ডিজিটেল ডেস্কঃ পথেৰে গৈ থকা অৱস্থাত ম’বাইলত ব্যস্ত নাথাকিবলৈ দিয়া সতৰ্কবাণী আপুনি দেখিছে৷ উক্ত সতৰ্কবাণী দিয়া হয় আপোনাৰ সুৰক্ষাৰ বাবেই৷ পথত গৈ থকা অৱস্থাত ম’বাইলত ব্যস্ত থকাৰ বাবে আমাৰ ওচৰে-পাজৰে সঘনাই ঘটে দুৰ্ঘটনা৷

এনদৰে ম’বাইলৰ স্ক্ৰীণত চকু ৰাখোতেই ইফালে ভৰি গৈ সোমাল মেনহ’লত৷ আমেৰিকাৰ নিউ জাৰ্চি চহৰত এনেদৰে গভীৰ মেনহ’লত সোমাই গ’ল মহিলাগৰাকী৷ খোজ কাঢ়ি থাকোতে ম’বাইলত মেছেজৰ উত্তৰ দিয়াত হেনো ব্যস্ত আছিল মহিলাগৰাকী৷

তেতিয়াই পথৰ মেনহ’লত সোমাই পৰিল ৬৭ বৰ্ষীয়া মহিলাগৰাকী৷ ৬ ফুট গভীৰতাৰ মেনহ’লত সোমাই আহত হ’ল মহিলাগৰাকী৷ অৱশ্যে পথচাৰীসকলে তৎপৰতাৰে মহিলাগৰাকীক নিৰাপদে উদ্ধাৰ কৰে।