“চন তেতিয়া ১৯৭৯-৮০। অসমত তেতিয়া ভয়ংকৰ পৰিস্থিতি। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত বিদেশী বিতাড়নৰ দাবীৰে সাব্যস্ত হোৱা প্ৰতিবাদে গোটেই অসম জোকাৰি গৈছিল। আন্দোলন দমন কৰিবলৈ গাঁৱে গাঁৱে সেনা আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছিল। বিদেশী খেদা আন্দোলনলৈ সমৰ্থন আগবঢ়োৱা যুৱক-যুৱতীৰ ওপৰত অত্যাচাৰ চলিছিল।"

“১৯৯৭ চনৰ ১০ ডিচেম্বৰত আছুৰ বৰপেটা সমিতিৰ সাধাৰণ সম্পাদক খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হোৱাৰ পিছতে সেনাৰ অত্যাচাৰ বাঢ়িবলৈ ধৰে। সেই সময়ত আন্দোলন দমনৰ নামত সেনাই নিশা বিচনাৰ পৰা উঠাই নি হকে-বিহকে ডেকা সকলক অত্য়াচাৰ কৰিবলৈ আৰম্ভ কৰে।  মোৰ বয়স তেতিয়া ২২-২৩ বছৰ। সেনাৰ অত্যাচাৰৰ বাবে আমাৰ তেতিয়া ৰাতি হ’লে ঘৰত শোৱাৰ পৰিস্থিতিয়েই নাছিল। শৰীৰটো সেনাৰ বন্দুকৰ গাদীৰ কোবত ঘূণীয়া কৰাৰ পৰা বচাবলৈ আমি পাগলাদিয়াৰ পাৰতে ৰাতি পাৰ কৰাৰ ব্যৱস্থা কৰিছিলো। মই আৰু গাঁৱৰ আন ডেকা সকলে পাগলিয়াৰ পাৰত খান্দি লোৱা গাততে ডিচেম্বৰ মহীয়া শীতৰ বহু ৰাতি পাৰ কৰিবলগীয়া হৈছিল। সেই দিনবোৰৰ কথা মনত পৰিলে আজিও বুকু কঁপি উঠে।"

আশীৰ দশকৰ সেই শিঁহৰণকাৰী দিনৰ কথা এইদৰে মনত পেলায় নলবাৰী জিলাৰ পাগলাদিয়াৰ পাৰৰ ৬৫ বৰ্ষীয় কেশৱ শৰ্মাই। বিদেশী বিতাড়নৰ দাবীৰে অসমজুৰি সাব্যস্ত হোৱা সেই আন্দোলনৰ সময়ত সেনাৰ বৰ্বৰ অত্যাচাৰৰ কথা কৈ কৈ আজিও হুমুনিয়াহ কাঢ়ে তেওঁ। তেওঁ কয়, “তৰণী এতিয়া নাই। দুবছৰ আগতে বেমাৰত পৰি ঢুকাল। সেনাৰ অত্যাচাৰৰ দাগ এটা মৰাৰ পৰলৈকে তাৰ পিঠিত থাকি গৈছিল। এদিন ৰাতি ভাতৰ পাতৰ পৰাই তাক তুলি আনি কোবাই কোবাই আধামৰা কৰিছিল। আমাৰ এটা সমস্যা আছিল, আমি হিন্দী ক’ব নাজানো। সিঁহতে হিন্দীত কিবা সুধিলে উত্তৰ দিওতে আমাৰ থতমত লাগে। আৰু তাৰ পিছতে আমি মিছা কৈছো বুলি গুৰুলা গুৰুলকৈ পিটিবলৈ আৰম্ভ কৰে।“

আশীৰ দশকৰ সেই ভয়ংকৰ দিনবোৰৰ দুঃস্মৃতি আজিও অসমৰ প্ৰায় প্ৰতিখন গাঁৱৰ বয়োবৃদ্ধসকলে কঢ়িয়াই ফুৰিছে। সেই দিনবোৰ আঁতৰি যেতিয়া পুনৰ গাঁৱৰ বাট-পথবোৰ মুকলি হৈছিল, তাৰ পিছতহে বহু ডেকাই স্বস্তিৰে উশাহ ল’ব পাৰিছিল। কিন্তু ডেকা চামৰ মাজত অত্যাচাৰৰ বিভীষিকা ইমানতেই মাৰ যোৱা নাছিল!

