বিজ্ঞান-প্ৰযুক্তিৰ সহায়ত ৰাম নৱমীৰ দুপৰীয়া অযোধ্যাৰ ৰাম মন্দিৰত আলোকিত হৈ পৰিল ৰাম লালা। ১৭ এপ্ৰিল অৰ্থাৎ বুধবাৰে ৰাম নৱমী উপলক্ষে এক আকাশী পৰিঘটনাৰ সৃষ্টি হ’ল ৰাম মন্দিৰত। এই দিনটোতে ৰাম মন্দিৰত প্ৰতিস্থাপিত ভগৱান শ্ৰীৰামৰ বাল্য কালৰ প্ৰতিমূৰ্তি অৰ্থাৎ ৰাম লালাৰ কপালত মন্দিৰৰ অনন্য ডিজাইনৰ মাজেৰে সৰকি তিলক সানিলে সূৰ্যৰ একাজলি কিৰণে।  

একাংশ লোকে ইয়াক অলৌকিক পৰিঘটনা সদৃশ আখ্যা দিয়া দেখা গ'লেও প্ৰকৃততে এয়া আছিল বিজ্ঞান-প্ৰযুক্তিৰ সাধাৰণ সূত্ৰৰ সমাহাৰ। আইনা আৰু লেন্সৰ উদ্ভাৱনী ব্যৱস্থাই ৰাম নৱমীৰ দুপৰীয়া ৰাম লালা মূৰ্তিৰ কপালত সূৰ্যৰ ৰশ্মি উদ্ভাষিত কৰি তোলে। হিন্দুৰ আৱেগৰ সৈতে জড়িত অযোধ্যাৰ ৰাম মন্দিৰৰ এই ঘটনাই গৌৰৱান্বিত কৰিছে ৰামভক্তসকলক। ৰাম মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে, এতিয়াৰে পৰা প্ৰতি বছৰে ৰাম নৱমীৰ দিনটোত ৰাম লালাৰ কপালত অংকিত কৰা হ’ব এই সূৰ্য তিলক। প্ৰত্যেক বছৰৰ চ’ত মাহৰ নৱম দিনা ভগৱান শ্ৰীৰামৰ জন্ম উপলক্ষে আয়োজন কৰা হ’ব এই সূৰ্য তিলক অনুষ্ঠানৰ।

সূৰ্য তিলকৰ আঁৰৰ বিজ্ঞান

প্ৰাচীন আচাৰ-ব্যৱহাৰ আৰু আধুনিক প্ৰযুক্তি তথা আলোক বিজ্ঞানৰ উল্লেখযোগ্য মিশ্ৰণ সূৰ্য তিলক। এই পৰিঘটনাটো ঘটে যেতিয়া সূৰ্যৰ পোহৰৰ এক কেন্দ্ৰীভূত ৰশ্মিয়ে ৰাম লালাৰ মূৰ্তিৰ কপালত সূক্ষ্মভাৱে স্পৰ্শ কৰি এটা প্ৰতীকাত্মক তিলক গঠন কৰে। ইয়াক লাভ কৰিবলৈ মন্দিৰৰ গঠনৰ ভিতৰত দাপোণ আৰু লেন্স কৌশলগতভাৱে স্থাপন কৰা হয়।

সূৰ্য তিলকৰ সঠিকতা নিশ্চিত কৰাৰ ক্ষেত্ৰত জ্যোতিপদাৰ্থ আৰু অভিযান্ত্ৰিক বিজ্ঞানৰ বিশেষজ্ঞকে ধৰি বৈজ্ঞানিক সমাজ আৰু মন্দিৰ কৰ্তৃপক্ষৰ মাজত সহযোগিতা অতি গুৰুত্বপূৰ্ণ। এই সহযোগিতাই বিশ্বাস আৰু যুক্তিৰ সুষম সহাৱস্থানৰ প্ৰতীক সমসাময়িক বৈজ্ঞানিক নীতি গ্ৰহণ কৰাৰ লগতে পৰম্পৰা ৰক্ষাৰ প্ৰতি মন্দিৰৰ দায়ৱদ্ধতাক উজ্জ্বল কৰি তুলিছে বুলি ধৰ্মবিশ্বাসী লোকসকলে মন্তব্য কৰিছে।

