ওদালগুৰিঃ ছাত্ৰ আৰু শিক্ষকৰ সমস্যাৰ হৈ মাত মাতি অহা ৰাজ্যৰ একমাত্ৰ জাতীয় সংগঠন আছুৱে ছাত্ৰ-ছাত্ৰীক মহাজাগতিক ঘটনাক্ৰমৰ নমুনা দেখুৱাবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰে৷ ওদালগুৰি জিলাৰ হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আঞ্চলিক বিজ্ঞান কেন্দ্ৰ খানাপাৰাৰ সৌজন্যত বিগত ৯ ফেব্ৰুৱাৰীৰ পৰা হৰিশিঙাত ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত কৰে৷

বৃহত্তৰ হৰিশিঙা অঞ্চলৰ ১২ খন উচ্চ মাধ্যমিক পৰ্যায়ৰ চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীক প্ৰদৰ্শন চোৱাৰ ব্যৱস্থা কৰে৷ আঞ্চলিক ছাত্ৰ সন্থাৰ ব্যতিক্ৰমী পদক্ষেপক শিক্ষকসমাজে অাদৰণি জনোৱাৰ লগতে প্ৰশংসা কৰা। ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলে আছুৰ এনে পদক্ষেপৰ জৰিয়তে তেওঁলোকৰ লগতে আন বহু শিক্ষাৰ্থী, কণ-কণ ছাত্ৰ-ছাত্ৰীসকল আগন্তুক দিনত বিজ্ঞানৰ প্ৰতি আগ্ৰহী হ’ব বুলি কয়। হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৯ ফেব্ৰুৱাৰীত হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত ভ্ৰাম্যমান তাৰকা গৃহ দৃশ্য প্ৰদৰ্শনীও অনুষ্ঠিত হৈছিল।

সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰদৰ্শনী উদ্ধোধন কৰে হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিমচন দৈমাৰীয়ে। প্ৰদৰ্শনী উদ্ধোধন কৰি আছুৰ ব্যতিক্ৰমী পদক্ষেপক প্ৰশংসা কৰি এনে পদক্ষেপে শিক্ষাৰ্থীসকলক বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিব বুলি কয় অধ্যক্ষ চিমচনে। কাৰ্যসূচীত উপস্থিত থাকে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী, হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিকাশ শৰ্মাৰ লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়া।