অসম আন্দোলনৰ পিছতে স্বাধীন অসমৰ দাবীৰে গঠন হোৱা আলফাৰ কেডাৰৰ সন্ধানত পুনৰ গাঁৱে গাঁৱে সেনা-আৰক্ষীৰ অভিযান চলিছিল। পুনৰ এবাৰ বহু গাঁৱত সেনা আৰু আৰক্ষীৰ বৰ্বৰ আক্ৰমণত ঘূণীয়া হ’বলগীয়া হৈছিল পাহোৱাল ডেকা। বিভীষিকাৰ দিনবোৰ আকৌ ঘূৰি আহিছিল। 

তাৰ পিছতে আৰম্ভ হৈছিল গুপ্তহত্যাৰ সেই ক’লা অধ্যায়। ৰাতিটোৰ ভিতৰতে নিৰুদ্দেশ হৈ পৰিছিল বহু চফল যুৱক। আকৌ এবাৰ ৰাজপথত গৰজি উঠিছিল ভাৰতীয় সেনাৰ পদধ্বনি। জীয়াৰী-বোৱাৰী সকলো সাৰি যোৱা নাছিল। মুঠতে বিভীষিকা আকৌ নামিছিল। ১৯৯৯ চনত ফটো সাংবাদিক অনুপম নাথে ব্ৰহ্মপুত্ৰৰ পাৰত মানুহৰ এখন ছিন্ন ভৰি উদ্ধাৰ কৰাৰ পিছতে পোহৰলৈ আহিছিল গুপ্তহত্যাৰ সেই ভয়াবহ কাহিনী। ৰাজ্যত তেতিয়া আছিল প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অসম গণ পৰিষদৰ চৰকাৰ। তদন্তৰ নামত কিছুদিন ভেকোঁভাওনা হৈছিল ঠিকেই, কিন্তু আজিও এই গুপ্তহত্যাৰ আঁৰৰ কোনো এজন অভিযুক্তয়েই শাস্তি লাভ কৰিবলৈ সক্ষম নহ’ল।

দিনবোৰ ঘূৰি আহিছে!

আশীৰ দশকৰ সেনাৰ বৰ্বৰ অত্যাচাৰৰ দিনবোৰ, প্ৰফুল্ল মহন্ত চৰকাৰৰ দিনৰ গুপ্তহত্যাৰ দিনবোৰ আকৌ ঘূৰি আহিছে নেকি? তেনে এক আশংকাৰে আতংকিত হৈ পৰিছে বহু যুৱক-যুৱতী। অপৰাধী সজাই আৰক্ষীয়ে গুলীয়াই ঘূণীয়া কৰা অলেখ ঘটনাই শেহতীয়াকৈ বাতৰিৰ শিৰোণাম দখল কৰাৰ পিছত এতিয়া বহুতেই শংকা ব্যক্ত কৰিছে- যেতিয়াই তেতিয়াই আৰক্ষীয়ে অপৰাধী সজাই এতিয়া এজন নীৰিহ লোককো এনকাউণ্টাৰ কৰিব পাৰে।

মাছ আৰু মাংসৰ এখন সৰু দোকান দি যেনেতেনে চলি থকা বিমল নাথেও ব্যক্ত কৰিছে একেই আশংকা। শেহতীয়াকৈ অসম আৰক্ষীয়ে সংঘটিত কৰা কেইবাটাও এনকাউণ্টাৰক লৈ সন্দেহ ব্যক্ত কৰি যুৱকজনে কৈছে, “এতিয়া আমি এনে এখন অসমত বাস কৰিছো, য’ত আৰক্ষীয়ে নিজৰ অপছন্দৰ যিকোনো এজনৰ ওপৰতে গুলী ফুটাব পাৰে। দোকান বন্ধ কৰি ৰাতি ঘৰলৈ ওভতাৰ পথত ভয় হয়, আৰক্ষীৰ চকুত কোনো কাৰণত ময়ো অপৰাধী হৈ পৰিব পাৰো নেকি, আৰু তাৰ পিছত মোৰো হয়তো ভৰি বা বুকুত গুলী লাগিব পাৰে।“

বহুতেই ক’ব খোজে- অগপ চৰকাৰৰ দিনত গোপনে যুৱকক হত্যা কৰা হৈছিল, কিন্তু এতিয়া মুকলিকৈ হত্যাযজ্ঞ চলাই তাৰ নাম দিয়া হৈছে এনকাউণ্টাৰ। অনেকৰ মতে, অসমত এই এনকাউণ্টাৰ সংস্কৃতি তীব্ৰতৰ হৈ পৰিছে ২০২১ চনৰ মে’ মাহৰ পিছৰ পৰাহে। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে ৰাজ্যত অপৰাধৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈ পৰিছিল। আৰু তাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছিল ড্ৰাগছ ব্যৱসায়ী, গৰু সৰবৰাহকাৰী, ধৰ্ষণকাৰীৰ এনকাউণ্টাৰৰ। 

