ওদালগুৰিঃ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ অন্তত শুকুৰবাৰে ওদালগুৰিত সামৰণি পৰিল শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। বিগত বুধবাৰৰপৰা অনুষ্ঠিত হোৱা এই দৌল মহোৎসৱখনিৰ আজি সামৰনি পৰে। বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি বুধবাৰে সন্ধিয়া গন্ধোৎসৱ অনুষ্ঠিত হয়। পুৱা নিত্য নাম-প্ৰসঙ্গৰ পাছত গন্ধোৎসৱৰ সন্ধিয়া কলীয়া গোসাঁইক সত্ৰৰ মণিকূটৰপৰা সত্ৰৰ চোতাললৈ উলিয়াই আনি এখন শৰাইৰ ওপৰত ৰখা হয়। 

সমানে সত্ৰৰ চোতালত প্ৰজ্বলন কৰা হয় আটচবাজী। বৰপেটাৰ থলুৱা শিল্পীৰ হাতৰ পৰশত নিৰ্মিত এই আটচবাজী উপভোগ কৰিবলৈ সত্ৰৰ চোতালত লোকেলোকাৰণ্য পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ পাছত মেজি প্ৰজ্বলন কৰি কলীয়া গোঁসাইক মেজিৰ চৌপাশ প্ৰদক্ষিণ কৰোৱা হয়। ইয়াৰ পাছত বৃহস্পতিবাৰে পালন কৰা হয় ভৰদৌল। উক্ত দিনা পুৱা নাম-প্ৰসঙ্গৰ পাছত সত্ৰৰ চোতালত খেল-ধেমালি অনুষ্ঠিত কৰা হয়। ইয়াৰ পাছত বিয়লি ৪:৩০ বজাত অনুষ্ঠিত হয় বাটৰ হোলী প্ৰতিযোগিতা। 

ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দৌল মহোৎসৱ উদযাপন সমিতিৰ সহযোগত স্থানীয় বিষ্ণুৰাভা কৃষ্টি সঙ্ঘ প্ৰাংগণৰপৰা উলিওৱা এই বাটৰ হোলী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বিভিন্ন প্ৰান্তৰ ১৫ টাকৈ পুৰুষ-মহিলাৰ হোলীৰ দলে। ইয়াৰ পাছত সন্ধিয়া সত্ৰ প্ৰাংগণৰ স্থায়ী মঞ্চত হোলীগীত প্ৰদৰ্শন কৰা হয়। 

আনহাতে, অন্তিমদিনা অৰ্থাৎ শুকুৰবাৰে অনুষ্ঠিত হয় সুঁৱেৰী তথা হোলী উৎসৱ। পুৱা নিত্য প্ৰসংগৰ পাছতে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত খেলা হয় হোলী। কণ-কণ শিশুৰপৰা আৰম্ভ কৰি যুৱক-যুৱতী কিম্বা আৱাল বৃদ্ধ মতলীয়া হৈ পৰে হোলীৰ আনন্দত। আবিৰৰ ৰঙত মনচঞ্চলা হৈ পৰি সকলোৱে হোলীৰ আনন্দ কৰা দেখা যায়। ইয়াৰ পাছত বিয়লি ২ বজাত শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰযপৰা উলিওৱা হয় কৃষ্ণৰ ঘুনুচা যাত্ৰা। গোসাঁইক চহৰৰ মাজেৰে সমদল কৰি মধ্য ওদালগুৰি ৰাখাল নামঘৰলৈ নি পুনৰ ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰলৈ অনা হয়। 

সমদলটি আহি সত্ৰৰ দুৱাৰমুখত উপস্থিত হোৱাৰ লগে লগে সত্ৰৰ চোতালত অনুষ্ঠিত হয় বাঁহ ভঙা পৰম্পৰা। এই পৰম্পৰাৰ অন্তত গোসাঁইক সত্ৰত প্ৰৱেশ কৰোৱা হয় আৰু সত্ৰৰ চাৰিওপাশ সাতবাৰ প্ৰদক্ষিণ কৰা হয়। এই উৎসৱ চাবলৈ সত্ৰৰ চোতালত হাজাৰ হাজাৰ জনতাই ভিৰ কৰাৰ লগতে বাঁহ ভঙা কাৰ্যত অংশ লয় শতাধিক যুৱক তথা পুৰুষসকল। এনেদৰে হাজাৰ হাজৰ লোকৰ সমাগমেৰে সাক্ষী হৈ ৰোৱা শ্ৰীকৃষ্ণৰ ঘুনুচা যাত্ৰা, সুৱেৰী উৎসৱৰ অন্তত ওদালগুৰিত সামৰণি পৰিল শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ।