাংবদিকক নিমন্ত্ৰণ জনাইছিল বুলি জানিব পৰা যায়। 

মঙলবাৰে পুৱা ১০ বজাৰ পিছতে বিজেপিৰ এগৰাকী নেতাৰ হতুৱাই চাবুৱাৰ স্থানীয় সাংবাদিকসকলক ফোন যোগে নিমন্ত্রণ জনোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। জনসংযোগ বিভাগৰ বিষয়াই দায়িত্ব পালন কৰাৰ বিপৰীতে ৰাজনৈতিক দলৰ কৰ্মীয়ে চৰকাৰী কাৰ্যসূচীলৈ নিমন্ত্রণ কৰাত অাক্ষেপ প্ৰকাশ কৰে চাবুৱাৰ সাংবাদিকৰ অনুষ্ঠান চাবুৱা মিডিয়া ফ'ৰাম অাৰু অন্যান্য সাংবাদিক সংগঠনে। যিকোনো চৰকাৰী কাৰ্যসূচীত সাংবাদিকে সহযোগিতাৰে সেৱা অাগবঢ়াই অহাৰ পিছতো মঙলবাৰে চাবুৱাৰ কোষাগাৰ মুকলি কাৰ্যসূচীত বৈষম্যমূলক অাচৰণ কৰা বুলি সাংবাদিকে অভিযোগ উত্থাপন কৰি দুখ প্ৰকাশ কৰে।