বিশেষ প্ৰতিবেদনঃ বিৰোধীৰ বৰ্জন, তুমুল বিতৰ্কৰ মাজতো অৱশেষত আজি উদ্বোধন কৰা হ’ল নতুন সংসদ ভৱন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সৰ্বধৰ্ম বাণীৰে, সাষ্টাংগ প্ৰণিপাত কৰি আজি মহা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উদ্বোধন কৰিলে অত্যাধুনিক সা-সুবিধাসম্পন্ন সুবিশাল সংসদ ভৱনটো।

নতুন সংসদ ভৱন উদ্বোধনৰ পৰা আৰম্ভ হ’বলগীয়া কিছুমান নতুন পৰম্পৰাৰ ভিতৰত অন্যতম হ’ল ছেংগোল স্থাপন। প্ৰধানমন্ত্ৰীয়ে শনিবাৰে তামিলনাডুৰ অধিনাম মঠৰ পৰা ছেংগোল গ্ৰহণ কৰাৰ পিছত আজি লোকসভাৰ অধ্যক্ষৰ আসনৰ ঠিক ওচৰত ধৰ্মীয় ৰীতি-নীতিৰে স্থাপন কৰা হয়।

ছেংগোলক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ দাবী

নতুন সংসদ ভৱনত ছেংগোল স্থাপন সম্পৰ্কে বুধবাৰেই সংবাদমেলযোগে অৱগত কৰিছিল দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। সংবাদমেলত তেওঁ দাবী কৰা মতে, ১৯৪৭ চনৰ ১৪ আগষ্টত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে তামিল পুৰোহিতৰ হাতৰ পৰা গ্ৰহণ কৰিছিল ছেংগোল।

অমিত শ্বাহে দাবী কৰা মতে, প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত নেহৰুৱে বৃটিছৰ পৰা ভাৰলৈ ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে মানি লৈছিল ছেংগোলক। পিছলৈ তেওঁ ছেংগোল দণ্ডডাল এটা সংগ্ৰাহলয়ত ৰখাৰ ব্যৱস্থা কৰিছিল।

ছেংগোলক স্বাধীন ভাৰতৰ প্ৰতীক হিচাপে একপ্ৰকাৰ প্ৰমাণ কৰিব বিচাৰি অমিত শ্বাহে সংবাদমেলত এই কথাও সদৰী কৰিছিল যে এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ তৎপৰতাত ছেংগোলক সংগ্ৰাহলয়ৰ পৰা উলিয়াই আনি নতুন সংসদ ভৱনত স-সন্মানে স্থাপনৰ ব্যৱস্থা কৰা হৈছে।

কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহৰ দাবী মানি ল’বলৈ অস্বীকাৰ কৰিছে একাংশ ইতিহাসবিদে। বিশেষজ্ঞসকলে দাবী কৰা মতে, ছেংগোলক পণ্ডিত নেহৰুৱে ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে মানি লোৱাৰ সম্ভাৱনা একেবাৰে নগণ্য।

অমিত শ্বাহৰ দাবীৰ বিৰোধিতা ইতিহাসবিদৰ

‘চিলেক্টেড ৱৰ্কছ অৱ জৱাহৰলাল নেহৰু’ৰ সম্পাদক অধ্যাপক মাধৱন পালাটে দাবী কৰা মতে, লৰ্ড মাউণ্টবেটেনে প্ৰধানমন্ত্ৰী নেহৰুক এই ছেংগোল দণ্ড প্ৰদান কৰাৰ বিষয়তো মুঠেই গ্ৰহণযোগ্য নহয়।

তেওঁ ইয়াৰ দুটা কাৰণ বৰ্ণনা কৰি কয় যে মাউণ্টবেটেনে যদি ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে নেহৰুৰ হাতত গতাই দিলেহেঁতেন তেন্তে ইয়াৰ বহুল প্ৰচাৰ হ’লহেঁতেন। কিয়নো ইংৰাজে প্ৰচাৰৰ বাবে সদায়েই প্ৰচেষ্টা হাতত লৈছিল। ছেংগোল সেই সময়ত ইংলেণ্ডৰ মহাৰাণীৰ ৰাজদণ্ডৰ সমানেই গুৰুত্বপূৰ্ণ আছিল। যাৰ বাবে মাউণ্টবেটেনে এই দণ্ড নেহৰুৰ হাতত ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে অৰ্পণ কৰা হ’লে, ইয়াৰ যথেষ্ট প্ৰচাৰ কৰা হ’লহেঁতেন। 