ৰাম মন্দিৰৰ সূৰ্য তিলক প্ৰকল্পটোৰ সৈতে জড়িত চি এছ আই আৰ- চি বি আৰ আই ৰুৰকীৰ বিজ্ঞানী ডাঃ এছ কে পানীগ্ৰাহীয়ে কয়, "সূৰ্য তিলক প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে প্ৰতিটো শ্ৰীৰাম নৱমীৰ দিনত শ্ৰীৰামৰ মূৰ্তিৰ কপালত এটা 'তিলক' কেন্দ্ৰীভূত কৰা। প্ৰকল্পৰ অধীনত ৰাম নৱমীৰ দিনা দুপৰীয়া ভগৱান ৰামৰ কপালত সূৰ্যৰ পোহৰ অনা হ'ব। প্ৰতি বছৰে চ’ত মাহত এই সূৰ্য তিলক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।” বিজ্ঞানীগৰাকীয়ে লগতে কয় যে প্ৰতি বছৰে সূৰ্যৰ অৱস্থান সলনি হয় আৰু বিশদ হিচাপ অনুসৰি ৰাম নৱমীৰ তাৰিখ প্ৰতি ১৯ বছৰৰ মূৰে মূৰে পুনৰাবৃত্তি হয়।

উল্লেখ্য যে, ১৭ এপ্ৰিলত ৰাম লল্লাৰ কপালত প্ৰত্যক্ষ হোৱা সূৰ্যৰ ৰশ্মিৰ তিলকটোৰ পৰিকল্পিত আকাৰ আছিল ৫৮ মিলিমিটাৰ। প্ৰায় ৩-৩.৫ মিনিট সময় প্ৰতিমূৰ্তিৰ কপালত এই তিলকটো দেখা গৈছিল আৰু প্ৰায় ২ মিনিট সময় সম্পূৰ্ণৰূপে আলোকিত হৈ আছিল। মন্দিৰ ট্ৰাষ্টে কয়, “ৰাম লালাৰ ‘সূৰ্য অভিষেক’ উচ্চমানৰ দাপোণ আৰু লেন্সৰ সৈতে অপ্টোমেকানিকেল ব্যৱস্থা ব্যৱহাৰ কৰি সম্পন্ন কৰা হয়।”

চেণ্ট্ৰেল বিল্ডিং ৰিচাৰ্চ ইনষ্টিটিউট (চিবিআৰআই), ৰুৰকীৰ বিজ্ঞানী তথা সঞ্চালক ড০ প্ৰদীপ কুমাৰ ৰামসৰলাই অপ্টোমেকানিকেল চিষ্টেমৰ জটিল কাম-কাজৰ বিষয়ে ব্যাখ্যা কৰি কয়, "অপ্টো-মেকানিকেল চিষ্টেমটো চাৰিটা মিৰ'ৰ আৰু টিল্ট মেকানিজম আৰু পাইপিং চিষ্টেমৰ ভিতৰত ফিট কৰা চাৰিটা লেন্সেৰে গঠিত। টিল্ট মেকানিজমৰ বাবে এপাৰচাৰ থকা সম্পূৰ্ণ কভাৰটো ওপৰৰ মহলাত স্থাপন কৰি আইনা আৰু লেন্সৰ জৰিয়তে সূৰ্যৰ ৰশ্মি গৰ্ভ গৃহলৈ ডাইভাৰ্ট কৰা হয়।"

তেওঁ লগতে কয়, "লেন্স আৰু দাপোণৰ দ্বাৰা সূৰ্যৰ ৰশ্মি পূবমুখী শ্ৰীৰামৰ কপালত কেন্দ্ৰীভূত কৰা হয়। হেলনীয়া ব্যৱস্থাৰ সহায়ত প্ৰথম দাপোণৰ হেলনীয়া অৱস্থা সামঞ্জস্য কৰা হয়, সূৰ্যৰ ৰশ্মি উত্তৰ দিশলৈ ২ নং দাপোনলৈ প্ৰেৰণ কৰি প্ৰতিবাৰ সূৰ্য তিলক বনোৱা হয়। ৰাম নৱমীৰ দিনটোত সূৰ্যৰ কিৰণ গৰ্ভ গৃহত প্ৰৱেশৰ বাবে পাইপিং আৰু অন্যান্য অংশ পিতলৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰাৰ লগতে ওপৰৰ এপাৰচাৰত সূৰ্যৰ তাপৰ তৰংগ মূৰ্তিটোৰ কপালত পৰাত বাধা দিবলৈ ইনফ্ৰাৰেড ফিল্টাৰ গ্লাছ ব্যৱহাৰ কৰা হৈছে।”

