ডিজিটেল ৰিপ'ৰ্টঃ নগাঁও কাণ্ডক লৈ উত্তাল হল সমগ্ৰ ৰাজ্য। খিলঞ্জীয়া অসমীয়াৰ ওপৰত অনা-অসমীয়াই চলোৱা আক্ৰমণৰ এই ঘটনাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল প্ৰতিটো জাতীয় দল-সংগঠন। আনকি নগাঁৱৰ এটা বঙালী সংগঠনে অসমীয়াৰ ওচৰত উক্ত ঘটনাৰ বাবে লজ্জাবোধ কৰি ক্ষমাও বিচাৰিলে।

কিন্তু ৰাজ্যবাসীৰ এই প্ৰতিবাদক একপ্ৰকাৰ উপহাস কৰি শুকুৰবাৰে বিধানসভাৰ মজিয়াত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটৱাৰীয়ে কয় যে নগাঁও কাণ্ডক লৈ আচলতে অসমীয়াসকল ক্ষুব্ধ হোৱাৰ কোনো কাৰণ নাই। ইয়াতেই ক্ষান্ত নাথাকি একাংশ দল আৰু সংগঠনেহে বিষয়টোক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা চলোৱা বুলি তেওঁ অভিযোগ কৰে।

চৰকাৰী বিবৃতি পাঠ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নগাঁও কাণ্ডত অনা-অসমীয়াই অসমীয়াৰ ওপৰত কোনো আক্ৰমণ চলোৱা নাই। ভিডিঅ’ ফুটেজে দেখ দেখকৈ সকলো স্পষ্ট কৰি তোলাৰ পিছতো চৰকাৰী বিবৃতিত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰাক্তন আলফা মুন বৰা আৰু তেওঁৰ সহযোগীসকলে বন্দুক দেখুৱাই ধন দাবী কৰিবলৈ যোৱা বাবেহে এনে অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ হ’ল।

'নগাঁও কাণ্ডক একাংশ দল-সংগঠনে সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা চলাইছিল। প্ৰকৃততে কিন্তু সেয়া নহয়। সেইদিনা আলফা সদস্যকেইজনে বন্দুক দেখুৱাই ব্যৱসায়ীকেইজনক ধন দাবী কৰিবলৈ গৈছিল। সেয়ে ব্যৱসায়ীকেইজনে আক্ৰমণ চলাবলৈ বাধ্য হৈ পৰে।’-চৰকাৰী বিবৃতি পাঠ কৰি মন্ত্ৰী চন্দ্ৰই কয়।

বিধানসভাত এনেদৰে নগাঁও কাণ্ডক লৈ চৰকাৰী বিবৃতি দিয়াৰ পিছতে পুনৰ ক্ষুব্ধ হৈ পৰিছে জাতীয় সংগঠনসমূহ। একাধিক জাতীয় সংগঠনে চৰকাৰৰ এনে কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে। জাতি-মাটি-ভেটিৰ কথা কোৱা দলটোৰ চৰকাৰে এনে বিবৃতি দিয়াতো শোভা নাপায় বুলিও ভিন্নজনে মন্তব্য কৰা পৰিলক্ষিত হৈছে।