ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰবিৰোধী আৰ সমাজবিৰোধী গোটে জনপ্ৰিয় চ’ছিয়েল মিডিয়াৰ অসৎ ব্যৱহাৰ কৰাৰ কাৰণ দৰ্শাই ভাৰত চৰকাৰে সংঘৰ্ষ জৰ্জৰিত কাশ্মীৰত নিষিদ্ধ ঘোষণা কৰিছে ফেচবুক, টুইটাৰ, হোৱাটচএপ, ইউটিউব, স্কাইপ, পিলইণ্টাৰেষ্ট, স্নেপচাট, ফ্লিকাৰ, ভাইন, লাইনকে আদি কৰি মুঠ ২২ টা চ’ছিয়েল মিডিয়া ৱেবচাইট আৰু এপ৷

সন্ত্ৰাসবাদী কূটাঘাট আৰু ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ ৰোধ কৰি ৰাজ্যখনত শান্তি-শৃখলা বজাই ৰখাৰ নামতে এনেদৰে ৰাজ্যখনত এনে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে৷ ৰাজ্যখনত প্ৰায়ে ম’বাইল ফোনৰ নেটৱৰ্ক কাটি দিয়াটো নিত্য-নৈমিত্তিক যদিও প্ৰথমবাৰৰ বাবে এনেদৰে চ’ছিয়েল মিডিয়া নিষিদ্ধ কৰা ঘটনা বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

আল জাজিৰা নামৰ আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমটোত প্ৰকাশ কৰা তথ্য অনুযায়ী বিগত ৫ বছৰত ২৮ বাৰতকৈও অধিক ইণ্টাৰনেট সেৱা বিচ্ছিন্ন কৰি দিয়া হৈছিল কাশ্মীৰ উপত্যকাত৷ ২০১৬ চনত কেবামাহলৈকে এনেদৰে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল ৰাজ্যখনত৷

শেহতীয়া কেতবোৰ অশান্তিকৰ ঘটনাৰ পৰিপ্ৰেক্ষিততে আইন-শৃখলা অটুট ৰখাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি কেন্দ্ৰীয় নিৰ্দেশত উল্লেখ কৰা হৈছে৷ নিৰ্দেশ বাহাল থকালৈকে ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ কথা কোৱা হৈছে যিটো এমাহ বা তাতোকৈ বেছি সময়ো থাকিব পাৰে বুলি উল্লেখ কৰা হৈছে৷

‘চৰকাৰে ৰাজনৈতিক স্বাৰ্থৰ বাবেই এই সিদ্ধান্ত লৈছে৷ সামৰিক পন্থাৰে চৰকাৰে সমস্যাৰ সমাধান বিচৰাটোৱে কোনো কাৰণতে সমাধানৰ বাট দেখুৱাব নোৱাৰে৷’- এই মন্তব্য কৰিছে গুল মহম্মদ ৱানি নামৰ এজন অধ্যাপক তথা ৰাজনৈতিক বিশ্লেষকে৷

উল্লেখ্য যে কাশ্মীৰৰ উপনিৰ্বাচনৰ সময়ত প্ৰতিবাদী কাশ্মীৰি যুৱকে হোৱাটচ এপৰ গ্ৰুপৰ যোগেদি সংগঠিত হোৱাৰ উমান পায়ে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ লোৱা বুলি অনুমান কৰা হৈছে৷