উল্লেখ্য যে, ‘সূৰ্য তিলক’ ব্যৱস্থাৰ বিকাশৰ বাবে ৰুৰকীৰ চিবিআৰআই আৰু বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ’ফিজিক্স (আইআইএপি)ৰ বিজ্ঞানীসকলৰ সহযোগিতা জড়িত আছিল। বিশেষ গিয়াৰবক্স ব্যৱহাৰ কৰি আৰু প্ৰতিফলিত দাপোন আৰু লেন্স ব্যৱহাৰ কৰি দলটোৱে সৌৰ অনুসৰণৰ প্ৰতিষ্ঠিত নীতি ব্যৱহাৰ কৰি মন্দিৰৰ তৃতীয় মহলাৰ পৰা ভিতৰৰ গৰ্ভ গৃহলৈকে সূৰ্যৰ ৰশ্মিৰ নিখুঁত প্ৰান্তিককৰণৰ পৰিকল্পনা কৰিছিল। ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ’ফিজিক্সৰ কাৰিকৰী সহায় আৰু বেংগালুৰুস্থিত অপ্টিকা নামৰ কোম্পানীটোৰ উৎপাদন বিশেষজ্ঞই প্ৰকল্পটোৰ নিষ্পাদনত আৰু অধিক সহায় কৰিছিল।

ৰূৰকী কেন্দ্ৰীয় বিল্ডিং ৰিচাৰ্চ ইনষ্টিটিউটৰ বিজ্ঞানী ড০ প্ৰদীপ চৌহানে কয় যে প্ৰতিবছৰে ‘সূৰ্য তিলক’-এ ৰামলালাৰ প্ৰতিমূৰ্তিত ত্ৰুটিহীনভাৱে অভিষেক কৰিব। চন্দ্ৰ পঞ্জিকাৰ ওপৰত ভিত্তি কৰি ৰাম নৱমীৰ নিৰ্দিষ্ট তাৰিখৰ প্ৰতি লক্ষ্য ৰাখি এই শুভ অনুষ্ঠানটো সময়মতে সংঘটিত হোৱাটো নিশ্চিত কৰিবলৈ বিদ্যুৎ, বেটাৰী বা লোহা ভিত্তিক উপাদানৰ ওপৰত নিৰ্ভৰ নকৰাকৈ ১৯টা গিয়াৰৰ জটিল ব্যৱস্থা ৰূপায়ণ কৰা হৈছিল।

জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধান প্ৰতিষ্ঠান বেংগালুৰুস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ’ফিজিক্স (আই আই এ)য়ে চন্দ্ৰ আৰু সৌৰ (গ্ৰেগ’ৰিয়ান) কেলেণ্ডাৰৰ মাজত থকা আপাত বৈষম্যৰ মিলন ঘটাবলৈ এটা সমাধান উদ্ভাৱন কৰিছে। আই আই এৰ সঞ্চালক ড০ অন্নপূৰ্ণি সুব্ৰমণিয়ামে বিশদভাৱে উল্লেখ কৰি কয় যে, ‘সুৰ্য তিলক’ৰ প্ৰতীক সূৰ্যৰ ৰশ্মিয়ে যাতে ৰাম লল্লাৰ মূৰ্তিটোক আনুষ্ঠানিকভাৱে অভিষেক কৰিব পাৰে, তাৰ বাবে এই ব্যৱস্থা প্ৰয়োগ কৰা হৈছিল।

