ডিজিটেল ডেস্কঃ বৰ্তমান সমগ্ৰ বিশ্বতে জলসংকটে গভীৰ সমস্যা কঢ়িয়াই আনিছে৷ এই জলসংকটৰ বাবেই ছাহাৰা মৰুভূমিত মৃত্যু হ’ল ৪৪ গৰাকী লোকৰ৷

জানিব পৰা অনুসৰি ৫০ গৰাকী লোক থকা গাড়ী এখন ছাহাৰা মৰুভূমিৰ মাজত যান্ত্ৰিক বিজুতি ঘটে৷ এই বিজুতিৰ ফলত মৰুভূমিৰ মাজত আবদ্ধ হৈ পৰে গাড়ীখন৷

উৎকট গৰমত পিয়াহত আতুৰ হৈ পৰে লোকসকল৷ অৱশেষত পানীৰ অভাৱত ৪৪ গৰাকী লোকৰ মৃত্যু হয়৷ বাকী ৬ গৰাকী লোক বহু দূৰৰ গাঁৱলৈ কথমপি গৈ প্ৰাণ ৰক্ষা কৰে৷ মৃত লোকসকলৰ ভিতৰত কেইবাটাও শিশু আছে৷

নাইজেৰিয়াৰ এক সংবাদ পত্ৰিকাত প্ৰকাশিত তথ্য অনুসৰি লোক কেইজন ঘানা আৰু নাইজেৰিয়াৰ পৰা লিবিয়ালৈ গৈ আছিল৷

উল্লেখযোগ্য এই পথৰ যাত্ৰা খুবেই বিপদসংকুল৷ যাত্ৰীসকলে কেইলিটাৰমান পানীৰ ওপৰত নিৰ্ভৰ কৰিয়েই এই যাত্ৰা কৰে৷