ডিজিটেল ডেস্কঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিছিচিপিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত এজন আৰক্ষী বিষয়াকে ধৰি আঠজন লোক নিহত হৈছে।

দেওবাৰে লিনকলন কাউণ্টি নামৰ অঞ্চলৰ তিনিটাকৈ ঘৰত দুষ্কৃতিকাৰীয়ে প্ৰৱেশ কৰি গুলিবৰ্ষণ কৰে। এই গুলীবৰ্ষণ সন্দৰ্ভত এজন লোকক কৰায়ত্ত কৰিছে আৰক্ষীয়ে।

কৰায়ত্ত কৰা ব্যক্তিজনৰ বিৰুদ্ধে এতিয়ালৈ গোচৰ ৰুজু কৰা হোৱা নাই বুলি মিছিচিপি বিউৰ’ ইনভেষ্টিগেশ্যনৰ মুখপাত্ৰ ৱাৰেন ষ্ট্ৰেইনে সদৰী কৰিছে।

ঘটনাত নিহতসকলৰ নাম-ঠিকনা এতিয়ালৈ সদৰী কৰা নাই আৰক্ষীয়ে। তিনিওটা অৱস্থানৰপৰাই সাক্ষ্য সংগ্ৰহ কৰাৰ কথা সদৰী কৰিছে ষ্ট্ৰেইনে।

মিছিচিপিৰ ৰাজ্যপালে মৃতকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।