সূৰ্য তিলকৰ ঐতিহাসিক তাৎপৰ্য

উল্লেখ্য যে, ৰাম মন্দিৰত সূৰ্য তিলকৰ অনুষ্ঠানৰ গভীৰ ঐতিহাসিক তাৎপৰ্য আছে, যিটো প্ৰাচীন পৰম্পৰাৰ মাজত গভীৰভাৱে শিপাই আছে। হিন্দু বিশ্বাস অনুসৰি এয়া হৈছে ভগৱান ৰামৰ ওপৰত সূৰ্য দেৱতাৰ আশীৰ্বাদৰ প্ৰতীক। যুগ যুগ ধৰি চলি অহা পৰম্পৰাৰ এই আধুনিক পুনৰুজ্জীৱনে অতীত আৰু বৰ্তমানৰ মাজৰ ব্যৱধান দূৰ কৰে আৰু ভক্তসকলক তেওঁলোকৰ সাংস্কৃতিক শিপাৰ সৈতে সংযোগ প্ৰদান কৰে।

সূৰ্য তিলকৰ সময়ত ভগৱানৰ কপালত সূৰ্যৰ ৰশ্মিৰ প্ৰান্তিককৰণক এক শুভ বাৰ্তা হিচাপে দেখা যায়। বিশ্বাস কৰা হয় যে এই সূৰ্য তিলকে ভক্ত আৰু জাতিৰ বাবে সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনে। বিশ্বব্ৰহ্মাণ্ড আৰু দেৱতাৰ পাৰ্থিৱ ক্ষেত্ৰৰ মাজৰ ঐশ্বৰিক সংযোগৰ ওপৰত আলোকপাত কৰি অপৰিসীম উৎসাহেৰে উদযাপন কৰা হয় এই অনুষ্ঠান।  তদুপৰি ঈশ্বৰ বিশ্বাসীৰ আস্থা আৰু আধ্যাত্মিক ভাৱনাক এক নতুন মাত্ৰা প্ৰদান কৰে এই সূৰ্য তিলকে।

সূৰ্য তিলকৰ প্ৰস্তুতিৰ বাবে পুৰোহিত আৰু পণ্ডিতসকলে নিৰ্দিষ্ট জ্যোতিষৰ সময় গণনা কৰে। এই আকাশী পৰিঘটনাৰ সুবিধাৰ বাবে মন্দিৰৰ স্থাপত্যৰ ডিজাইন কৰা হৈছে। সূৰ্যৰ ৰশ্মি যাতে আহি ৰামৰ মূৰ্তিৰ কপালত পৰে তাৰ বাবে ডিজাইন কৰা হৈছে মন্দিৰৰ স্থাপত্যৰ। এই নিখুঁত পৰিকল্পনাই ভাৰতীয় সংস্কৃতিত আধ্যাত্মিকতা আৰু বিজ্ঞানৰ মাজত থকা সমন্বয়ক যেন প্ৰকট কৰি তুলিছে।

উদ্বোধনী কাৰ্যসূচী

ৰাম মন্দিৰত সূৰ্য তিলকৰ ভব্য অনুষ্ঠানটো আছিল বিশ্বাস আৰু বিজ্ঞানৰ এক সংমিশ্ৰিত ঐতিহাসিক মুহূৰ্ত। ২০২৪ চনৰ ১৭ এপ্ৰিলৰ দুপৰীয়া ঠিক ১২:১৬ বজাত এই ঐশ্বৰিক দৃশ্যৰ সাক্ষী হ’বলৈ ভক্তৰ সমাগমেৰে ভৰি পৰিছিল মন্দিৰ চৌহদ। সূৰ্যৰ কিৰণে ভগৱান শ্ৰী ৰামৰ কপালত প্ৰতীকি তিলক অংকন কৰাৰ লগে লগে বতাহত উথলি উঠে ভক্তিৰ গদগদ ধ্বনি।

শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সদস্য অনিল মিশ্ৰই জনোৱা মতে, এই সূৰ্য তিলকৰ ভৱ্য অনুষ্ঠানটো ভক্তৰ সন্মুখত প্ৰদৰ্শন কৰাৰ বাবে মন্দিৰ ন্যাসৰ তৰফৰ পৰা ১০০টা আৰু চৰকাৰৰ তৰফৰ পৰা ৫০ টা এল ই ডি স্থাপন কৰা হয়। ভক্তসকলে য’তে আছে তাৰ পৰাই যাতেই এই অনুষ্ঠানৰ সাক্ষী হ’ব পাৰে তাৰ বাবে এই এল ই ডি স্থাপন কৰা হয়। ইয়াৰোপৰি সূৰ্য তিলকৰ সময়ত ভক্তসকলক মন্দিৰৰ ভিতৰত প্ৰৱেশৰো অনুমতি প্ৰদান কৰা হয়। 

