ওদালগুৰিঃ আক্ৰাছু আৰু কোচ ৰাজবংশী সন্মিলনীয়ে ছাত্ৰাবাস নিৰ্মাণ কৰাৰ দাবীত আহ্বান জনোৱা ওদালগুৰি জিলা বন্ধৰ ব্যাপক প্ৰভাৱ পৰ্ ওদালগুৰি চহৰৰ লগতে জিলা খনৰ আন আন ঠাইত৷ আক্ৰাছু আৰু কোচ ৰাজবংশী সন্মিলনীৰ ওদালগুৰি জিলা সমিতি আহ্বান জনোৱা ২৪ ঘণ্টীয়া ওদালগুৰি জিলা বন্ধৰ প্ৰভাৱ চহৰখনত সৰ্বাত্মকৰূপে পৰা দেখা যায়।

বিগত ২০১৭ চনত বিটিচি প্ৰশাসনৰ উদ্যোগত ওদালগুৰিৰ বিভিন্ন জনগোষ্ঠীৰ সংগঠনৰ বাবে পৃথকে পৃথকে ছাত্ৰাবাস নিৰ্মাণৰ ধন আৱন্টন দিয়াৰ কথা উল্লেখ কৰিছিল। আন জনগোষ্ঠীসমূহৰ ছাত্ৰাবাসৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে যদিও বিভিন্ন চক্ৰান্তৰ বাবে কোচ ৰাজবংশী জনগোষ্ঠীৰ ছাত্ৰাবাসটো আজিকোপতি ওদালগুৰি সদৰত নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পৰিৱৰ্তে ছাত্ৰাবাসটো জিলা সদৰৰ পৰা ৰৌতা অঞ্চললৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি বিটিচি প্ৰশাসনৰবিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি বন্ধ ঘোষণা কৰে।

ইয়াকে লৈ ক্ষুদ্ধ হৈ পৰে ওদালগুৰি জিলা আক্ৰাছু আৰু জিলা কোচ ৰাজবংশী সন্মিলনীয়ে। ৯ ফেব্ৰুৱাৰীত এক সংবাদমেল সম্বোধন কৰি দুয়োটা সংগঠনৰ নেতৃত্বই বিটিচিৰ অধ্যক্ষ ত্ৰিদিপ দৈমাৰীৰ চক্ৰান্তত এনে কাৰ্য সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছিল। আনকি কামত নিয়োজিত ঠিকাদাৰজনক অধ্যক্ষগৰাকীয়ে ফোনত ভয় ভাবুকি দি সচিবালয়লৈ মাতি নি কাম পূৰ্বৰ স্থানত স্থগিত ৰখাৰ বাবে সকীয়নী প্ৰদান কৰে।

অন্যথা ঠিকাদাৰগৰাকীৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলৰ ভাবুকিও প্ৰদান কৰা বুলি সংবাদমেলখনত উল্লেখ কৰিছিল। ফলত ঠিকাদাৰগৰাকীয়ে ছাত্ৰাবাস নিৰ্মাণৰ ঠিকাৰ কামটো প্ৰত্যাহাৰ কৰে। বিটিচিৰ এই চক্ৰান্তত বিধায়ক চৰণ বড়ো, ইএম জগদীশ সৰকাৰৰ নাম থকাৰো কথা জানিবলৈ দিয়ে সংগঠন দুটাই। সংবাদমেলত সংগঠন দুটাৰ নেতৃত্বই বিটিচিত এতিয়া উগ্ৰপন্থীৰ দৰে শাসন চলাৰ অভিযোগ উত্থাপন কৰি বিটিচি অঞ্চলৰ ৰাইজৰ গণতন্ত্ৰ খৰ্ব কৰা হৈছে বুলি কয়৷

বিটিচিৰ সচিবালয়ৰ প্ৰতিটো কোঠাত চলিছে ভয়ংকৰ কমিচনৰাজ আৰু ওদালগুৰিত বিভিন্ন বিতৰ্কিত তথা ৰহস্যজনক ভুমিকা গ্ৰহণ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে। এই সকলোবোৰ দেখি শুনি চকু মুদা কুলিৰ ভাও ধৰা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক গণতন্ত্ৰ ৰক্ষণাবেক্ষণ দিব নোৱাৰাৰ বাবে আনকি পুনৰ জংঘললৈ যাবলৈ দি এই সমগ্ৰ বিষয়ৰ প্ৰতিবাদত অহা ১৫ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাৰ পৰা ২৪ ঘণ্টীয়া ওদালগুৰি জিলা বন্ধৰ আহ্বান জনাইছিল সংগঠন দুটাৰ নেতৃত্বই।

বন্ধৰ প্ৰভাৱ ওদালগুৰি চহৰখনত সৰ্বাত্মকৰূপে পৰা দেখা যায়। বন্ধৰ সময়ত সকলোবোৰ ব্যৱসায়ী প্ৰতিষ্ঠান, বেংকসমূহ বন্ধ হৈ থাকে। পুৱাই একাংশ বন্ধ সমৰ্থকে ৰাজপথলৈ ওলাই আহে বন্ধ সফল কৰাৰ উদ্দেশ্যে। বাতৰি লিখা সময়লৈ কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰ অহা নাই যদিও ওদালগুৰি প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা দেখিবলৈ পোৱা গৈছিল।