নতুন দিল্লীঃ দেশৰ ৰাজধানী চহৰখনত মৃত্যুক সাৱতিলে মিজোৰামৰ দুই যুৱতীয়ে৷ দিল্লীত কৰ্মৰত এই দুই যুৱতী কালি এক পাৰ্টিৰ পিছতেই অচেতন হৈ পৰে৷   যুৱতী দুগৰাকীক চফদৰ্জং চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও মৃত্যু ঘটে যুৱতীদুগৰাকীৰ৷  

চিকিৎসকৰ ভাষ্য অনুসৰি অত্যাধিক ড্ৰাগচ সেৱনৰ ফলতে মৃত্যু হৈছে যুৱতীদুগৰাকীৰ৷ যুৱতীদুগৰাকীৰ ক্লাৰা আৰু ৰকিম বুলি জনা গৈছে৷ উল্লেখযোগ্য যে সমগ্ৰ উত্তৰ পুৰ্বাঞ্চলতে ড্ৰাগচ এক ব্যাধিস্বৰূপ হৈ পৰিছে৷ বিশেষকৈ মণিপুৰ, মিজোৰাম আৰু মেঘালয়- এই তিনি ৰাজ্যত ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা আন ৰাজ্যসমুহতকৈ তুলনামুলক ভাৱে বেছি৷

ফ্ৰেবুৱাৰী মাহৰ এক সমীক্ষাত প্ৰকাশ হৈছে যে ৩ মাহত মিজোৰামত ৪৫ জন লোকৰ ড্ৰাগচ সেৱনৰ ফলত মৃত্যু হৈছে৷ শেহতীয়াকৈ ম্যানমাৰৰ পৰাই মিজোৰামলৈ ড্ৰাগছ সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে বুলিও সমীক্ষাত প্ৰকাশ হৈছে৷ ২০১৫ চনৰ পৰা ৰাজ্যখনত ১০.৬ কোটি টকাৰ ড্ৰাগচ ৰাজ্যখনত নিচা বিৰোধী স্কোৱাডে উদ্ধাৰ কৰিছে৷