সাংস্কৃতিক আৰু আধ্যাত্মিক প্ৰতীকবাদ

ৰাম মন্দিৰত থকা সূৰ্য তিলক সাংস্কৃতিক পৰিচয় আৰু আধ্যাত্মিক প্ৰতীকবাদৰ গভীৰ প্ৰকাশৰ প্ৰতীক, ভগৱান ৰামৰ চিৰস্থায়ী উত্তৰাধিকাৰ আৰু  সূৰ্য দেৱতাই তেওঁৰ বংশধৰক দিয়া ঐশ্বৰিক আশীৰ্বাদক সামৰি লৈছে। সহস্ৰাব্দৰ পৰা ভাৰতীয় সভ্যতাক গঢ় দিয়া আধ্যাত্মিক নীতিৰ এক মনোগ্ৰাহী সোঁৱৰণী এই পৰিঘটনা।

দেৱতাৰ কপালত শোভা দি থকা তিলকটোৱে হিন্দু ধৰ্মত গভীৰ আধ্যাত্মিক তাৎপৰ্য্য বহন কৰে, ই তৃতীয় চকুৰ প্ৰতীক, জ্ঞান আৰু চেতনাৰ আসন। সূৰ্য তিলক কেৱল প্ৰতীকবাদৰ বাহিৰলৈ গৈ ভক্তসকলৰ বাবে আধ্যাত্মিক জাগৰণ হিচাপে কাম কৰে, তেওঁলোকৰ বিশ্বাসক পুনৰ দৃঢ় কৰে আৰু সমাজত একেলগে থকাৰ ভাৱনাক উদ্ভাসিত কৰে।

ভাৰতৰ অন্য মন্দিৰৰ সূৰ্য তিলক

বিশ্বাস আৰু আস্থাৰ প্ৰতীক সূৰ্য তিলক অযোধ্যাৰ ৰাম মন্দিৰৰ উপৰিও ভাৰতৰ আন কেইবাটাও মন্দিৰত অনুষ্ঠিত হৈ আহিছে। যাৰ ভিতৰত অন্যতম হৈছে তামিলনাডুৰ সূৰ্যনাৰ কোভিল মন্দিৰ। সূৰ্যৰ প্ৰতি উৎসৰ্গিত ১১-১২ শতিকাৰ এই মন্দিৰটোৰ ডিজাইন এনেদৰে কৰা হৈছে যে বছৰৰ কিছুমান বিশেষ সময়ত সূৰ্যৰ পোহৰ মন্দিৰৰ নিৰ্দিষ্ট বিন্দুৰ সৈতে শাৰী পাতি সূৰ্যনাৰ (সূৰ্য)ৰ ওপৰত পৰে।

একেদৰে অন্ধ্ৰপ্ৰদেশৰ নাগালাপুৰম জিলাৰ নানাৰায়ণস্বামী মন্দিৰত পাঁচ দিনীয়া সূৰ্য পূজা উৎসৱৰ আয়োজন কৰা হয়, য’ত সূৰ্যৰ ৰশ্মি মন্দিৰৰ ওপৰত পৰে আৰু প্ৰতিদিনে পৰ্যায়ক্ৰমে পৰিৱৰ্তন হয়। পাঁচ দিনত সূৰ্যৰ ৰশ্মি ভৰিৰ পৰা গৰ্ভগৃহত বহি থকা ভগৱান বিষ্ণুৰ ‘মৎস্য অৱতাৰ’ৰ প্ৰতিমূৰ্তিৰ নাভিলৈ যাত্ৰা কৰে।