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত দাবী কৰা মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অৰ্থাত বিগত দুটা বছৰত ৰাজ্যত ১৮৮ টা এনকাউণ্টাৰ বা ভুৱা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। য’ত ৮২ জনৰ মৃত্যু ঘটাৰ বিপৰীতে চিৰদিনৰ বাবে ঘূণীয়া হ’বলগীয়া হৈছে আন বহু কেইজন। বিধায়ক অখিল গগৈৰ মতে, প্ৰথমাৱস্থাত এই এনকাউণ্টাৰৰ জৰিয়তে লক্ষ্য কৰি লোৱা হৈছিল মুছলমানসকলক। সেই সময়ত সাধাৰণ অসমীয়াই চৰকাৰৰ কৃতিত্ব বখানি হাত চাপৰি বজাইছিল। কিন্তু যেতিয়া কীৰ্তিকমল ভূঞা, প্ৰাঞ্জল দাস, বিশ্বজিত্ বৰগোঁহাই দৰে চফল অসমীয়া যুৱকৰ ওপৰতো আৰক্ষীৰ গুলী ফুটিবলৈ আৰম্ভ কৰে, তাৰ পিছতহে অসমীয়া জনতা সন্ত্ৰষ্ট হৈ পৰে।

আলফাৰ লিংকমেন সজাই ৫ যুৱকক এনকাউণ্টাৰ

বিগত এটা মাহত ৰাজ্যত সংঘটিত হৈছে তিনিটাকৈ গ্ৰেণেড আক্ৰমণৰ ঘটনা। প্ৰতিবাৰেই এই আক্ৰমণ সংঘটিত হৈছে সেনা শিৱিৰৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত। আলফা স্বাধীনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰাৰ পিছতে ৰাজ্যজুৰি আলফা স্বাধীনৰ বিৰুদ্ধে ব্য়াপক অভিযান আৰম্ভ কৰে অসম আৰক্ষীয়ে।

প্ৰথমটো গ্ৰেণেড আক্ৰমণ সংঘটিত হৈছিল ২২ নৱেম্বৰত তিনিচুকীয়া জিলাৰ ডিৰাকৰ এটা সেনা শিৱিৰৰ প্ৰৱেশ দ্বাৰৰ বাহিৰত। ইয়াৰ পিছতে ৯ ডিচেম্বৰত শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত ১৪৯ চি আৰ পি এফ শিবিৰৰ সমীপত আৰু শেহতীয়াকৈ  ১৪ ডিচেম্বৰত যোৰহাট জিলাৰ লিচুবাৰী সেনা শিবিৰৰ মূল দুৱাৰৰ সমীপত সংঘটিত হয় গ্ৰেণেড আক্ৰমণৰ ঘটনা। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰাৰ পিছতে আলফা স্বাধীনৰ বিৰুদ্ধে সষ্টম হৈ পৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিং। 

ডিজিপি সিঙে ৰাজহুৱা স্থানত এনে বিস্ফোৰণ সংঘটিত কৰাতকৈ তেওঁক লক্ষ্য কৰি ল’বলৈ আলফা স্বাধীনক প্ৰত্যাহ্বান জনায়। তেওঁ কয়, “মোৰ ঘৰ কাহিলিপাৰাত, অফিচ উলুবাৰীত৷ সাধাৰণ লোকক হাৰাশাস্তি কৰাতকৈ পোনপটীয়াকৈ মোৰ ওচৰলৈ আহক৷ যি সংগঠনে অসমী আইক ভাল পাওঁ বুলি কয়, তেওঁলোকেই আকৌ অসমী আইকে আঘাত কৰে৷”

আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীৰ এই মন্তব্যৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আলফাৰ সৈতে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হয় কেইবাগৰাকীও লোকক। কিন্তু জি পি সিঙৰ প্ৰত্যাহ্বানত জানো ক্ষান্ত হৈ থাকিব আলফা স্বাধীন? পৰেশপন্থী আলফাইও এক বিবৃতি জাৰি কৰি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীক মুকলি প্ৰত্যাহ্বান জনাই বান্ধি দিয়ে দুটা চৰ্ত। আলফা স্বাধীনে জি পি সিঙৰ গাড়ী চালক আৰু নিৰাপত্তাত নিয়োজিত অসম আৰক্ষীক আঁতৰাই চি আৰ পি এফ বা সেনা বাহিনীক ব্যৱহাৰ কৰিবলৈ আৰু গুৱাহাটীত এসপ্তাহ মুকলিকৈ ঘূৰি চাবলৈ প্ৰত্যাহ্বান জনায়।

