কোকৰাঝাৰঃ অখিল হিন্দীভাষী বিকাশ পৰিষদৰ দুই গোটৰ মাজত চলি থকা দীৰ্ঘদিনীয়া বাকবিতণ্ডাই তীব্ৰ ৰূপ ধাৰন কৰিছে৷ হিন্দীভাষী লোকৰ উন্নয়নৰ হকে মাত মতাৰ উদ্দেশ্যে গঠন হোৱা অখিল হিন্দীভাষী বিকাশ পৰিষদৰ ভিতৰচৰাৰ এনে বাকবিতণ্ডাক সম্প্ৰদায়টোৰ সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে৷

একমাত্ৰ পদবীৰ লোভতে পূৰ্বৰ সমিতিখন থকা সত্বেও দিলীপ শেঠীয়া আৰু সঞ্জয় তিৱাৰীয়ে পুনৰ আন এখন কেন্দ্ৰীয় পৰিষদ গঠন কৰি জিলা ভিত্তিত সমিতি গঠন কৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

এনে অৱস্থাত যোৱা ১৮ ফেব্ৰুৱাৰীত চিৰাং জিলাৰ ড০ আম্বেদকাৰ ভৱনত দিলীপ শেঠীয়াৰ সভাপতিত্বত চিৰাং জিলা সমিতি গঠন কৰাত উক্ত সমিতিখনক ভুৱা আখ্যা দিছে পৰিষদৰ বাসুগাওঁ সমিতিৰ সাধাৰণ সম্পাদক মুন্না বাছফৰে৷

বাছফৰে নতুনকৈ গঠন কৰা সমিতিখনৰ বিষয়-ববীয়াই অহা ৪৮ ঘন্টাৰ ভিতৰত ক্ষমা নুখুজিলে তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে বিহীত ব্যৱস্থা লোৱা হ’ব বুলি জানিবলৈ দিয়ে৷

ইপিনে হিন্দীভাষী সম্প্ৰদায়টোৰ সচেতন মহলে এইক্ষেত্ৰত পূৰ্বৰ শংকৰ শ্বাহক সভাপতি হিচাপে লৈ গঠন হোৱা সমিতি খনেই যাতে বাহাল ৰাখি হিন্দীভাষী লোকৰ উন্নয়নৰ হকে কাম কৰি যোৱাৰ আহ্বান জনায়৷