প্ৰতীক ফটো
প্ৰতীক ফটো

খাৰুপেটীয়াঃ লোভ সম্বৰণ কৰাৰ অভ্যাস গঢ়ি তোলক আপোনাৰ শিশুটিৰ। নহ'লে বৰফ খাই অসুস্থ হৈ পৰিব পাৰে আপোনাৰ সন্তানটি। অইন ঠাইৰ লোকসকলে নহ'লেও দৰং আৰু ওদালগুৰিবাসীয়ে এই ক্ষেত্ৰত সাৱধান হ'বৰ হ'ল।

অন্যাথাই প্ৰচণ্ড গৰমত বৰফ খোৱাৰ আনন্দ লওতেই পেটলৈ যাব পাৰে কেঁচু। কিয়নো খাৰুপেটীয়া নগৰত থকা কেবাটাও বৰফ প্ৰস্তুতকাৰী উদ্যোগে সহজে ধন ঘটাৰ মানসেৰে দীৰ্ঘদিন ধৰি উলংঘা কৰি আহিছে খাদ্য সংশোধনী প্ৰক্ৰিয়াৰ সকলো নিয়ম। এনে পৰিপ্ৰেক্ষিততে উক্ত বৰফ প্ৰস্তুতকাৰী উদ্যোগৰ পৰা দৰং আৰু ওদালগুৰি জিলাৰ বজাৰলৈ অহা বৰফত কেতিয়াবা যদি আলপিন পোৱা গৈছে আন কেতিয়াবা আকৌ পোৱা গৈছে প্লাষ্টিকৰ টুকুৰা।

সময়ে সময়ে এনে ধৰণৰ একাধিক অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে এইবাৰ উক্ত বৰফ উদ্যোগসমূহৰ বিৰুদ্ধে প্ৰমাণসহ উত্থাপিত হৈছে আন এক গুৰুতৰ অভিযোগ। প্ৰাপ্ত বাতৰি মতে বুধবাৰে খাৰুপেটীয়া সংলগ্ন বাহাবাৰী গাঁৱত সঞ্জীব পল নামৰ এজন হকাৰে বৰফ বিক্ৰী কৰি থকা অৱস্থাত ৫টা বৰফ কিনা এজন গ্ৰাহকৰ ৩টা বৰফৰ মাজত ৩টাকৈ কেঁচু ওলায়। 

বৰফৰ মাজত এনেদৰে কেঁচু ওলোৱাত অঞ্চলটোৰ লোকসকল ক্ষুব্ধ হৈ পৰে। ক্ষুব্ধ ৰাইজে কেবাঘণ্টা ধৰি আৱদ্ধ কৰি ৰাখে হকাৰজনক। ইফালে ঘটনা সংক্ৰান্তত হকাৰজনক সোধাত তেঁও বৰফত কেঁচু ওলোৱাৰ কথা স্বীকাৰ কৰে।

কালিৰ এই ঘটনাৰ পিছতে একাংশ সচেতন লোকে বৰফ প্ৰস্তুতকৰা ঠাকুৰপট্টীৰ উক্ত স্থান পৰিদৰ্শন কৰি এক তেনেই অস্বাস্থ্যকৰ পৰিৱেশত বৰফ প্ৰস্তুত কৰি থকা প্ৰত্যক্ষ কৰে। এই সন্দৰ্ভত জিলা প্ৰশাসন আৰু যোগান বিভাগক অতিশীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।