পৰেশপন্থী আলফা আৰু আৰক্ষী সঞ্চালকপ্ৰধানৰ মাজৰ এই প্ৰত্যাহ্বান-প্ৰতি প্ৰত্যাহ্বানৰ মাজতে ৰাজ্যজুৰি চলি থকিল আলফা দমন অভিযান। এই অভিযানৰে অংশস্বৰূপে তিনিচুকীয়া, কামৰূপ আৰু শিৱসাগৰ জিলাত ৫ গৰাকী চফল অসমীয়া যুৱকৰ বিৰুদ্ধে গৰজি উঠে অসম আৰক্ষীৰ বন্দুক। আৰু তাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

২৩ ডিচেম্বৰৰ সন্ধিয়া তিনিটা ভিন্ন স্থানত সংঘটিত হোৱা এনকাউণ্টাৰত ঘূণীয়া হ’ল মুঠ ৫ গৰাকী অসমীয়া যুৱক। আলফাৰ লিংকমেনৰ সন্দেহত আৰক্ষীয়ে সংঘটিত কৰা এই এনকাউণ্টাৰৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰক্ষীৰ এনকাউণ্টাৰৰ সত্যাসত্যতাক লৈও উত্থাপন হৈছে অলেখ প্ৰশ্নৰ। বিৰোধীৰ লগতে বিভিন্ন দল- সংগঠন আৰু ব্যক্তি বিশেষে এই এনকাউণ্টাৰক কাণ্ডক ভুৱা আখ্যা দি সৰৱ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে। বহুতেই দাবী কৰিছে- অসমত এতিয়া জংঘলৰাজ চলিছে।

তিনিচুকীয়া জিলাত শনিবাৰে নিশা আৰক্ষীৰ এনকাউণ্টাৰৰ বলি হৈছিল তিনি যুৱক বিশ্বজিত্ বৰগোঁহাই, মনোজ বৰগোঁহাই আৰু দ্বীপজ্যোতি নেওগ। শদিয়াৰ নিৱাসী এই তিনি যুৱকেই আছিল অসম ৰাজ্যিক পৰিবহণ নিগমৰ ঠিকাভিত্তিক কৰ্মচাৰী। কিন্তু কিছু মাহ পূৰ্বে পৰিবহণ নিগমৰ ৭০০ কৰ্মচাৰীৰ কৰ্তনৰ সময়ত সংস্থাপন হেৰুৱাবলগীয়া হৈছিল তিনি যুৱকেও। 

শনিবাৰৰ নিশাৰ এনকাউণ্টাৰৰ পিছত তিনি যুৱকক লৈ আৰক্ষী আৰু পৰিয়ালৰ ভিন্ন মতে সন্দিহান কৰি তুলিছে সমগ্ৰ ঘটনা। পৰিয়ালৰ মতে, দ্বীপজ্যোতি, মনোজ আৰু বিশ্বজিত সংস্থাপনহীন হৈ পৰাৰ পিছত মানসিকভাৱে যথষ্ট ভাগি পৰিছিল। মনৰ বেজাৰতে সেইদিনা নিচাসক্ত অৱস্থাত তিনিওজনে পৰিয়াললৈ ফোন কৰি আলফা স্বাধীনত যোগদান কৰিবলৈ যাম বুলি কৈছিল। পিছত যুৱক কেইজনে সঁচাকৈয়ে আলফাত যোগদান কৰিব বুলি শংকিত হৈ পৰিয়ালৰ লোকে আৰক্ষীক এই বিষয়ে অৱগত কৰে।

ইয়াৰ পিছতে আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলায়। অসম ৰাইফলছৰ সহযোগত আৰক্ষীৰ দলটোৱে যুৱক কেইজনক অৰুণাচলৰ খাৰছাংঙৰ পৰা ধৰি আনি শদিয়ালৈ উভতি আহি থকাৰ সময়তে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি তিনিওজনে পলায়ন কৰিবলৈ চেষ্টা কৰা বুলি মন্তব্য কৰে আৰক্ষীয়ে। আৰক্ষীৰ মতে এনে কাৰণতে তেওঁলোকে গুলীচালনা কৰিবলৈ বাধ্য হয়।

ইফালে একে দিনাই শিৱসাগৰতো সংঘটিত হয় এক এনকাউণ্টাৰৰ ঘটনা। ৯ ডিচেম্বৰত জয়সাগৰৰ সেনা শিৱিৰৰ সন্মুখত সংঘটিত গ্ৰেণেড আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পল্লৱ জ্যোতি গগৈ নামৰ এজন যুৱকক। আৰক্ষীৰ মতে, যুৱকজনে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰাত আহত হয় পল্লৱ। 

