গোলকগঞ্জঃ অগপ, বিজেপি, বিপিএফ মিত্ৰদলৰ চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ আজিও বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত ৰাইজৰ অভাৱ দূৰ কৰিব পৰা নাই৷

বিশেষকৈ ৰাজ্য চৰকাৰ খনে বিশুদ্ধ খোৱাপনী যোগানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ পৰিৱৰ্তনৰ কথাকৈ ভোট লৈ চৰকাৰ গঠন কৰা তিনিটা দলে আজিও ৰাইজৰ সমস্যাক গুৰুত্ব আৰোপ নকৰি লেতেৰা ৰাজনীতি হে কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷

দুৰ্নীতিৰ বিৰুদ্ধে বৰ বৰ কথা কৈ এতিয়া দুৰ্নীতিক প্ৰশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ শূণ্য সহনশীলতাৰ কথা কৈ চৰকাৰ খনৰ নাকৰ তলতে এতিয়া সংঘটিত হ’ব ধৰিছে দুৰ্নীতি৷ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো ধৰোতা কোনো নাই৷

শেহতীয়াকৈ ধুবুৰী জিলাত সংঘটিত হৈছে বিশুদ্ধ খোৱাপানী যোগানৰ নামত ভয়াবহ কেলেংকাৰী৷ একাংশ ঠিকাদাৰে লাখ লাখ টকা লুটি ৰাইজক ৰামঠগন দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ যাৰ ফলত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ধুবুৰী জিলাৰ গোলকগঞ্জ এলেকাৰ ৰাইজে৷

গোলকগঞ্জৰ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ লোকসকলে বিষাক্ত আৰ্চেনিক সেৱন কৰি থকা বুলি অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে জনস্বাস্থ্য কাৰিকৰী বিভাগে ধুবুৰী জিলাৰ গোলকগঞ্জত দ’মকল-কুঁৱা, পানী উত্তোলন মেচিন বহুওৱাৰ নামৰ ভয়াবহ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ লাখ লাখ টকাৰ আঁচনিৰ দ’মকল-কুঁৱা, পানী উত্তোলন যন্ত্ৰ বহুওৱাৰ পিছতো আজিলৈ এটুপি পানী পাবলৈ সক্ষম হোৱা নাই৷

একপ্ৰকাৰ ভেকোঁভাওনাত পৰিণত হৈছে লাখ লাখ টকাৰ আঁচনি। গোলকগঞ্জাৰ গ্ৰাম্যঞ্চলৰ দৰিদ্ৰ ৰাইজক বিশুদ্ধ পানী যোগানৰ নামত বিভাগটোৱে ৩৯টা কুঁৱা আৰু দমকল বহুওৱাবৰ বাবে আঁচনি ৰূপায়ণ কৰে৷ প্ৰতিটো আঁচনিৰ বাবদ ৯৭ হেজাৰ টকাকৈ ধাৰ্য কৰে বিভাগটোৱে৷ ইয়াৰে ১২টা কুঁৱাত দমকলৰ সৈতে চোলাৰ বহুৱাই পানী উত্তোলনৰ মেচিন সংলগ্ন কৰাৰ ব্যৱস্থা কৰিবৰ বাবে আঁচনি ধাৰ্য কৰে৷ প্ৰতিটো আঁচনিৰ বিপৰীতে ধাৰ্য কৰা হয় ৪ লাখ ৭০ হেজাৰ টকাকৈ।

বিভাগটোৱে সময় মতে নিবিদা অনুষ্ঠিত কৰি ধুবুৰীৰ মনোৰঞ্জন দেব বৰ্মন আৰু গুৱাহাটীৰ এম এছ কনষ্ট্ৰাকছনক কুৱা-দমকল বহুওৱাবৰ বাবে ঠিকা প্ৰদান কৰে। ২০১৬-২০১৭ বৰ্ষত ঠিকাদাৰে কুঁৱা নিৰ্মাণ কৰি দমকলৰ সৈতে চ’লাৰ সংলগ্ন কৰি কাম সম্পূৰ্ণ কৰে৷