গুজৰাটৰ আহমেদাবাদৰ কোবা জৈন মন্দিৰতো প্ৰতি বছৰে সূৰ্য অভিষেক ঘটে। মন্দিৰত স্থাপিত ভগৱান মহাবীৰাস্বামীৰ মাৰ্বলৰ প্ৰতিমূৰ্তিৰ কপালত সূৰ্যৰ ৰশ্মি দুপৰীয়া ২.০৭ বজাত পোনে পোনে তিনি মিনিটৰ বাবে পৰে। কোবাৰ বাৰ্ষিক অনুষ্ঠানত সমগ্ৰ বিশ্বৰ লাখ লাখ জৈন লোকে অংশগ্ৰহণ কৰে। একেদৰে  মধ্যপ্ৰদেশৰ দতিয়াত অৱস্থিত উনৱ বালাজী সূৰ্য মন্দিৰত সূৰ্য ঈশ্বৰক উৎসৰ্গিত এক উৎসৱৰ আয়োজন কৰা হয়। য’ত ৰাতিপুৱাৰ ভাগত সূৰ্যৰ প্ৰথম ৰশ্মি পোনে পোনে মন্দিৰৰ গৰ্ভগৃহত অৱস্থিত মূৰ্তিটোৰ ওপৰত পৰে।

গুজৰাটৰ একাদশ শতিকাত নিৰ্মিত মধেৰা সূৰ্য মন্দিৰতো একেধৰণৰ অনন্য পৰিঘটনা দেখা যায়, য’ত বছৰত দুবাৰকৈ সূৰ্যৰ ৰশ্মি মন্দিৰত প্ৰৱেশ কৰি সূৰ্য দেৱতাৰ মূৰ্তিৰ ওপৰত পৰে। সূৰ্য দেৱতাক উৎসৰ্গিত ওড়িশাৰ ত্ৰয়োদশ শতিকাৰ মন্দিৰ কোনাৰ্কৰ সূৰ্য মন্দিৰটো সূৰ্যৰ পোহৰত বিশেষকৈ সূৰ্য উদয়ৰ সময়ত মন্দিৰটোক গা ধোৱাৰ বাবে জনাজাত। ইয়াৰ ডিজাইন এনেকুৱা যে সূৰ্যৰ প্ৰথম ৰশ্মিয়ে মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ স্পৰ্শ কৰে, তাৰ পিছত ইয়াৰ বিভিন্ন দুৱাৰেৰে ফিল্টাৰ কৰি ভিতৰৰ ‘চেন্সটাম চেণ্টাৰম’ত পোহৰ পেলায়।

ৰাজস্থানৰ আৰাৱলীৰ ১৫ শতিকাৰ ৰনকপুৰ মন্দিৰ বগা মাৰ্বলৰ দ্বাৰা নিৰ্মিত, ইয়াৰ ভিতৰৰ গৰ্ভ গৃহত সূৰ্যৰ পোহৰ প্ৰৱেশ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। একেদৰে বেংগালুৰুৰ সমীপৱৰ্তী গাৱী গংগাধৰেশ্বৰ মন্দিৰটো ভগৱান শিৱৰ বাবে উৎসৰ্গিত। য'ত প্ৰতি মকৰ সংক্ৰান্তিৰ দিনা সূৰ্যৰ ৰশ্মিয়ে নন্দী মূৰ্তিটো আলোকিত কৰে, তাৰ পিছত শিৱলিংগৰ চৰণত উপনীত হয়, আৰু শেষত সমগ্ৰ মূৰ্তিটো উজ্বলাই তোলে।

বিশ্বাস-অন্ধবিশ্বাসৰ দোমোজাত কোটি কোটি লোক...

ৰাম নৱমীত ৰাম লালাৰ প্ৰতিমূৰ্তিত সূৰ্য তিলক অংকনৰ ঘটনাক একাংশ লোকে অলৌকিক ঘটনা আখ্যা দিয়াও দেখা গৈছে। বহুতেই এয়া সূৰ্যৰ পৰা পোনে পোনে  ৰাম লালাৰ কপালত পোহৰ পৰা বুলিও প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। এনে অপপ্ৰচাৰক লৈ ছ’চিয়েল মিডিয়াত একাংশ লোকে সজাগতামূলক মন্তব্যও কৰা দেখা গৈছে। বিজ্ঞান-প্ৰযুক্তিৰ ব্যৱহাৰ কৰি সাধাৰণ লোকসকলৰ সমুখত এয়া অলৌকিক ঘটনা বুলি প্ৰচাৰ কৰা কাৰ্য বিজ্ঞানৰ পৰিপন্থী বুলি ব্যক্ত কৰিছে বহু সচেতন নেটিজেনে।

