ডিজিটেল ডেস্কঃ সন্দেহৰ আৱৰ্তত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মানসিক স্বাস্থ্য। এই সন্দেহ ব্যক্ত কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জুলিয়া গিলাৰ্ডসহ কেবাগৰাকী বিশ্বনেতাই। পোনপটীয়াকৈ ট্ৰাম্পক মানসিক ৰোগী আখ্যা নিদিয়াকৈ গিলাৰ্ডে কয় যে টুইটাৰত ট্ৰাম্পে যি কৰিছে, সেয়া অনাগত দিনতো অব্যাহত ৰাখিলে অধিকাংশ লোকে তেওঁৰ মানসিক সুস্থতাক লৈ সন্দেহ উত্থাপন কৰিবলৈ বাধ্য হৈ পৰিব।

উল্লেখ্য যে টুইটাৰত ট্ৰাম্পৰ অস্বাভাৱিক আচৰণক লৈ আমেৰিকাতো বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে। আনকি সোমবাৰে য়েল বিশ্ববিদ্যালয়ৰ এখন সন্মিলনত ট্ৰাম্প সম্পৰ্কে ৩৫জনকৈ মনোবিজ্ঞানীয়ে এই সিদ্ধান্ত উপনীত হৈছে যে ৰাষ্ট্ৰপতিগৰাকীৰ ভয়াৱহ ধৰণে মানসিক অসুস্থতা আছে। ট্ৰাম্পক উশৃংখল আৰু সমাজবিৰোধী আখ্যাও দিছে মনোবিজ্ঞানীৰ দলটোৱে।

এই সিদ্ধান্তত উপনীত হোৱাৰ পিছতে জন হপকিন্স বিশ্ববিদ্যালয়ৰ মেডিকেল স্কুলৰ মানসিক স্বাস্থ্য বিভাগৰ প্ৰধান উপদেষ্টা জন গাৰ্টনাৰে কয়, 'সমাজৰ প্ৰতি আমাৰ এক নৈতিক দায়িত্ব আছে। সেই দায়ৱদ্ধতাৰ বাবে আমি সকলোকে জনাব বিচাৰিছো যে, ডনাল্ড ট্ৰাম্প প্ৰকৃততে এজন মানসিক ৰোগী। তেওঁ নিজৰ বিষয়ে প্ৰতি মুহূৰ্ততে অতি উচ্চ ধাৰণা পোষণ কৰে আৰু মিছা কথা কয়। কোনো সুস্থ মানুহে এনে আচৰণ কৰিব নোৱাৰে।’

শেহতীয়াকৈ জেমি ৰাছকিন নামৰ ডেমোক্ৰেট দলৰ এগৰাকী ছিনেটৰে এনে এখন বিধেয়ক উত্থাপন কৰিছে যিখন গৃহীত হ’লে ট্ৰাম্পৰ মানসিক সুস্থতা পৰীক্ষাৰ বাবে ১১জনীয়া সদস্যৰ এটি বিশেষজ্ঞৰ দলে তেওঁৰ শাৰীৰিক আৰু মনস্তাত্বিক অৱস্থা নীৰিক্ষণ কৰিব। উক্ত পৰীক্ষাত যদি ট্ৰাম্পৰ মানসিক অসুস্থতা প্ৰমাণিত হয় তেন্তে তেওঁ ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি ল’বলৈ বাধ্য হৈ পৰিব।

গিলাৰ্ডে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত আৰু কয়, 'সকলোৱেই দেখিছে যে, আমেৰিকাত অধিকাংশ নাগৰিকে এই প্ৰশ্ন তুলিছে। এয়া কোনো অপমানবোধ কৰিবলগীয়া কথা নহয়। আচলতে আমি সকলোৱেই বিষয়টোক লৈ গভীৰভাৱে উদ্বিগ্ন বাবেই ৰাষ্ট্ৰপতিৰ মানসিক সুস্থতাক লৈ আলোচনা কৰিবলৈ বাধ্য হৈ পৰিছো।’

যুক্তিসহকাৰে গিলাৰ্ডে আৰু কয় যে বাহিৰৰ পৰা কোনো মানুহৰ মানসিক ভাৰসাম্য বিচাৰ কৰাটো সঠিক নহয়। কিন্তু যেতিয়া এজন লোকে সামাজিকভাৱে অদ্ভূত আচৰণ কৰি থাকে তেন্তে সেই লোকজনৰ মানসিক সুস্থতাক লৈ প্ৰশ্ন উত্থাপন হোৱাতো অস্বাভাৱিক আৰু দোষণীয় হ’ব নোৱাৰে।

গুৰুত্বপূৰ্ণ কথা এয়ে যে যোৱা মাহত দেশখনৰ ৪৫ হাজাৰতকৈয়ো অধিক লোকে অনলাইন আবেদনযোগে মানসিকভাৱে অসুস্থ ট্ৰাম্পৰ অপসাৰণ বিচাৰিছিল। 'ট্ৰাম্পৰ মাজত মানসিক অসুস্থতাৰ উপসৰ্গ বিৰাজমান। সেয়ে আমি ভাবো যে তেওঁ দেশৰ ৰাষ্ট্ৰপতি হৈ থাকিবলৈ উপযুক্ত নহয়।’-আবেদনখনত এইদৰে উল্লেখ কৰিছিল আবেদনকাৰীসকলে।