ৱাশ্চিংটনঃ আইছিছক মষিমুৰ কৰাই আমেৰিকাৰ প্ৰথম লক্ষ্য৷ সমগ্ৰ বিশ্বৰে আতংকৰ কাৰণ হৈ পৰা আইছিছক নিৰ্মুল কৰা প্ৰথম উদ্দেশ্য হৈ পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ৷ কালি আমেৰিকা তথা ৬৮ খন দেশৰ যৌথ সেনাবাহিনীয়ে ইৰাকৰ মছুলত আকাশমাৰ্গেৰে আক্ৰমণ চলায়৷

এই আক্ৰমণত প্ৰায় ২০৯ লোকৰ মৃত্যু হয়৷ মছুল আইছিছৰ এক প্ৰধান ঘাটি হিচাবে বিবেচিত হৈছিল৷  আনহাতে আমেৰিকাৰ বিদেশ মন্ত্ৰী ৰেক্স টিলৰচনে এই যৌথ সেনাবাহিনীৰ সৈতে হোৱা প্ৰথম সাক্ষ্যাতকাৰত কয় যে আইছিছক ধূলিস্যাৎ কৰাই আমেৰিকাৰ প্ৰথম লক্ষ্য৷