দ্বিতীয়তে, নেহৰুৱে কেতিয়াও ঔপনিৱেশিক দেশৰ হৈ ক্ষমতাৰ এনে কোনো প্ৰতীক মানি লোৱা নাছিল। এই প্ৰতীকবাদ ভুল। তেওঁ কেৱল ভাৰতৰ জনসাধাৰণৰ পৰা, সংবিধান সভা, সংবিধান বা কোনো সমতুল্য প্ৰতিষ্ঠানৰ পৰা পোনপটীয়াকৈ ক্ষমতা লাভ কৰিছিল।

তামিলনাডুৰ থাঞ্জাভুৰৰ তামিল বিশ্ববিদ্যালয়ৰ পুৰাতত্ত্বৰ অধ্যাপক এছ ৰাজাভেলুৱে ছেংগোলৰ ইতিহাস সম্পৰ্কে জানিবলৈ দিয়া মতে, তামিল ভাষাত ৰাজদণ্ড বা ছেংগোলৰ অৰ্থ হৈছে ন্যায়। তামিল ৰজাসকলৰ হাতত এই ছেংগোল আছিল আৰু এই ছেংগোলক সুশাসনৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। মানিমেইলাই মহাকাব্যত ছেংগোলৰ গুৰুত্বক অতি স্পষ্টভাৱে বৰ্ণনা কৰা হৈছে।

এছ ৰাজাভেলুৰ মতে, বিশ্ববিখ্যাত থিৰুক্কুৰাল সাহিত্যতো ছেংগোলৰ উল্লেখ আছে। তেওঁ কয়, ‘‘ভাৰত স্বাধীন হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত জৱাহৰলাল নেহৰুক উপহাৰ দিয়া হৈছিল। ভাৰতৰ তেতিয়াৰ গৱৰ্ণৰ জেনেৰেল চি ৰাজগোপালাচাৰীয়ে নেহৰুক পৰামৰ্শ দিছিল যে ইংৰাজে ভাৰতক ক্ষমতা অৰ্পণ কৰা ফলক এখন চিত্ৰিত কৰিব লাগে।"

ৰাজাগোপালাচাৰীয়ে চোল সাম্ৰাজ্যৰ পৰম্পৰাৰ কথা উল্লেখ কৰে, য’ত ৰাজ অভিষেকৰ সময়ত ‘ৰাজদণ্ড’ ৰজাৰ হাতত গতাই দিয়া হয়। ৰাজভেলুৱে কয়, ‘‘যিহেতু চৰকাৰে একে পৰম্পৰা অনুসৰণ কৰিব বিচাৰিছিল, গতিকে এতিয়া ইয়াক সংসদত ৰখা হৈছে।"

দিল্লীৰ ড০ বি আৰ আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ স্কুল অৱ কালচাৰ এণ্ড ক্ৰিয়েটিভ এক্সপ্ৰেছনৰ নৃতত্ত্বৰ সহযোগী অধ্যাপক ৰাজন কুৰাই কৃষ্ণনে কয়, ‘‘গণতন্ত্ৰৰ দুটা ধাৰা আছে। এটা হৈছে জনসাধাৰণৰ আত্মশাসন, যিটো নিৰ্বাচিত প্ৰতিনিধি আৰু বিৰোধীয়ে পৰিচালনা কৰে। আনটো হৈছে বাহ্যিক শক্তিৰ বিৰুদ্ধে সামূহিক সাৰ্বভৌমত্ব। দ্বিতীয় ধাৰাটোক এটা প্ৰতীকৰ প্ৰয়োজন। যেনে ইংলেণ্ডত এজন ৰজা বা আমেৰিকাৰ হোৱাইট হাউছত এজন ৰাষ্ট্ৰপতি আছে। ভাৰতৰ স্বাধীনতাৰ সময়তো একেধৰণৰ কিবা এটা হৈছিল।’’

অধ্যাপক কৃষ্ণনে কয়, ‘‘বোধহয় নেহৰুৱে এই বিষয়ত আগ্ৰহী নাছিল কাৰণ তেওঁ এজন দুৰ্ঘোৰ গণতন্ত্ৰবাদী আছিল আৰু এই পৰম্পৰাগত কামবোৰৰ প্ৰতি আগ্ৰহী নাছিল। সেইবাবেই তেওঁ ছেংগোলক এলাহাবাদ সংগ্ৰহালয়লৈ পঠিয়াইছিল।"

