আগৰতলাঃ ত্ৰিপুৰাৰ ৫৪নং কুৰ্তী কদমতলা বিধান সভা সমষ্টিত অন্তিম মুহূৰ্তত অঘটন সংঘটিত হয় বুলি খবৰ আহিছে৷ সুত্ৰৰ খবৰ মতে নিৰাপত্তাৰক্ষীয়ে একাংশ লোকৰ বিৰুদ্ধে লাঠিচালান কৰিব লগা হয়৷

সমষ্টিৰটোৰ ৩৪-৩৫ নং বুথট তথা বাঘান হাইস্কুলত একাংশ লোকে ভোট কেন্দ্ৰৰ সমীপত ভিৰ কৰি আছিল৷

তেনে অৱস্থাতে নিৰাপত্তাৰক্ষীয়ে ভিৰ কৰা লোকসকলক আতৰি যাব দিয়াৰ সময়তেই সংঘাটৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে৷ ফলত নিৰাপত্তাৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ খবৰ লাভ কৰা হৈছে৷ ভিৰ কৰা লোকসকল চিপিআইএমৰ লোক বুলি জানিব পৰা গৈছে।