ছেৰেনিটি নাও নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, 'আন বহু দেশত এয়া হৈছে বিজ্ঞান মেলাত হাইস্কুল পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰজেক্ট। দাপোণ আৰু লেন্স ব্যৱহাৰ কৰি সূৰ্যৰ পোহৰৰ গতি সলনি কৰাতো তেনেই ভাতৰ লগত পানী খোৱাৰ দৰে সহজ কথা। ইয়াত আচৰিত হ’বলগীয়া একো নাই। আচৰিত কথাটো হ’ল ভাৰতত চৰকাৰী জ্যোতিৰ্পদাৰ্থ বিজ্ঞানীক মন্দিৰৰ কামত লগোৱা হৈছে।’

নিজকে জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী বুলি পৰিচয় দিয়া শ্ৰীহৰ্ষ তেণ্ডুলকাৰ নামৰ নেটিজেন এগৰাকীয়ে লিখিছে, 'আচৰিত কাৰবাৰ! মই নিজেই এগৰাকী জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী। যদিহে আপুনি অশিক্ষিত লোক নহয় তেন্তে ইয়াত গৰ্ব কৰিবলগীয়া একো কথাই নাই। আনকি এই কামত জটিল ছ’ফটৱেৰ জেমেক্স ব্যৱহাৰ কৰাৰো প্ৰয়োজ নাই। সাধাৰণ আলোক বিজ্ঞান ব্যৱহাৰ কৰিয়েই এয়া কৰা হৈছে।’

'মানুহে ইয়াৰ বাবে আইআইএ বাংগালুৰুক ধন্যবাদ দি তত পোৱা নাই। পিছে মই এতিয়া যিখন দেশত আছো তাত পঞ্চম-ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়েও স্কুলৰ প্ৰজেক্টত এয়া কৰি দেখুৱায়।’-এইদৰে টুইট কৰিছে ত্ৰিলোক নামৰ প্ৰবাসী ভাৰতীয় নেটিজেন এগৰাকীয়ে।

অসমোত সিদ্ধাৰ্থ শংকৰ ডেকা নামৰ এগৰাকী ফেচবুক ইউজাৰে লিখিছে, 'কথাটো হ’ল এনেকুৱা যে দেশৰ বিদ্বান মহল হয় মৌন, নহয় সেৱক৷ ছ’চিয়েল মিডিয়াত বেছিভাগেই স্পষ্টকৈ দেখুৱাই দিছে যে এইটো সাধাৰণ পেৰিস্কোপৰ পদ্ধতিৰ বাদে আন একো নহয়। তথাপি প্ৰপ’গাণ্ডা নিৰ্মাণ হৈ গৈছে৷ ইয়াক জগতত নোহোৱা ঘটনা সদৃশ ৰূপ দি প্ৰচণ্ড ধাপ্পাবাজীৰে কাংক্ষিত হোৱাটছএপ বিশ্ববিদ্যালয়ৰ স্নাতক ভোট বেংকক আন এক মাষ্টাৰক্লাছৰ স্বাদ দিয়াৰ বাদে ইয়াত আন উদ্দেশ্য নাই। কিন্তু সমস্যাটো হ’ল Indian Institute of Astrophysicsৰ দৰে প্ৰতিষ্ঠানক ব্যৱহাৰ কৰি আৰু তাৰ মুৰব্বীক প্ৰপাগাণ্ডিষ্ট কৰি দেশৰ উঠি অহা প্ৰজন্মৰ মূৰবোৰ খাই থকা হৈছে৷ তাৰ পৰিণতি কি ভয়াৱহ হ’ব আজি হয়তো বেছিভাগেই ধৰিব নোৱাৰে৷ কিন্তু যিসকলে পাৰিছে তেওঁলোকে নিজৰ সন্তানক এই পৰিকল্পিত আৰু প্ৰণালীবদ্ধ ধাপ্পাবাজীৰপৰা আঁতৰত ৰখাৰ যিকোনো ব্যৱস্থা লোৱাৰ সময় সমাগত।’