অৱশ্যে বিজেপিয়ে ৰাজতন্ত্ৰসদৃশ ক্ষমতাৰ উত্তৰাধিকাৰৰ প্ৰতি আগ্ৰহী হোৱাটো অতি আকৰ্ষণীয়। বিজেপিয়ে ৰিপাব্লিকান পাৰ্টি অৱ আমেৰিকাৰ দৰে কেন্দ্ৰীভূত ক্ষমতাৰ দাবী কৰে বুলিও মন্তব্য কৰে অধ্যাপক কৃষ্ণনে।

ৰাজতন্ত্ৰৰ বিৰোধী আছিল পণ্ডিত নেহৰু

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ইতিহাসৰ অধ্যাপনা কৰা অধ্যাপক পালাটে কয়, ‘‘ছেংগোলক যদি ৰাজতন্ত্ৰৰ প্ৰতীক হিচাপে গণ্য কৰা হয়, তেন্তে এয়া ঠিক যে পণ্ডিত নেহৰুৱে তেনে প্ৰতীক কেতিয়াও গ্ৰহণ নকৰিলেহেঁতেন। বৰং তেনে প্ৰতীক তেওঁক প্ৰদান কৰা হ’লে তেওঁ ক্ষুব্ধ হৈ পৰিলেহেঁতেন।"

তেওঁ কয়, ‘‘আমি চোল সাম্ৰাজ্যৰ ৰাজত্বকালৰ কথা ক'ব পাৰো, কিন্তু নেহৰুৱে ৰাজতন্ত্ৰৰ প্ৰতীক গ্ৰহণ কৰাৰ কথাটো একেবাৰে অৰ্থহীন। তেওঁ কেৱল ব্ৰিটিছৰাজৰ বিৰুদ্ধেই নহয়, ৰাজতন্ত্ৰৰ বিৰুদ্ধেও যুঁজিছিল।"

অধ্যাপক পালাটে অৱশ্যে স্বীকাৰ কৰে যে প্ৰধানমন্ত্ৰী নেহৰুৱে হয়তো কোনো ধৰণৰ উপহাৰ গ্ৰহণ কৰাটো সম্ভৱ। কিন্তু ক্ষমতাৰ হস্তান্তৰ নহয়। ছেংগোলক 
নেহৰুৱে ক্ষমতাৰ প্ৰতীক হিচাপে একেবাৰেই গ্ৰহণ কৰা নাছিল। এই ধৰণৰ দাবী কৰাতো একেবাৰেই ভুল বুলিও দাবী কৰে পালাটে।

অধ্যাপক মাধৱন পালাটৰ মতে, যদি ছেংগোল ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক প্ৰদান কৰা হ’লহেঁতেন, তেন্তে ইয়াৰ কোনো নহয় কোনো তথ্য থাকিলহেঁতেন। এনে এটা গুৰুত্বপূৰ্ণ পৰিঘটনাৰ কোনো আনুষ্ঠানিক ৰেকৰ্ড নথকাটো সম্ভৱ হ’বই নোৱাৰে। 

অধ্যাপক মাধৱন পালটে আৰু কয়, 'নেহৰুক ছেংগোল দিয়া বুলি অমিত শ্বাহে দাবী কৰা মন্দিৰটোৰ মুৰব্বী বা তাৰ প্ৰতিনিধি কোন যিয়ে ক্ষমতাৰ হস্তান্তৰৰ প্ৰতীকা হিচাপে সেয়া অৰ্পণ কৰিছিল? সেই বিশেষ ব্যক্তিজনৰ গণতান্ত্ৰিক অধিকাৰেই বা কি আছিল? একোৱেই নাছিল। যদি এয়া দাবী কৰা ধৰণেই ক্ষমতাৰ হস্তান্তৰকৰণ আছিল তেন্তে তাৰ কোনো নহয় কোনো সাক্ষ্য প্ৰমাণ নিশ্চয় থাকিলহেতেন, কোনো ৰেকৰ্ড বা এনে কোনো বস্তু থাকিলহেতেন। কেৱল মন্দিৰৰ কথা বুলি দাবী কৰিলেই সেয়া বিশ্বাস কৰা নাযায়। এনে গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক ঘটনাৰ ৰেকৰ্ড থাকিলহেতেন। কিন্তু ক’তোৱেই ইয়াৰ উল্লেখ নাই।’    

তেওঁ লগতে এয়াও প্ৰশ্ন কৰে, ‘‘এয়া যদি ক্ষমতা হস্তান্তৰৰ ইমান গুৰুত্বপূৰ্ণ প্ৰতীক, তেন্তে ইয়াক এলাহাবাদৰ সংগ্ৰহালয়ত কিয় ৰখা হৈছিল, কিয় ইয়াক উলিয়াই আনিবলৈ ৭৫ বছৰৰ প্ৰয়োজন হ’ল?’’