শনিবাৰৰ দিনটোতে চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰে ৰঙিয়াৰ প্ৰাঞ্জল দাসো। আলফাৰে সম্পৰ্ক থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰাঞ্জলক। পিছত অধিক তথ্যৰ বাবে প্ৰাঞ্জলক ছিপাঝাৰলৈ নি থকাৰ সময়তে বাইহাটা চাৰিআলিৰ শালমাৰাত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় যুৱকজন।

অৱশ্যে এই দাবী আৰক্ষীৰ যদিও প্ৰাঞ্জলৰ পত্নী আৰু মাতৃৰ দাবী ইয়াৰ সম্পূৰ্ণ বিপৰীত। ৰঙিয়া নগৰৰ ৯ নং ৱাৰ্ডৰ শেৱালি পথত ঘৰ প্ৰাঞ্জল দাসৰ। পত্নী আৰু মাতৃৰ মতে, গাখীৰ বিক্ৰী কৰি আৰু কাপোৰ চিলাই কৰি চলি আহিছে তেওঁলোকৰ পৰিয়াল। আলফাৰ সৈতে কোনো ধৰণৰ সম্পৰ্কই প্ৰাঞ্জলৰ নাই বুলি দাবী কৰে মাতৃয়ে। তেওঁলোকৰ মতে, আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টাও কৰা নাছিল যুৱকজনে। 

প্ৰাঞ্জল দাসৰ এনকাউন্টাৰৰ খবৰ শুনাৰ পাচতে ঘৰত উঠে কান্দোনৰ ৰোল। পত্নীৰ মতে আৰক্ষীৰ জিম্মাৰ পৰা পলোৱা নাছিল প্ৰাঞ্জল দাস। সেই সময়ত থানা চৌহদতে আছিল পত্নী, মাতৃসহ সন্তান। ৰঙিয়া তিনিআলিৰ পৰা আৰক্ষীয়ে ধৰি লৈ যোৱা দেখিছিল সকলোৱে। সন্তানৰ বাবে ঔষধ আনিবলৈ ফোন কৰাৰ পাচত ফোন নধৰাত বন্ধুক ফোন কৰি খবৰ লোৱাতহে আৰক্ষীয়ে ধৰি নিয়া বুলি গম পায় পত্নীয়ে।   প্ৰাঞ্জল দাসৰ এনকাউণ্টাৰ ভুৱা বুলি দাবী কৰিছে মাতৃ আৰু পত্নীয়ে। 

আৰক্ষীৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যা যুৱকৰ

৫ যুৱকৰ এনকাউণ্টাৰৰ পিছত আৰক্ষীৰ নিৰ্যাতনৰ বাবেই এজন যুৱকে আত্মহত্যাৰ দৰে পথ বাচি ল’বলগীয়া হোৱা ঘটনাইও এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। আৰক্ষীৰ নিৰ্মম অত্যাচাৰ সহিব নোৱাৰি যোৰহাট জিলাৰ তিতাবৰত চৰম পথ বাছি ল’লে এগৰাকী ২৪ বছৰীয়া যুৱকে। তিতাবৰৰ বিৰিণাশায়েক গাৰিকুৰি গাঁৱত এই ঘটনা সংঘটিত হয়। 

ভুৱা সংঘৰ্ষক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে মঙলবাৰে সংঘটিত এই ঘটনাই এতিয়া সকলোকে হতবাক কৰি তুলিছে। আত্মহত্যা সংঘটিত কৰা যুৱকজনৰ নাম হৈছে দীপাংকৰ গগৈ। প্ৰাপ্ত খবৰ অনুযায়ী যোৰহাটত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত বিগত কিছুদিন ধৰি আৰক্ষীয়ে সোধ-পোছ কৰি আহিছিল দীপাংকৰক। পৰিয়ালৰ লোকসকলে সোধ-পোছৰ নামত আৰক্ষীয়ে যুৱকজনক অত্যাচাৰ চলোৱাৰো অভিযোগ উত্থাপন কৰিছে। 

আত্মহত্যা সংঘটিত কৰা যুৱকজনৰ বায়েকে জনোৱামতে আৰক্ষীয়ে সন্দেহৰ ভিত্তিত সোধ-পোছ আৰম্ভ কৰাৰ পিছৰে পৰা তেওঁ মানসিকভাৱে একপ্ৰকাৰ ভাগি পৰিছিল। যোৱা কিছুদিন ধৰি আৰক্ষীয়ে ঘৰৰ পৰা পুৱাই উঠাই নি নিশা দুই-আঢ়ৈ বজাত ঘৰত থৈ গৈছিল দীপাংকৰক। কোনো তথ্য প্ৰমাণ নোহোৱাকৈ একমাত্ৰ সন্দেহৰ ভিত্তিতে যুৱকজনক এনেদৰে হাৰাশাস্তি কৰি আহিছে বুলিও দাবী কৰে পৰিয়ালৰ লোকসকলৰ লগতে স্থানীয় ৰাইজে। 

