আহমেদাবাদঃ অব্যাহত আছে কংগ্ৰেছৰ বিপৰ্যয়। ৰাজ্যসভা নিৰ্বাচনলৈ মাজত মাথো কেইদিনমান বাকী থকা অৱস্থাত আজি গুজৰাটত আৰু দুজন কংগ্ৰেছ বিধায়কে দল ত্যাগ কৰে।

এই বিধায়ক দুজন হৈছে বালাছিনৰ সমষ্টিৰ মানছিন চৌহান আৰু ভান্সডা সমষ্টিৰ চানভাই চৌধাৰী। চৌহানে আজি পুৱা বিধানসভাৰ অধ্যক্ষ ৰমণলাল ভোৰাৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰে। আনহাতে চৌধাৰীয়ে যোৱা নিশাই অধ্যক্ষৰ বাসভৱনলৈ গৈ পদত্যাগ পত্ৰ দাখিল কৰে।

ইয়াৰ লগে লগে ১৮২ জনীয়া গুজৰাট বিধানসভাত বিৰোধী দলটোৰ সদস্যা সংখ্যা ৫২ জনলৈ হ্ৰাস পায়। ৰাজ্যসভা নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনলৈ কো দিন চমু চাপি অহাৰ সময়তে এনেদৰে এজনৰ পিছত এজনকৈ দলত্যাগ কৰা নেতা-বিধায়কৰ উজান উঠিবলৈ আৰম্ভ কৰাত শংকিত হৈ পৰিছে শীৰ্ষ নেতৃত্ব।

ৰাজ্যসভা নিৰ্বাচনত জ্যেষ্ঠ নেতা আহমদ পেটেলক প্ৰাৰ্থীত্ব দিবলৈ যো-জা চলোৱাৰ বিৰোধিতা কৰিয়েই বিধায়ককেইজনে এনেদৰে দলত্যাগ কৰে। দলটোৰ পৰা জ্যেষ্ঠ নেতা শংকৰসিং বাঘেলায়ো ইতিমধ্যে প্ৰস্থান কৰিছে। ইমানেই নহয় বলৱন্তসিং ৰাজপুত, তেজশ্ৰীবেন পেটেল আৰু প্ৰহ্লাদ পেটেলেও বৃহস্পতিবাৰে দলত্যাগ কৰি পোনে পোনে বিজেপিত যোগ দিয়ে।

উল্লেখ্য যে, ৰাজ্যসভাত ৰাজ্যখনৰ মুঠ ১১খন আসনৰ বাবে ৩খনৰ বাবে অহা ৮ আগষ্টত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। বিজেপিয়ে দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক প্ৰদান কৰিছে। আনহাতে কংগ্ৰেছে বৰ্তমানৰ সাংসদ তথা দলৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ ৰাজনৈতিক সচিব আহমদ পেটেলকে পুনৰ প্ৰাৰ্থীত্ব প্ৰদান কৰে।