চৰকাৰ আৰু ইতিহাসবিদৰ মাজত মতপাৰ্থক্য থাকিলেও স্বাধীন ভাৰতৰ ৭৫ বছৰীয়া ইতিহাসত এতিয়া ছেংগোল এক চৰ্চিত বিষয় হৈ পৰিছে।

আজি সংসদ ভৱনৰ উদ্বোধনীৰ সময়ত তামিল পুৰোহিতৰ পৰা ছেংগোল গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী মোদীৰ কেইবাখনো ফটো সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে। ছেংগোলক বিজেপি চৰকাৰে স্বাধীন ভাৰতৰ ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে ল’ব বিচাৰিছে। কিন্তু ইতিহাসবিদ আৰু বিশেষজ্ঞই চৰকাৰৰ সম্পূৰ্ণ বিপৰীত মত প্ৰকাশ কৰিছে।

বিৰোধী দলৰ উদ্বোধনী অনুষ্ঠান বৰ্জনৰ ঘোষণা

একাধিক বিতৰ্কৰ মাজতে আজি কংগ্ৰেছ দলসহ আন ১৯ টা ৰাজনৈতিক দলে উমৈহতীয়া বিজ্ঞপ্তিযোগে আজিৰ সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান বাতিলৰ কথা ঘোষণা কৰিছিল। ঘোষণা অনুযায়ী কংগ্ৰেছসহ মুঠ ২০ টা বিৰোধী দলে আজিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ পৰা বিৰত থাকে। বিপৰীতে বিএছপি, বিজেডি, টিডিপি, ৱাইএছআৰচিপি, এআইডিএমকে, পিডিপি আৰু বিআৰএছ দলে আজিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

কংগ্ৰেছসহ ২০ টা বিৰোধী দলে এক প্ৰেছ বিজ্ঞপ্তিযোগে উল্লেখ কৰি কয়, 'ৰাষ্ট্ৰপতি মূৰ্মুক সম্পূৰ্ণৰূপে একাষৰীয়া কৰি নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাগ ল’বলৈ গ্ৰহণ কৰা সিদ্ধান্ত সমগ্ৰ দেশবাসীক অপমান কৰাতোৱেই নহয়, এয়া হৈছে পোনপটীয়াকৈ গণতন্ত্ৰক কৰা অপমান। সেয়ে আমি এই অনুষ্ঠান বৰ্জন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো।’

বিৰোধী দলসমূহে আৰু কৈছে যে ভাৰতৰ সংবিধানৰ ৭৯ নং অনুচ্ছেদ অনুযায়ী সংঘীয় ব্যৱস্থাত সংসদৰ কথা কোৱা হৈছে য’ত ৰাষ্ট্ৰপতি আৰু দুখন সদনৰ বিষয়ে উল্লেখ আছে। এনে পৰিপ্ৰেক্ষিত নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত সংসদৰ অভিন্ন অংগস্বৰূপ ৰাষ্ট্ৰপতিক একাষৰীয়াকৈ ৰখাতো ৰাষ্ট্ৰপতিৰ বাবে অপমানজনক বুলি উল্লেখ কৰাৰ লগতে এয়া গণতন্ত্ৰ বিৰোধী বুলিও দাবী কৰিছে বিৰোধী দলসমূহে।

'এয়া মোদী চৰকাৰে সংবিধানক কৰা অপমান। যেতিয়া গণতন্ত্ৰৰ আত্মাকেই সংসদৰ পৰা নাইকিয়া কৰি দিয়া হয় তেনেক্ষেত্ৰত আমি নতুন সংসদ ভৱনক লৈ গৌৰৱ কৰাৰ কোনো থল বিচাৰি নাপাও।’-বিৰোধী দলসমূহৰ দাবী।