ডিজিটেল ডেস্কঃ এসময়ত সংসদীয় গণতন্ত্ৰৰ দেশ পেৰুৰ সাংবিধানিক মুৰব্বীৰ পদ শুৱনি কৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ওলান্তা হামালাক পত্নিসহিতে ১৮ মাহৰ বাবে কাৰাগাৰত ৰখাৰ ৰায় দিছে দেশখনৰ ন্যায়ালয়ে।

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হামালাই এতিয়া সংগ দিব আন এজন প্ৰাক্তন ৰাষ্ট্ৰপতিক। একেখন জেলতে আছে আন এজন প্ৰাক্তন ৰাষ্ট্ৰপতি আলবাৰ্টো ফুজিমৰি। মানৱ অধিকাৰ উলংঘনৰ গুৰুতৰ অপৰাধৰ বাবে ২৫ বছৰৰ বাবে জেল খাটিবলগা হোৱা আলবাৰ্টো এতিয়া নিসংগ নহয়।

৯০ৰ দশকতে স্বৈৰাচাৰী শাসনেৰে মানৱ অধিকাৰ উলংঘা কৰাৰ অপৰাধৰ শাস্তি পোৱা আলবাৰ্টোৱে কৰ্মফল ভুগি থকাৰ বিপৰীতে আন এজন প্ৰাক্তন ৰাষ্ট্ৰপতি আকৌ আছে পলাতক অৱস্থাত। এইজন হৈছে আলেজাণ্ড্ৰো টলেডো। দুৰ্নীতিৰ অপৰাধতে দোষী সাব্যস্ত হোৱা টলেডো আমেৰিকালৈ পলাই যোৱা বুলি স্থানীয় সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে।