নতুন দিল্লীঃ ২০১৯ লোকসভা নিৰ্বাচনীৰ প্ৰাকক্ষণত ৰাজনীতি দলৰ লগত জড়িত হোৱা নেতা, অভিনেতা আৰু তাৰকাসকলৰ প্ৰক্ৰিয়া বৰ্তমানলৈকে অব্যাহত আছে৷ ইয়াৰ মাজতেই বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মাতুণ্ডকাৰে বুধবাৰে কংগ্ৰেছ পাৰ্টীত যোগদান কৰে৷

দিল্লীত অনুষ্ঠিত কৰা এক অনুষ্ঠানত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ উপস্থিতিত উৰ্মিলাই দলটোত যোগ দিয়ে৷ আনহাতে, মুম্বাইৰ কংগ্ৰেছ নেতা মিলিন্দ দেৱড়া, মুখপাত্ৰ প্ৰিয়ংকা চতুৰ্বেদী আৰু ৰণদীপ সুৰেজৱালাই উৰ্মিলাক স-সন্মানেৰে আদৰণি জনায়৷

কংগ্ৰেছ টিকটৰ সহায়ত উৰ্মিলাই উত্তৰ মুম্বাইৰ আসনৰ বাবে নিৰ্বাচনীত থিয় দিয়াৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে৷ ৰাজনীতিৰ পথাৰত ভৰি দিয়া উৰ্মিলাই নিৰ্বাচনীৰ বাবে থিয় দিয়াৰ কথা অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই৷ 

কংগ্ৰেছলৈ উষ্ম আদৰণি জনোৱা অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী তথা দলৰ নেতৃবৃন্দলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাজনীতিৰ পথাৰখনত এয়া তেওঁৰ প্ৰথম এখোজ বুলি ব্যক্ত কৰে৷ দেশৰ স্বাধীনতাত অহিংসাৰ পথত চলা মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ স্বাধীনৰ মূল্য, দেশৰ সংবিধান আৰু গণতান্ত্ৰিক প্ৰমূল্যৰে দেশক আগবঢ়াই নিব লাগিব বুলি অভিনেত্ৰী গৰাকীয়ে কয়৷

বহুলোকৰ মনত এই বিষয়ে উদয় হোৱা প্ৰশ্নৰ উত্তৰ দিবলৈহে উৰ্মিলাই ৰাজনীতিত নামিছে বুলি ঘোষণা কৰে৷ তাৰকাসকলৰ গ্লেমাৰ, ফেন ফল’ৱাৰ বহুত থকাৰ বাবেই তেওঁলোকক ৰাজনীতিলৈ অনা হয় বুলি থকা ধাৰণাক নুই নকৰিও তেওঁ ৰাজনীতিলৈ অহাৰ কাৰণ আদৰ্শগত আৰু দেশসেৱাৰ মনোভাব বুলি জানিবলৈ দিয়ে।