উল্লেখ্য যে ৫ বছৰ পূৰ্বে আলফাত যোগদান কৰিবলৈ যোৱাৰ পথত অৰুণাচলত আছাম ৰাইফলছে কৰায়ত্ব কৰিছিল দীপাংকৰক। তেতিয়াৰে পৰা দীপাংকৰ আলফাৰ সৈতে কোনো সম্পৰ্ক নাই বুলিও দাবী কৰে পৰিয়ালৰ লোকসকলে। কিন্তু যোৱা ১৪ ডিচেম্বৰত যোৰহাটৰ লিচুবাৰীস্থিত সেনা ছাউনীৰ সমীপত গ্ৰেনেড বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে উক্ত ঘটনাৰ সৈতে দীপাংকৰ জড়িত থকাৰ সন্দেহ কৰি সোধ-পোছ কৰিবলৈ থানালৈ লৈ যায়। এই ঘটনাৰ পিছতে মানসিকভাৱে ভাগি পৰি মঙলবাৰে পুৱাই ঘৰৰ পৰা ওলাই যায় দীপাংকৰ। পিছত শুই উঠি পৰিয়ালৰ সদস্যসকলে তেওঁক নেদেখি বিচাৰিবলৈ আৰম্ভ কৰাৰ লগতে আৰক্ষীকো খবৰ দিয়ে। অৱশেষত ঘৰৰ পিছফালৰ চাহ বাগিচাৰ কাষত থকা এজোপা গছত চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে পিতৃয়ে। 

পৰৱৰ্তী সময়ত ঘটনাস্থলীত তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীৰ নিৰ্যাতনৰ বলি হৈ এনেদৰে ২৪ বছৰীয়া যুৱকজনে চৰম পথ বাছি ল’বলগীয়া হোৱা ঘটনাই স্থানীয় ৰাইজক ক্ষোভিত কৰি তুলিছে। পৰিয়ালৰ লোকসকলে অভিযোগ কৰা মতে আৰক্ষীয়ে দীপাংকৰৰ মোবাইল ফোন দুটাও লৈ গৈছে যদিও তাত কি আপত্তিজনক তথ্য আছে সেই সম্পৰ্কে জানিবলৈ দিয়া নাই। যদিহে দীপাংকৰৰ বিৰুদ্ধে আৰক্ষীয়ে উত্থাপন কৰা অভিযোগ আৰু সন্দেহৰ উপযুক্ত কোনো প্ৰমাণ দিব নোৱাৰে তেন্তে মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ চমজি নলয় বুলিও আৰক্ষী-প্ৰশাসনক সকীয়াই দিয়ে পৰিয়াল আৰু স্থানীয় ৰাইজে।

এনকাউণ্টাৰৰ নাম দি দুবছৰত হত্যা ৮২ জনক

বিগত তিনিটা দিনত অসম আৰক্ষীয়ে সংঘটিত কৰা সন্দেহজনক এনকাউণ্টাৰে সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিভিন্ন দল-সংগঠনে এই এনকাউণ্টাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এখন সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰীৰ চৰকাৰ আখ্যা দিয়ে৷ অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰি এই এনকাউণ্টাৰ বন্ধ কৰাৰ দাবী জনায়৷ 

অখিল গগৈয়ে কয় ‘এই এনকাউণ্টাৰ বন্ধ কৰা হওক৷ এয়া এটা বিৰোধী দলৰ আৰু বিধায়কৰ দাবী৷ আমি স্পষ্টভাবে এই হত্যাকাণ্ড, এই গুলীচালনা, এই এনকাউণ্টাৰ, এই ভুৱা এনকাউণ্টাৰ আৰু পুলিচৰ জিম্মাত মানুহক মৰাৰ ঘটনা বন্ধ কৰাৰ দাবী জনাইছো৷’ সংবাদমেলত অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এখন হত্যাকাৰীৰ চৰকাৰ বুলি আখ্যা দি হিমন্ত বিশ্ব শৰ্মা আৰু জি পি সিঙে এতিয়ালৈকে ভুৱা এনকাউণ্টাৰ কৰি ৮২ জন মানুহক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

