জাগীৰোডঃ ১৬ মাহে দৰমাহে নাপালে কথাটো কেনেকুৱা হয় আমি বুজোঁ৷ দেউতাহঁতে আমাক নক’লেও আমি বুজো৷ দেউতাহঁতক আৰু লগতে কাম কৰা লোকসকলক দেখিলে বেয়া লাগে৷ অসম বিধান সভাৰ কাম কাজ প্ৰত্যক্ষ কৰিবলৈ আহি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আৱেগিক হৈ পৰা এই মন্তব্য কৰা সন্দিকৈ কলেজৰ ছাত্ৰী পৰিস্মিতাৰ চৰ্চা অব্যাহত থকাৰ সময়তে সোমবাৰে পুৱাই জাগীৰোড কাগজ কলৰ এগৰাকী কৰ্মচাৰীয়ে টাৱাৰত উঠি আত্মহত্যা কৰাৰ চেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷

যিটো কাগজ কলৰ কৰ্মচাৰীৰ কথা কৈ পৰিস্মিতাই বিধান সভাৰ মজিয়াত চকুলো টুকিছিল সেই কলটোৰ কৰ্মচাৰী ইমানুদ্দিন আহমেদ নামৰ কৰ্মচাৰীগৰাকীয়ে আত্মহত্যা কৰাৰ চেষ্টা চলাই৷ পৰিস্মিতাৰ সেমেকা চকুৰে নিগৰি অহা চকুলোৱে সকলোৰে হৃদয়ত কঁপনি তোলাৰ দৃশ্যটোৱে সকলোকে চিন্তিত কৰাৰ সময়তেই এই কাণ্ড সংঘটিত হয়৷

ছচিয়েল মিডিয়াত কন্যাৰ আৱেগ আৰু চকুলোৰ চৰ্চা চলি থকাৰ মাজতে ভয়াবহ খবৰটো আহে সোমবাৰে পুৱাই৷ জাগীৰোড কাগজ কল চৌহদৰ কলনীৰ বাসিন্দা ইমানুদ্দিন আহমেদে দৰমহা নোপোৱাৰ ফলত আত্মহত্যা কৰাৰ চেষ্টা চলাই৷

জাগীৰোড কাগজ কলৰ চাকৰিয়াল ইনামুদ্দিন আহমেদৰ পৰিয়ালটোৱে অৰ্থৰ অভাৱত হাঁহাকাৰ কৰিব লগা হয়৷ ফলত সোমবাৰে পুৱাই কৰ্মচাৰীগৰাকীয়ে যোৱা ১৮ মাহ ধৰি দৰমহা নাপায় টাৱাৰত উঠি আত্মহত্যা কৰাৰ চেষ্টা চলাই৷ মাহৰ পিছত মাহ ধৰি চৰকাৰে দৰমহা নিদিয়াৰ ফলত আত্মহত্যা কৰাৰ বাবে টাৱাৰত উঠে৷

জাগীৰোডৰ নগাঁও কাগজ কলৰ কৰ্মচাৰী ইনামুদ্দিন আহমেদে আত্মহত্যাৰ বাবে টাৱাৰত উঠাৰ পিছতে হৈ-চৈ লাগে নগাঁও কাগজ কল চৌহদত৷ পিছত সহ-কৰ্মী আৰু আৰক্ষীৰ আহ্বানত ইনামুদ্দিন আহমেদ তললৈ নামি আহে৷ কলটোৰ সমীপৰ এটি টাৱাৰত উঠি আত্মহত্যা কৰাৰ চেষ্টা চলাইছিল আহমেদে৷

দীৰ্ঘদিন দৰমহা নোপোৱাৰ বাবেই এই পন্থা অৱলম্বন কৰা বুলি জানিব পৰা গৈছে৷ আহমেদে চৰকাৰক প্ৰশ্ন উত্থাপন কৰি কয় ‘‘বিজেপি চৰকাৰৰ দিনত কিয় বন্ধ কৰি দিলে৷

