ডিজিটেল ডেস্কঃ দুদিনীয়া ফ্ৰান্স ভ্ৰমণলৈ যোৱা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আজিও সমুখীন হৈছে তীব্ৰ বিৰোধৰ। ফান্সৰ ৰাজধানী চহৰ পেৰিছৰ গেয়াৰ ডা নৰ্ড ষ্টেশ্যনত আজি উপস্থিত হোৱা মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে বিক্ষোভকাৰীসকলে ৰাজপথত সুৰক্ষা বেষ্টনীলৈ কাঁচৰ বটল দলিয়াই পৰিৱেশ উত্তপ্ত কৰি তোলে।

ট্ৰাক এখন সমুখত ধাল হিচাপে লৈ আগবঢ়া প্ৰতিবাদকাৰীৰ বিশাল মিছিলক অৱশেষত কন্দুৱা গেছ প্ৰয়োগ কৰি বৃহৎ সংখ্যক সেনাৰ উপস্থিতিত ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰা হয়। কিন্তু প্ৰতিবাদকাৰীৰ হেঁচাত পৰি শেষত সেনাই বাট এৰি দিবলৈ বাধ্য হয় সমদলটোক। 

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক ক্ষমতাচ্যুত কৰি “Make The Planet Great Again”- অৰ্থাৎ পৃথিৱীখন আকৌ সুন্দৰ কৰো আহক বুলি লিখা পেষ্টুন হাতত লৈ প্ৰতিবাদ কৰা দেখা গ’ল পেৰিছৰ ৰাজপথত।

“paid protester”- এনেদৰে ব্যাংগাত্মক কাৰ্ড লৈও দেখা গ’ল প্ৰতিবাদকাৰীক। আমেৰিকাই হেনো বিশ্বৰ অন্তিমখন শ্বেতবৰ্ণৰ লোকৰ দেশ বুলিও ক্ষোভ উজাৰি পেলোৱা দেখা গ’ল এটা মাৰ্কিন পৰিয়ালক। 

ট্ৰাম্পৰ নীতিক বৰ্ণবিদ্বেষমূলক আখ্যা দিয়া প্ৰতিবাদকাৰীৰ ক্ষোভ দুগুণ কৰিছে ট্ৰাম্পৰ শেহতীয়া কাৰ্যকলাপে। অলপতে ট্ৰাম্পে পেৰিছ জলবায়ু চুক্তি বৰ্খাস্ত কৰাটোৱে জলা জুইত ঘিউ ঢলাৰ দৰে কাম কৰিছে।

তদুপৰি নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰোনে শ্ৰমিক অধিকাৰ, অৰ্থনীতি আদিৰ ক্ষেত্ৰত আপত্তিজনক পদক্ষেপ লোৱাৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰীয়ে।