নতুন দিল্লীঃ ধৰ্মীয় স্বতন্ত্ৰতা আৰু ব্যক্তিৰ মৰ্যাদা-এই দুটা বিষয়ৰ মাজতে দুলি থকা বহুবিতৰ্কিত তিনি তালাকক লৈ ঐতিহাসিক সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খন৷ দেশজুৰি চৰ্চিত হৈ থকা বিষয়টো সন্দৰ্ভত শুনানি অহা ১১ মেত হ’ব বুলি ঘোষণা কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে৷ ৫ জন ন্যায়ধীশৰ এখন বিচাৰপীঠে এই বিতৰ্কিত বিষয়টোত ৰায়দান কৰিব৷ 

মুছলমান সম্প্ৰদায়ৰ তিনি তালাক, নিকাহ হালাল আদি বিষয়ত সাংবিধানিক বিশ্লেষণ আগবঢ়াব এই বিচাৰপীঠে৷ চাৰিদিনলৈ এই বিচাৰপীঠৰ শুনানী চলিব৷

বিষয়টো অতিকে গুৰুতৰ হেতুকে ইয়াক এৰাই চলিবপৰা নাযায় বুলিও ন্যায়ালয়ে মন্তব্য কৰিছে৷ মুখ্য ন্যায়াধীশ জগদীশ সিং খেহৰে কয় যে বিষয়টোৰ কেৱল আইনী দিশহে শুনানীত সামৰি লোৱা হ’ব৷ বৃহস্পতিবাৰে বিষয়টো সন্দৰ্ভত ৪ টা প্ৰশ্ন উত্থাপন কৰে কেন্দ্ৰীয় চৰকাৰে৷

আপোনাক চিন্তাত পেলাবপৰা কেন্দ্ৰীয় চৰকাৰৰ প্রশ্ন ৪টাঃ

  1. ধৰ্মীয় স্বতন্ত্ৰতাৰ আধাৰত তিনি তালাক, হালাল , বহু-বিবাহ আদিৰ অনুমতি সংবিধানৰ ভিত্তিত দিব পৰা যায় নে? 
  2. সমতাৰ অধিকাৰ আৰু মৰ্যাদাসহকাৰে জীয়াই থকাৰ অধিকাৰৰ সৈতে ধৰ্মীয়া স্বতন্ত্ৰতাৰ অধিকাৰৰ কোনটোক অগ্ৰাধিকাৰ দিয়া যাব? 
  3. ব্যক্তি স্বাধীনতাৰ আইনক সংবিধানৰ ১৩ নং অনুচ্ছেদৰ আধাৰত আইন হিচাপে অনুপালন কৰা হ’ব নে নাই? 
  4. আন্তঃৰাষ্ট্ৰীয় আইনৰ আধাৰত তিনি তালাক, হলাল, বহু-বিবাহ আইনসংগত বুলি ক’ব পৰা যায় নেকি য’ত ভাৰতেও স্বাক্ষৰ কৰিছে ? 

কেন্দ্ৰীয় চৰকাৰকে ধৰি বিভিন্ন মহলে ভালেমান প্ৰশ্ন উত্থাপন কৰিছে যিবোৰ ৩০ মাৰ্চৰ ভিতৰত এটৰ্ণি জেনেৰেলৰ হাতত জমা দিয়াৰ বাবে আজি ন্যায়ালয়ে নিৰ্দেশ দিয়ে৷ এই দিশসমূহৰ ওপৰত আদালতে বিচাৰ কৰিব বুলি ন্যায়ালয়ে কয়৷ 

আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে বিষয়টো সন্দৰ্ভত কয় যে সংবিধানৰ সৈতে জড়িত হৈ থকা বিষয়টো গুৰুত্বপুৰ্ণ৷ ইতিমধ্যে ২০খন দেশত নিষিদ্ধ ঘোষণা কৰা এই প্ৰথাৰ ওপৰত আস্থা নাই বুলিও ৰবিশংকৰে কয়৷