এইটো দূখৰ বিষয়৷ মোৰ বহু টকা দিব লগা আছে সেই টকা আজিলৈকে দিয়া নাই৷’’ আনহাতে কৰ্মচাৰীসকলে জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল, ভাৰত চৰকাৰ আৰু অসম চৰকাৰে মিলটোৰ কৰ্মচাৰীক তেওলোকৰ প্ৰাপ্য দৰমহা আদায় দি পুনৰ কলটো চলোৱাৰ ব্যৱস্থা কৰাৰ দাবী জনায়৷ মৰিগাঁৱৰ জাগীৰোডত মাহৰ পিছত মাহ ধৰি ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ কৰি আহিছে শ-শ শ্ৰমিক-কৰ্মচাৰী৷

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো নগাঁও কাগজ কলৰ শ্ৰমিক-কৰ্মচাৰীয়ে ১৮ মাহে দৰমহা পোৱা নাই৷ ১৮ মাহে দৰমহা নোপোৱা চৰকাৰী শ্ৰমিক-কৰ্মচাৰীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে৷ জাগীৰোড কাগজ কলত কাম কৰা শ্ৰমিক-কৰ্মচাৰীৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷

নগাঁও কাগজ কলৰ ৫ সহস্ৰাধিক কৰ্মচাৰীয়ে প্ৰায় ১৮ মাহ ধৰি দৰমহা পোৱা নাই৷ যোৱা ২০১৭ বৰ্ষৰ ১১ ডিমেম্বৰত ৰাজ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আমি ভোট দি জিকাইছোঁ সিহঁতক, আমাৰ কথা শুনিবই লাগিব সিহঁতে বুলি কৈ শ্ৰমিক-কৰ্মচাৰীয়ে দৰমহা আদায় দিয়াৰ দাবী জনাইছিল৷

নগাঁও কাগজ কলৰ শ্ৰমিক-কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি কাগজ কলটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাই আহিছে যদিও চৰকাৰে ল'ৰা ধেমালি কৰি আহিছে। আজিও ক্ষোভিত শ্ৰমিক-কৰ্মচাৰীয়ে কলটোৰ শীঘ্ৰে অনাদায় ১৮ মাহৰ দৰমহা আদায়ৰ দিয়াৰ দাবী কৰা লগতে কলটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাই আহিছে শ্ৰমিক-কৰ্মচাৰীয়ে।

জানিব পৰা মতে, কলটোৰ কেইবাগৰাকী শ্ৰমিক-কৰ্মচাৰীয়ে বিনা চিকিৎসাই মৃত্যুক আকোৱালি লৈছে৷ তেওঁলোকৰ সন্তানে আধাতে শিক্ষা সাং কৰিব লগা হৈছে৷ এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয় তেওঁলোকৰ পৰিয়াল সমূহে৷

যাৰ বেদনা কোনেও শুনিব নিবিচাৰে বুজিব নোখোজে৷ উল্লেখ্য যে, যোৱা ১৩ ফেব্ৰুৱাৰীত সন্দিকৈ মহাবিদ্যালয়ৰ এটি ছাত্ৰৰ প্ৰতিনিধি দলৰ সৈতে অসম বিধান সভাৰ কাম কাজ চাবলৈ পৰিস্মিতা নামৰ এগৰাকী ছাত্ৰী গৈছিল৷

তাৰ পিছতেই তেওঁলোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিভিন্ন কথাৰ অৱতাৰণা কৰাৰ লগতে নগাঁও কাগজ কলৰ কৰ্মচাৰীয়ে ১৮ মাহে দৰমাহে নোপোৱা কথাটো উল্লেখ কৰিছিল পৰিস্মিতা নামৰ ছাত্ৰীগৰাকীয়ে৷

তাৰ পিছতেই সাংবাদিকৰে মুখামুখি হৈ কৰ্মচাৰীয়ে ১৬ মাহে দৰমাহে নাপালে কথাটো কেনেকুৱা হয় আমি বুজোঁ বুলি কয়৷ দেউতাহঁতে আমাক নক’লেও আমি বুজো৷ দেউতাহঁতক আৰু লগতে কাম কৰা লোকসকলক দেখিলে বেয়া লাগে বুলি কয়৷ অসম বিধান সভাৰ মজিয়াত আৱেগিক হৈ পৰে সন্দিকৈ কলেজৰ ছাত্ৰী পৰিস্মিতাই৷