গগৈয়ে আৰু কয় “এনে ১৮৮টা ঘটনা সংঘটিত কৰা হৈছে৷ এতিয়ালৈকে ১৮৮টা এনকাউণ্টাৰ বা ভুৱা এনকাউণ্টাৰ, পুলিচৰ জিম্মাৰ কাণ্ড সংঘটিত হৈছে৷ ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক হিচাপে প্ৰত্যেকবাৰে বিধানসভাত ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছো আৰু প্ৰতিবাদ সাব্যস্ত কৰিছিলো৷ মই বাৰে বাৰে কৈছিলো আইনৰ শাসন আনিব লাগে৷ জংঘলৰাজ বন্ধ হ’ব লাগে৷ প্ৰত্যেকখন অধিবেশনত মই প্লে’কাৰ্ড লৈ প্ৰতিবাদ জনাইছো৷ ভুৱা এনকাউণ্টাৰ বন্ধ কৰিব লাগে৷ তেতিয়া মানুহে আমাৰ কথা গুৰুত্ব দিয়া নাছিল৷ মই যেতিয়া প্ৰশ্ন কৰিছিলো তেতিয়া গৃহ বিভাগৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই মোকে উভতি ধৰিছিল যে মই হেনো সদায়েই ভুৱা এনকাউণ্টাৰৰ ওপৰতে প্ৰশ্ন তুলি থাকো৷ মই প্ৰশ্ন তোলো, কাৰণ এয়া গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত আটাইতকৈ ভয়াবহ আক্ৰমণ৷ ৰাষ্ট্ৰ সন্ত্ৰাসৰ বৰ্বৰতম নিদৰ্শন হৈছে ভুৱা এনকাউণ্টাৰ৷ ভদ্ৰ সমাজে কেতিয়াও এনে বৰ্বৰ ৰাষ্ট্ৰ সন্ত্ৰাসক স্বীকৃতি দিব নোৱাৰে৷” 

অখিল গগৈয়ে লগতে কয়, “যেতিয়া এনে ভুৱা এনকাউণ্টাৰ কৰি মুছলমান মানুহ এজনক হত্যা কৰা হৈছিল, তেতিয়া মানুহবোৰে ফূৰ্তি পাইছিল৷ যেতিয়া আমাৰ বিশ্বজিৎ বৰগোহাঁই, মনোজ বৰগোহাঁই, দ্বীপজ্যোতি নেওগ, পল্লৱজ্যোতি গগৈ, ৰঙিয়াৰ প্ৰাঞ্জল দাস, নগাঁৱৰ কৃতি কমল ভূঞাক আক্ৰমণ কৰা হ’ল তেতিয়াহে অসমীয়া মানুহে মাত মাতিবলৈ আৰম্ভ কৰিছে৷ কিন্তু ৰাইজৰ দলে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এনেদৰে আইন-আদালত অস্বীকাৰ কৰি বে-আইনী আৰু বৰ্বৰভাবে এনেদৰে ৰাষ্ট্ৰ সন্ত্ৰাস নমাই অনা কাণ্ডৰ সদায়েই বিৰোধিতা কৰি আহিছো আৰু বিৰোধিতা কৰি যাম৷”

যদি হিমন্ত বিশ্ব শৰ্মা শুদ্ধ, তেন্তে হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্তৰো কোনো ভুল নাছিল!

এনকাউণ্টাৰৰ ৰাজ্য বুলি ক’লেই এজন সাধাৰণ নাগৰিকৰ মনলৈ অহা ৰাজ্যখনৰ নাম নিশ্চয়কৈ উত্তৰ প্ৰদেশেই হ’ব। বুলডজাৰ আৰু এনকাউণ্টাৰৰ জৰিয়তে অপৰাধ দমনৰ এক নজিৰ গঢ়িবলৈ প্ৰয়াস কৰি আহিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। কিন্তু এতিয়া যোগী ৰাজ্যৰ সেই আদৰ্শকে যেন ৰূপায়ণ কৰিবলৈ চেষ্টা চলোৱা হৈছে অসমতো। বিশেষকৈ ২০২১ চনত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পিছত এনকাউণ্টাৰৰ বাবে অসম আৰক্ষীয়ে লাভ কৰিছে সম্পূৰ্ণ স্বাধীনতা।

কিন্তু আৰম্ভণিৰে পৰাই এই এনকাউণ্টাৰক লৈ বিভিন্নজনে উত্থাপন কৰি আহিছে প্ৰশ্নৰ। বিৰোধীৰ দুৰ্বল স্থিতিৰ মাজতো শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বাৰাম্বাৰ উত্থাপন কৰিছে ভুৱা এনকাউণ্টাৰৰ প্ৰসংগ। এসময়ত এনকাউণ্টাৰেৰে অপৰাধ দমন হৈছে বুলি স্বস্তিৰ নিশ্বাস এৰা বহু সাধাৰণ নাগৰিকেও এতিয়া সন্দেহ ব্যক্ত নকৰা নহয়। 

