মুছলপুৰঃ কোনোকালে নেদেখা প্ৰাণী এটাক দেখি মুছলপুৰৰ অহোপা গাঁওবাসীৰ মনত আজি কৌতুহলে দেখা দিয়ে। অহোপা গাঁৱৰ আশ্ৰব আলি নামৰ লোকজনৰ ঘৰৰ কাষৰে গাত এটাত উদ্ধাৰ হোৱা প্ৰাণীটো দৰাচলতে এটা বনৰৌ।

আলিয়ে বনৰৌটো তুলি আনি কিছু শুশ্ৰূষা কৰি সুস্থ কৰি তোলে।এই খবৰ বিয়পি পৰাৰ লগে লগে কোনোকালে নেদেখা অদ্ভূত আকৃতিৰ প্ৰাণীটো চাবলৈ বহুলোকে ভিৰ কৰে আলিৰ ঘৰত।

পিছত আলিয়ে মুছলপুৰত থকা বাটাবাৰী আঞ্চলিক বনবিভাগৰ কাৰ্যলয়ত খবৰ দিয়ে। বনবিভাগৰ লোক উপস্থিত হৈ প্ৰাণীটো বনৰৌ বুলি ৰাইজক জনায়।

সম্প্ৰতি এই প্ৰাণীবিধ অসমৰ বুকুত প্ৰায় বিলুপ্ত হৈছে আৰু অসমত কেইটামানহে বনৰৌ জীয়াই আছে।

বনৰৌ ক’ৰবাত ওলালে মঙহৰ বাবে হত্যা কৰা হয় যদিও আশ্ৰব আলীয়ে বনবিভাগক গোটাই দি মানৱীয়তাৰ পৰিচয় দিয়াত বন বিভাগে ধন্যবাদ জ্ঞাপন কৰে। পিছত বনৰৌটো বনবিভাগে বাটাবাৰী বনাঞ্চলত মুকলি কৰি দিয়ে।