ওদালগুৰিঃ বিগত ৭ এপ্ৰিলৰ সন্ধিয়া ওদালগুৰি ৰেল ষ্টেচনৰ সমীপৰ অগ্নিকাণ্ড সংঘটিত হৈ দুটি দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ ভস্মীভূত হৈছিল।অগ্নিকাণ্ডৰ ফলত দুয়োটা পৰিয়ালৰ সমস্ত জুইত জাহ গৈছিল। 

অগ্নিকাণ্ডৰ ফলত সকলো সম্পত্তিৰ লগতে দৰিদ্ৰ পৰিয়াল দুটিৰ তিনিজনকৈ ছাত্ৰ-ছাত্ৰীৰ সমগ্ৰ পাঠ্যপুথি জুইত জাহ যায়। এই বাতৰি সংবাদমাধ্যম যোগে প্ৰচাৰ হয়৷ সোমবাৰে ওদালগুৰিৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ভৱেন দেউৰীয়ে পৰিয়াল দুটিৰ ভষ্মীভুত বাসগৃহত উপস্থিত হৈ ঘটনা সম্পৰ্কে বুজ লয়। 

ইয়াৰ পাছত বিষয়াগৰাকীয়ে পোনে পোনে ছাত্ৰ-ছাত্ৰীকেইগৰাকীয়ে অধ্যয়ণ কৰা স্থানীয় শংকৰদেৱ মিচন মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত হৈ কেউজন ভুক্তভোগী শিক্ষাৰ্থী ক্ৰমে অষ্টম শ্ৰেণীৰ মৰমী দাস, নৱম শ্ৰেণীৰ ভণিতা দাস আৰু দশম শ্ৰেণীৰ মাধৱ দাসক বিদ্যালয় চৌহদত পাঠ্যপুথি, বহী আৰু কলম প্ৰদান কৰে। 

ইপিনে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে কেউজন শিক্ষাৰ্থীকে বিদ্যালয়ৰ পোচাক প্ৰদানৰ আশ্বাস প্ৰদান কৰে। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীসকলৰ এই সমগ্ৰ কাৰ্যক বিষয়া জনৰ লগতে সচেতন মহলে প্ৰশংসা কৰে। অগ্নিকাণ্ডত সকলো হেৰুৱাই এতিয়াও মুক্ত আকাশৰ তলতে আশ্ৰয় লৈছে পৰিয়াল দুটাৰ সদস্যই। সেয়েহে স্থানীয় সুহৃদয় ব্যক্তি অথবা জনপ্ৰতিনিধিক সহায় কৰাৰ আহ্বান জনাই ৰাইজে৷