বিশেষকৈ নগাঁৱত ছাত্ৰ নেতা কীৰ্তিকমল ভূঞাৰ সৈতে সংঘটিত ভুৱা এনকাউণ্টাৰৰ ঘটনাৰ পিছতে চকু মেল খাইছিল বহুতৰ। তাৰ পিছত শেহতীয়াকৈ আলফাৰ সৈতে জড়িত থকাৰ সন্দেহত ৫ যুৱকৰ এনকাউণ্টাৰৰ ঘটনাই ভুৱা এনকাউণ্টাৰৰ প্ৰসংগটো অধিক চৰ্চিত কৰি তোলা পৰিলক্ষিত হৈছে।

কিন্তু আৰক্ষীৰ মতে, এয়া এনকাউণ্টাৰ নহয়। অপৰাধ দমনৰ বাবে আৰু আলফা স্বাধীনমুখী সাম্প্ৰতিক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গ্ৰহণ কৰা এয়া এক পদক্ষেপহে মাথো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাহানিবাই এই এনকাউণ্টাৰ সন্দৰ্ভত বিধানসভাৰ মজিয়াত কৈয়ে থৈছে- “অভিধানত এনকাউণ্টাৰ বুলি কোনো শব্দই নাই।“  

কিন্তু জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে কয়- যদি হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ এই এনকাউণ্টাৰ কেৱল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবেহে, তেন্তে গণশত্ৰু আখ্যা লাভ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু গুপ্তহত্যাৰ নায়কৰূপে অসমীয়াই অভিহিত কৰা প্ৰফুল্ল মহন্তৰ গাতো কোনো ভুল নাছিল। ইয়াৰ বাবে অসমীয়া জনতাই দুয়োগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ওচৰত ক্ষমা খুজিব লাগে।

উল্লেখ্য যে, আলফা বিৰোধী অভিযান চলাই চলাই অসমীয়া যুৱক-যুৱতীৰ মাজত নিধনযজ্ঞ চলাই গণশত্ৰু নাম পাইছিল হিতেশ্বৰ শইকীয়াই। সেইদৰে নব্বৈৰ দশকৰ শেষৰ ফালে আলফা দমনৰ নামত নিশাৰ অন্ধকাৰত অসমীয়া যুৱক-যুৱতীক হত্যা কৰি গুপ্তহত্যাৰ নায়ক হিচাপে লাঞ্চনা-গঞ্ছনা ভুগিবলগীয়া হৈছিল প্ৰফুল্ল কুমাৰ মহন্তইও। জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে কয়, “ক’বলৈ ভাষা নাই। আলফাৰে জড়িত থকাৰ সন্দেহত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ পাচঁজন অসমীয়া যুৱকৰ পিচত এইবাৰ আৰক্ষীৰ নিৰ্যাতনৰ সন্মুখীন হোৱা আন এজন যুৱকৰ আত্মহত্যাৰ বাতৰি আহিল। আলফা দমনৰ নামত অসমীয়া যুৱকৰ ওপৰত নিধনযজ্ঞ চলাবলৈ গৈ হিতেশ্বৰ শইকীয়াই নাম পাইছিল গণশত্ৰু; প্ৰফুল্ল মহন্ত গুপ্তহত্যাৰ নায়ক। আলফা দমনৰ নামত এতিয়া যিবোৰ ঘটিবলৈ ধৰিছে সেয়া পূৰ্বৰ লগত কি পৃথক? পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবেই যদি এতিয়া আৰক্ষীয়ে এইবোৰ কাম কৰিবলগীয়া হৈছে, তেন্তে হিতেশ্বৰ-মহন্তইয়ো পৰিস্থিতিৰ তাগিদাত সেই দমনৰাজ চলাবলগীয়া হৈছিল আৰু তাৰ বাবে তেওঁলোকক গণশত্ৰু; গুপ্তহত্যাৰ চৰ্দাৰ বুলি নিন্দা-গৰিহণাৰে উপচাই দিয়াৰ যুক্তি নাছিল। এতিয়াৰ দমনৰাজক যদি বৈধ আৰু ন্যায়সংগত বুলি সমৰ্থন দিব খোজা হয়, তেন্তে হিতেশ্বৰ-মহন্তৰ ওচৰত আমি পূৰ্বতে দিয়া গৰিহণাসূচক উপাধিৰ বাবে ক্ষমা খোজা উচিত।"