ডিজিটেল ডেস্কঃ ভয়াৱহ বিস্ফোৰণত কপিল পাকিস্তান৷ পৱিত্ৰ ইদৰ সময়তে আজি সংঘটিত হ’ল এই বিস্ফোৰণ৷ পাকিস্তান আৰু আফগানিস্তানৰ সীমামুৰীয়া কুৰম প্ৰদেশৰ ৰাজধানী পেৰেছিনাৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ সংঘটিত হয়৷

ইদৰ ইফটাৰৰ বাবেই অঞ্চলটোৰ আকবৰ খান বজাৰত সমাবেত হৈছিল বহু লোক৷ প্ৰথম বিস্ফোৰণতো সংঘটিত হোৱাৰ অলপ পিছতেই সংঘটিত হয় দ্বিতীয়টো বিস্ফোৰণ৷  এই শক্তিশালী বিস্ফোৰণত ২৬গৰাকী লোক নিহত হোৱাৰ উপৰিও আহত হৈছে শতাধিক৷

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰথম বিস্ফোৰণতো হোৱাৰ খবৰ গম পোৱাৰ পিছতেই উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ পঠিওৱা হয়৷ তেতিয়াই দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হয়৷ আহত লোকৰ বহুতৰ অৱস্থা সংকটজনক৷ সমগ্ৰ অঞ্চলত নিছিদ্ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে৷

পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে উক্ত বিস্ফোৰণৰ ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে কয় যে কোনো মুছলিমেই এনে ভয়ানক কাৰ্যৰ বিষয়ে ভাবিব নোৱাৰে৷ চলিত বৰ্ষৰ জানুৱাৰীত উক্ত অঞ্চলত প্ৰথম বাৰৰ বাবে তালিবানে এনে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল৷ বৰ্তমানলৈ কোনো সংগঠনে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ উক্ত অঞ্চলটোত মূলতঃ চিয়া সম্প্ৰদায়ৰ লোকসকলে বসবাস কৰি আহিছে৷