কিন্তু পৰিতাপৰ বিষয় এই যে কোনো এটা কুৱা, দ’মকল আৰু পানী উত্তোলন মেচিনে আজিলৈ পানী যোগান ধৰিব পৰা নাই৷ ৰাইজৰ অভিযোগ মতে, পানী উত্তোলন আঁচনি সমূহ ঠিকাদাৰে নিৰ্মাণৰ নামত চলাইছে লুন্ঠনৰাজ। এবছৰ পূৰ্বে নিৰ্মাণ কৰা আঁচনি সমূহৰ পৰা ৰাইজে লাভ কৰা নাই পানী।

নিম্নমানৰ সামগ্ৰী, গাতৰ গভীৰতা কম কৈ দি কুঁৱা বহুওৱাৰ ফলত এনে অৱস্থা হোৱা বুলি অভিযোগ উত্থাপন হয়৷ গোলকগঞ্জৰ অসম-বংগ সীমান্তৰ খেৰবাৰী অঞ্চলত এনে কেইবাটাও আঁচনি এতিয়া ভাঙি-চিঙি যাব ধৰিছে৷ চৰকাৰে লাখ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা আঁচনি সমূহ এতিয়া বিকল হৈ পৰি আছে।

নিম্ন মানৰ সামগ্ৰী আৰু সামান্য দ’ গাত খান্দিয়েই দায়িত্ব সামৰাৰ ফলত পানী নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। হালাকুৰা শিশু নিকেতনৰ চৌহদত কণ কণ শিশুৰ বাবে বহুওৱা কুৱাৰ নিৰ্মাণৰ কাম আজিলৈ সমাপ্ত নহ’ল৷ এবছৰ ধৰি আধাৰুৱা অৱস্থাত পেলাই থৈ ঠিকাদাৰ নিৰুদ্দেশ হৈ থকা বুলি অভিযোগ উত্থাপন হয়।

আঁচনিৰ এনে অৱস্থাৰ কথা বিভাগক জনোৱাৰ পিছতো কাণসাৰ নাই। ঠিকাদাৰে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে গোপন বুজাবুজিৰে লুন্ঠন চলোৱা বুলি অভিযোগ উত্থাপন হৈছে। বৰ বৰ কথা কোৱা শূণ্য সহনশীলতাৰ কথা কোৱা কোৱা চৰকাৰ খনে দুৰ্নীতিৰ তদন্ত কৰি ঠিকাদাৰক শাস্তি প্ৰদান কৰাৰ দাবী জনায়৷ পৰিৱৰ্তনৰ কথা কৈ শাসনৰ গাদী দখল কৰা মন্ত্ৰী-বিধায়কসকল এতিয়া ভিআইপিত পৰিণত হৈছে বুলি ক্ষোভ উজাৰে ৰাইজে৷

মন্ত্ৰী-বিধায়কসকলে এতিয়া দৰিদ্ৰ, শ্ৰমিকৰ সমস্যাক গুৰুত্ব প্ৰদান কৰা দেখা নাযায় বুলিও কয়৷ নিৰ্বাচনৰ যোৱাৰ পিছতে সম্ভ্ৰান্ত হৈ পৰা মন্ত্ৰী-বিধায়কসকল এতিয়া হিন্দু-মুছলমান, ধৰ্ম, জাত-পাতক লৈ ৰাজনীতি কৰাত ব্যস্ত হৈ পৰিছে৷ গ্ৰাম্য অঞ্চলৰ লোকসকলে এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ বটলৰ পানী কিনি খোৱা মন্ত্ৰী, বিধায়ক, বিষয়াই গাঁৱৰ লোকৰ খোৱা পানীৰ সমস্যাৰ কথা বুজিবলৈ সময় নাই৷ কিয়নো তেওলোকে প্ৰায়ে বটলৰ হে পানী সেৱন কৰে বুলি কয় ৰাইজে৷